Weather Data Source: wetter Bangalore 14 tage

June 24, 2025 6:43 pm

Home » সম্পাদকীয় » অবৈধ বাংলাদেশী আৰু এন আৰ চি

অবৈধ বাংলাদেশী আৰু এন আৰ চি

যোৱা ৩১ আগষ্টত প্রকাশ হ’ল ৰাষ্ট্রীয় নাগৰিকপঞ্জী চমুকৈ এন আৰ চি৷ উচচতম ন্যায়ালয়ে দিয়া নির্দেশৰ পাছত এন আৰ চি কর্তৃপক্ষই প্রকাশ কৰিলে সম্পূর্ণ এন আৰ চি৷ এই এন আৰ চিৰ পৰা বাদ পৰিল ১৯ লাখৰো অধিক লোক৷ এন আৰ চিত নাম অন্তর্ভুক্ত কৰিবৰ বাবে আৱেদন কৰা ৩ কোটি ৩০ লাখ লোকৰ ভিতৰত ১৯ লাখৰো অধিক লোকৰ নাম এন আৰ চিৰ পৰা বাদ পৰিল৷ এইসকল লোকে এতিয়া বিদেশী ন্যায়াধিকৰণত পুনৰ আৱেদন কৰাৰ সুযোগ লাভ কৰিব৷ কিন্তু এন আৰ চি প্রকাশ হোৱাৰ পাছৰে পৰা দেশৰ ৰাজনীতি উত্তাল হৈ পৰিছে৷ 
শাসকীয় দল বিজেপিৰ মতে এইখন এন আৰ চিত বৃহৎসংখ্যক অবৈধ বিদেশীৰ নাম অন্তর্ভুক্ত হৈছে৷ বিজেপিৰ সুৰতে সুৰ মিলাইছে ৰাজ্যৰ আন বহু দল-সংগঠনে৷ ৰাজ্য চৰকাৰৰ মন্ত্রী-বিধায়কৰ পৰা আৰম্ভ কৰি ৰাজ্যিক বিজেপিৰ সভাপতি, অন্য নেতাসকলে মুকলিভাৱেই প্রকাশ হোৱা এন আৰ চিত ব্যাপক বিসংগতি থকাৰ কথা উল্লেখ কৰাৰ লগতে এন আৰ চিৰ পৰা বহু ভাৰতীয়ৰ নাম বাদ পৰাৰ কথা উল্লেখ কৰিছে৷ এই ক্ষেত্রত বাংলাদেশ সীমামূৰীয়া জিলাসমূহত পুনৰ ২০ শতাংশ আৰু অন্য জিলাসমূহত ১০ শতাংশ পুনৰীক্ষণৰ দাবী তুলিছে শাসকীয় দলটোৱে৷ কিন্তু প্রশ্ন উঠিছে সঁচাকৈয়ে এন আৰ চিত অবৈধ বিদেশীৰ নাম অন্তর্ভুক্ত হৈছেনে? শেহতীয়াকৈ মৰিগাঁও জিলাৰ মিকিৰভেটাৰ তিনি নম্বৰ এন আৰ চি সেৱা কেন্দ্রত বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰা তিনিজন অবৈধ বিদেশীৰ নাম এন আৰ চিত অন্তর্ভুক্ত হোৱাৰ বিষয়টো পোহৰলৈ অহাৰ পাছত এই সন্দেহ অধিক ঘনীভূত হৈ পৰিছে৷ অসমত যে অবৈধ বাংলাদেশী আছে, সেই কথা চৰকাৰী পক্ষই পূর্বৰে পৰাই কৈ আহিছে আৰু সংসদৰ মজিয়াতো চৰকাৰে এই তথ্য দাখিল কৰিছে৷ ইয়াৰ উপৰি অসমৰ পূর্বৰ ৰাজ্যপাল তথা বিভিন্ন চৰকাৰী সংস্থায়ো অবৈধ বাংলাদেশীৰ প্রসংগত বিভিন্ন সময়ত তথ্য সদৰী কৰি আহিছে৷ যোৱা বছৰৰ ৩১ জুলাইত প্রকাশ হোৱা সম্পূর্ণ খচৰাৰ পৰা ৪০ লাখৰো অধিক লোকৰ নাম বাদ পৰিছিল৷ কিন্তু শেহতীয়াকৈ প্রকাশ হোৱা সম্পূর্ণ এন আৰ চিৰ পৰা বাদ পৰা লোকৰ সংখ্যা লক্ষণীয়ভাৱে হ্রাস হ’ল ১৯ লাখলৈ৷ এই ১৯ লাখৰ ভিতৰত কেইবা লাখ ৰাজ্যখনৰ খিলঞ্জীয়া লোকো (বড়ো, কছাৰী, তিৱা, কোঁচ-ৰাজবংশী আদি) আছে৷ এনে ক্ষেত্রত স্বাভাৱিকতেই অবৈধ বিদেশীৰ নাম এন আৰ চিত অন্তর্ভুক্ত হোৱাৰ প্রশ্ন উত্থাপিত হ’ব৷
যোৱা চাৰি বছৰে ৰাজ্যত চলি থকা ১৯৫১ চনৰ এন আৰ চিৰ উন্নীতকৰণ প্রক্রিয়াৰ সৈতে ৰাজ্য চৰকাৰৰ ৫২ হাজাৰৰো অধিক কর্মচাৰী নিয়োজিত থকাৰ লগতে সমগ্র প্রক্রিয়াৰ বাবত প্রায় ১৬০০ কোটি টকা ব্যয় হ’ল৷ সকলোৱে আশা কৰিছিল এখন শুদ্ধ আৰু বিদেশীমুক্ত এন আৰ চি লাভ কৰাৰ৷ খিলঞ্জীয়া লোকৰ অস্তিত্বৰ প্রতি চৰম ভাবুকি কঢ়িয়াই অনা অবৈধ বিদেশীক এন আৰ চিৰ জৰিয়তে চিনাক্ত কৰি খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত কৰাৰ আশা কৰিছিল সকলোৱে৷ কিন্তু সম্পূর্ণ এন আৰ চি প্রকাশ হোৱাৰ পাছত যি দেখা গ’ল ইয়াক লৈ বিভিন্নজনৰ মাজত সন্দেহৰ ভাব উদয় হৈছে৷ বিশেষকৈ মৰিগাঁৱৰ মিকিৰভেটাৰ বিদেশী ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰা তিনিজন অবৈধ বিদেশীৰ নাম এন আৰ চিত অন্তর্ভুক্ত হোৱাৰ পাছত এই সন্দেহৰ ভাব অধিক ঘনীভূত হৈ পৰিছে৷ প্রশ্ন উঠিছে মৰিগাঁৱৰ লেখীয়া ঘটনা ৰাজ্যৰ অন্য প্রান্ততো সংঘটিত হৈছে নেকি? দশকৰ পূর্বে কেন্দ্রীয় চৰকাৰে অবৈধ বাংলাদেশীৰ প্রসংগত সংসদৰ মজিয়াত যি তথ্য দাখিল কৰিছিল সেই অবৈধ বাংলাদেশী প্রকৃততে ক’ত গ’ল? যোৱা সময়ছোৱাত অসমৰ জনসংখ্যা হ্রাস হোৱা নাই৷ বৰঞ্চ বৃদ্ধিহে হৈছে৷ এনে ক্ষেত্রত বৃহৎসংখ্যক অবৈধ বাংলাদেশীয়ে অসম ত্যাগ কৰাৰ প্রশ্ন স্বাভাৱিকতেই উত্থাপিত নহয়৷ তেনেহ’লে এই অবৈধ বাংলাদেশীৰ অস্তিত্ব ক’ত হেৰাই গ’ল৷ এয়া সম্প্রতি এক জটিল সাঁথৰ হৈ পৰিছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি