Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 1:38 pm

Home » আঞ্চলিক » বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড° চুমি কলিতাৰ বিৰুদ্ধে বৌদ্ধিক চৌৰ্য্যবৃত্তিৰ অভিযোগ

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড° চুমি কলিতাৰ বিৰুদ্ধে বৌদ্ধিক চৌৰ্য্যবৃত্তিৰ অভিযোগ

Research Methodology methods and techniques নামৰ  গ্ৰন্থ এটাৰ অধ্যায়ৰ পৰা সৰহ সংখ্যক লেখা নকল কৰি নিজৰ নামত প্ৰকাশ
গুৱাহাটী : বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন মূৰব্বী অধ্যাপিকা তথা বৰ্তমানৰ সহকাৰী অধ্যাপিকা হিচাপে কৰ্মৰত ড° চুমি কলিতাই বৌদ্ধিক চৌৰ্য্যবৃত্তিৰ দৰে নিম্ন কাৰ্যত জড়িত হৈ পৰাৰ অভিযোগ উত্থাপিত হৈছে৷ প্ৰাপ্ত অভিযোগ অনুসৰি তেজপুৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড° ৰঞ্জন কলিতাৰ দ্বাৰা সম্পাদিত ‘গৱেষকৰ হাতপুথি’ (প্ৰথম প্ৰকাশ : ফেব্ৰুৱাৰী ২০১৪ আৰু দ্বিতীয় প্ৰকাশ: মাৰ্চ, ২০১৭, প্ৰকাশন: বান্ধৱ, পাণবজাৰ, গুৱাহাটী ) শীৰ্ষক গ্ৰন্থত ড° চুমি কলিতাই ইংৰাজীত লিখা “টাইপচ অফ ৰিছাৰ্চ” শীৰ্ষক প্ৰবন্ধটো C.R. Kothari & Gaurav Gargৰ Research Methodology methods and techniques” (Third edition: 2014, New Age International Publushers) শীৰ্ষক গ্ৰন্থৰ Research Methodology : An Introduction নামৰ প্ৰথম অধ্যায়টোৰ পৰা সৰহ সংখ্যক লেখা নকল কৰি নিজৰ নামত প্ৰকাশ কৰে৷ 
সাধাৰণ দৃষ্টিত লক্ষ্য কৰিলে দেখা যায় যে মৌলিক লিখনি হিচাপে প্ৰকাশ কৰা লিখনিটোত ড° কলিতাই একন তালিকাকে ধৰি সৰহ সংখ্যক লেখা হুবহু নকল কৰিছে৷ ইয়াৰোপৰি সম্পূৰ্ণ লিখনিখিনি যি Pilgarism Appত সোমাই পৰীক্ষা কৰা হয় তেন্তে তাত প্ৰায় ৮০% মিল থকা বুলি ফলাফল পোৱা যায়৷
উল্লেখ্য যে C.R. Kothari & Gaurav Gargৰ Research Methodology methods and techniques”ৰ পুথিখনত স্পষ্টভাৱে উল্লেখ আছে যে সেই কিতাপৰ কিয়দাংশ ছপা বা অন্য কোনো মাধমতে প্ৰকাশ কৰিব নোৱাৰিব৷ অন্যথাআইনী প্ৰক্ৰিয়া লব বুলি আগতীয়াকৈ সাৱধান বাণী দিয়া আছে ! তৎসত্বেও এনেদৰে আনৰ কিতাপৰ এটা অধ্যায়ৰ পৰা সৰহ সংখ্যক উদ্ধৃতি হুবহু নকল কৰি নিজৰ নামত প্ৰকাশ কৰা কাৰ্যই বৌদ্ধিক সমাজক বাৰুকৈয়ে লজ্জানত কৰিছে৷ তদুপৰি এখন বিশ্ববিদ্যালয়ৰ অধ্যাপিকা হিচাপে কৰ্মৰত ড° কলিতাৰ কাৰ্যৰ দ্বাৰা বিশ্ববিদ্যালয়খনৰ মান-সন্মান যথেষ্টখিনি লাঘৱ কৰিছে বুলি বিভিন্ন মহলে দাবী কৰাৰ লগতে এনে কাৰ্য অতিকৈ নিন্দনীয় আৰু গৰিহণাযোগ্য বুলি শৈক্ষিক মহলে অভিযোগ কৰিছে৷
