|

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড° চুমি কলিতাৰ বিৰুদ্ধে বৌদ্ধিক চৌৰ্য্যবৃত্তিৰ অভিযোগ

Research Methodology methods and techniques নামৰ  গ্ৰন্থ এটাৰ অধ্যায়ৰ পৰা সৰহ সংখ্যক লেখা নকল কৰি নিজৰ নামত প্ৰকাশ গুৱাহাটী : বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন মূৰব্বী অধ্যাপিকা তথা বৰ্তমানৰ সহকাৰী অধ্যাপিকা হিচাপে কৰ্মৰত ড° চুমি কলিতাই বৌদ্ধিক চৌৰ্য্যবৃত্তিৰ দৰে নিম্ন কাৰ্যত জড়িত হৈ পৰাৰ অভিযোগ উত্থাপিত হৈছে৷ প্ৰাপ্ত অভিযোগ অনুসৰি তেজপুৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড° ৰঞ্জন কলিতাৰ দ্বাৰা সম্পাদিত ‘গৱেষকৰ হাতপুথি’ (প্ৰথম প্ৰকাশ : ফেব্ৰুৱাৰী ২০১৪ আৰু দ্বিতীয় প্ৰকাশ: মাৰ্চ, ২০১৭, প্ৰকাশন: বান্ধৱ, পাণবজাৰ, গুৱাহাটী ) শীৰ্ষক গ্ৰন্থত ড° চুমি কলিতাই ইংৰাজীত লিখা “টাইপচ অফ ৰিছাৰ্চ” শীৰ্ষক প্ৰবন্ধটো C.R. Kothari & Gaurav Gargৰ Research Methodology methods and techniques” (Third edition: 2014, New Age International Publushers) শীৰ্ষক গ্ৰন্থৰ Research Methodology