অধ্যাপিকাগৰাকীৰ এনে কাৰ্যই ইতিমধ্যে সামাজিক মাধ্যম ফেচবুকৰ মজিয়াতো সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ৷ ফেচবুকত বিভিন্নজনে উল্লেখ কৰা অনুসৰি এগৰাকী অধ্যাপিকা হোৱাৰ উপৰিও এগৰাকী পিএইচডি গাইড হিচাপে পিএইচডিৰ কৰ্চ ৱাৰ্কৰ সময়ত গৱেষক ছাত্ৰ/ছাত্ৰীসকলক কুম্ভীলক বৃত্তি কি সেই সম্পৰ্কে জ্ঞান দিবলগীয়া হয়৷ সেয়ে এনে এজন অভিজ্ঞ ব্যক্তিয়ে বৌদ্ধিক চৌৰ্য্যবৃত্তিৰ নিচিনা কাৰ্যত জড়িত হৈ পৰাটো অতিকৈ দূৰ্ভাগ্যজনক ৷ তেওঁ যদি অনুবাদ কৰি নিজৰ নামত চলালেহেঁতেন তথাপিও ইমান আপত্তিৰ থল নাছিল৷ কিন্তু তেওঁ কোঠাৰীৰ ইংৰাজীত লিখা অধ্যায়টোৰ পৰা হুবহু নকল কৰি ইংৰাজীতে নিজৰ নামত প্ৰবন্ধ লিখি ছাত্ৰ-ছাত্ৰীৰ কি উপকাৰ সাধন কৰিব বিচাৰিছে ? তেওঁ প্ৰবন্ধটোৰ শেষত যদিও তিনিখনমান গ্ৰন্থৰ নামোল্লেখ কৰি কৈছে যে, তলত দিয়া গ্ৰন্থসমূহৰ সহায়ত প্ৰবন্ধটো প্ৰস্তুত কৰা হৈছে তাৰ দ্বাৰা এইটো নুসূচায় যে এখন কিতাপৰ পৰা লাইন বাই লাইন কপি কৰি মৌলিক লেখা হিচাপে আন এখন কিতাপত নিজৰ নামত প্ৰকাশ কৰিব পাৰি৷ তেওঁ আনকি গৱেষক ছাত্ৰ-ছাত্ৰীসকলক পূংখানুপুংখ জানিবলৈ গ্ৰন্থ তিনিখন পঢ়িবলৈ নিৰ্দেশ দিছে৷ তেনেক্ষেত্ৰত তেওঁ কি যুক্তিত কোঠাৰীৰ গ্ৰন্থখনৰ পৰা হুবহু নকল কৰি নিজৰ নামত প্ৰবন্ধ প্ৰকাশ কৰিলে? কি যুক্তিত তেওঁ প্ৰবন্ধটো নিজৰ মৌলিক সৃষ্টি হিচাপে প্ৰকাশ কৰিলে?

মন কৰিবলগীয়া যে এই বাতৰি সন্দৰ্ভত ড° চুমি কলিতাৰ পৰা কোনো ধৰণৰ মন্তব্য গ্ৰহণ কৰা হোৱা নাই যদিও ছ’চিয়েল মিডিয়া ফেচবুকত নিজৰ মতামত স্পষ্ট কৰা পৰিলক্ষিত হৈছে৷ ড°কলিতাই ফেচবুকত এই বাতৰি সন্দৰ্ভত তেওঁৰ অধিবক্তাই নতুন কোনো মতামত আগ নবঢ়াবলৈ পৰামৰ্শ দিয়া বুলি উল্লেখ কৰাৰ লগতে পৰোক্ষভাৱে মানহানিৰ গোচৰ তৰাৰ দৰে এক ভাবুকিস্বৰূপ নিজৰ মতামত প্ৰকাশ কৰে৷ মূলতঃ এনে কাৰ্যৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ লগতে মূল পুথি Research Methodology methods and techniques”ৰ প্ৰকাশক গোষ্ঠীয়ে কিবা ব্যৱস্থা লয় নে নলয় সেয়া হ’ব লক্ষণীয়৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি