Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 9:49 am

Home » আঞ্চলিক » অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী ২০১৯ লৈ ‘অসম নাগৰিক সমাজ’ৰ আদৰণি

অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী ২০১৯ লৈ ‘অসম নাগৰিক সমাজ’ৰ আদৰণি

গুৱাহাটী : মাত্ৰ দুটা দিনৰ পিছতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশ পাব৷ তাত কিমান মানুহৰ নাম থাকিব আৰু তাৰ পৰা কিমান মানুহৰ নাম বাদ পৰিব- সেই বিষয়ে ইতিমধ্যে মানুহৰ মাজত নানা জল্পনা-কল্পনা আৰম্ভ হৈছে৷ চাবলৈ গ’লে, আজি একবিংশ শতিকাত এনে এখন নাগৰিক পঞ্জী প্ৰস্তুত কৰাটো এফালৰ পৰা এক নোহোৱা- নোপজা কথা৷ কিন্তু অসমত কিয় এনে এখন নাগৰিক পঞ্জী প্ৰস্তুত কৰিবলগীয়া হ’ল তাৰ এক ঐতিহাসিক পটভূমি আছে৷ 
আৰ্থ-সামাজিক, ৰাজনৈতিক আৰু অন্যান্য কাৰণত চুবুৰীয়া অঞ্চলৰ পৰা দেশ বিভাজনৰ আগতে আৰু পিছতো অসমলৈ বুজন সংখ্যক লোকৰ প্ৰব্ৰজন হোৱাটো এক ঐতিহাসিক সত্য৷ বাহিৰৰ মানুহ আহি অসমত আগৰে পৰা বসতি কৰি থকা মানুহখিনিৰ অস্তিত্বই বিপন্ন কৰি পেলাব পাৰে বুলি অসমীয়া মানুহৰ মাজত এক শংকা গা কৰি উঠিছিল আৰু তাৰেই বহিৰ্প্ৰকাশ আছিল ছবছৰীয়া অসম আন্দোলনটো৷ অসমত কিমান বিদেশী আছে, সেইলৈ এতিয়ালৈকে ‘নানা মুনিৰ নানা মত’ তত্ত্ব চলি আছিল৷ কোন বিদেশী, কোন স্বদেশী সেইটো নিৰ্ধাৰণ কৰাৰ কোনো সৰ্বসন্মত মাপকাঠী ওলোৱা নাছিল৷ কিন্তু অসম চুক্তিৰ ফলত প্ৰথমবাৰৰ বাবে আমি তেনে মাপকাঠী এটা পালোঁ৷ সকলোৱেই মানি ল’লে যে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অসমত সোমোৱা সকলো মানুহকে বিদেশী বুলি ঘোষণা কৰিব লাগে৷

কোন স্বদেশী, কোন বিদেশী চিনি উলিয়াবলৈ অসমীয়া ৰাইজৰ জনমতৰ আধাৰত চৰকাৰী বিধিপথালি অতিক্ৰমি ১৯৫১ চনৰ নাগৰিক পঞ্জীক ভিত্তি হিচাপে লৈ অসমৰ প্ৰকৃত বাসিন্দা সকলৰ তালিকা এখন প্ৰস্তুত কৰা প্ৰক্ৰিয়াটো আৰম্ভ হ’ল৷ কামটো আশানুৰূপভাৱে আগনবঢ়া দেখি, সময়ত ভাৰতৰ উচ্চতম ন্যায়ালয়ে ইয়াত হস্তক্ষেপ কৰিবলৈ বাধ্য হ’ল৷ উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ আৰু প্ৰত্যক্ষ তদাৰকীৰ কাৰণেই এতিয়া ৩১ আগষ্টৰ দিনা অসমৰ সংশোধিত চূড়ান্ত নাগৰিক পঞ্জী প্ৰকাশৰ পথ প্ৰশস্ত হৈছে৷ এই মুহূৰ্তত দুটা পক্ষই এন আৰ চিখনৰ বিৰোধিতা কৰিছে৷ এটা পক্ষই ২১ শতিকাত এনে তালিকা এখন প্ৰস্তুত কৰাটোৱেই এক অমানবীয় আৰু বহিৰাগত বিদ্বেষী কাৰ্য বুলি অভিহিত কৰিব বিচাৰিছে৷ এওঁলোকৰ লগত এটা দেশীয় আৰু আন্তৰ্জাতিক মহলো জড়িতহৈ আছে৷ বিদেশী নাগৰিক সমস্যাই অসমৰ সমাজ জীৱনত ইমান দিনে কি জটিলতা আৰু উত্তেজনাৰ সৃষ্টি কৰি আহিছে, অসমীয়া মানুহৰ মনত কি শংকাৰ জন্ম দিছে আৰু ৰাজ্যখনত বাস কৰা এচাম ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুক ই কি অনিশ্চয়তাৰ মাজত ৰাখিছে, সেই বিষয়ে এওঁলোক হয় অৱগত নহয়, নহয় তেওঁলোকৰ কিবা উদ্দেশ্য প্ৰণোদিত স্বাৰ্থ আছে৷

আনহাতে অইন এটা পক্ষই ইতিমধ্যে প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অজস্ৰ বিদেশী লোকৰ নাম সোমাইছে বুলি অভিযোগ তুলি নাগৰিক পঞ্জীখনকে নস্যাৎ কৰিবলৈ উঠি-পৰি লাগিছে৷ তেওঁলোকে গোটেই প্ৰক্ৰিয়াটোকে অসাৰ প্ৰতিপন্ন কৰিব বিচাৰিছে৷ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুত কৰোঁতে, বিশেষকৈ দাবী আৰু অভিযোগ পৰ্বত মানুহৰ হাৰাশাস্তি নাই হোৱা বুলি কোনেও কোৱা নাই৷ হয়তো এই ক্ষেত্ৰত অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী কৰ্তৃত্বই অধিক সতৰ্কতা আৰু সাৱধানতা অৱলম্বন কৰা উচিত আছিল৷ ঠিক একেদৰে প্ৰকাশ পাবলগীয়া নাগৰিক পঞ্জীখনত কোনো ভ্ৰান্তি নাথাকিব বুলিও কোনেও কোৱা নাই৷ পিছে, থাকিবলগীয়া মানুহৰ নাম নথকা আৰু নাথাকিবলগীয়া মানুহৰ নাম অন্তৰ্ভুক্ত হোৱাটোৰ শুধৰণি কৰিব লাগিব সম্পূৰ্ণ আইনী প্ৰক্ৰিয়াৰ দ্বাৰা৷ কিন্তু, কিছু খেলি-মেলি থাকিব পাৰে বুলিয়ে এন আৰ চিখন নস্যাৎ কৰাটো হ’ব অসমত বিভাজনৰ ৰাজনীতি চিৰস্থায়ী কৰাৰ এক ষড়যন্ত্ৰ৷ সেয়ে আমি অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী ২০১৯ খনক এতিয়াৰে পৰা অসমত থকা ভাৰতীয় নাগৰিকৰ প্ৰাথমিক তথ্যপঞ্জী হিচাপে গণ্য কৰাটো বিচাৰোঁ৷

আমি লগতে এইটোও কওঁ যে যিখিনি মানুহৰ নাম এন আৰ চিত নাথাকিব, তেওঁলোকৰ যাতে কোনো মানৱাধিকাৰ ভংগ নহয় তাৰ প্ৰতিও সকলোৱে মনোযোগ দিব লাগিব৷ এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ পিছত উত্তেজনাৰ বশৱৰ্তী হৈ কোনেও যাতে সামাজিক শান্তি বিঘ্নিত কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ জনসাধাৰণলৈ আমি গোহাৰি জনাইছোঁ৷ এই ক্ষেত্ৰত চৰকাৰ আৰু প্ৰশাসনো সতৰ্ক হৈ থাকিব লাগিব৷

ভাৰতৰ সংবিধানৰ পৰা জম্মু কাশ্মীৰৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা ৩৭০ ধাৰা বাতিল কৰাকলৈ ৰাজ্যখনৰ, বিশেষকৈ কাশ্মীৰত যি পৰিস্থিতিৰ সৃষ্টি হৈছে সেই বিষয়ে আমি অতি উদ্বিগ্ন৷ সংবিধানৰ পৰা ৩৭০ ধাৰা বিলোপ কৰিব লাগে নে নালাগে সি এক বিতৰ্কিত বিষয়৷ কিন্তু জম্মু কাশ্মীৰ বিধানসভা অচলহৈ থকা সময়ত, কাশ্মীৰী জনসাধাৰণৰ মতামত নোলোৱাকৈ কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ এক পক্ষীয়ভাবে সিদ্ধান্ত লৈ ৰাজ্যখনক তিনিটা অংশত ভাগ কৰি, এখন পূৰ্ণ পৰ্যায়ৰ ৰাজ্যক কেন্দ্ৰীয় শাসিত ৰাজ্যলৈ অধোনমিত কৰাটো কোনো পধ্যেই সমৰ্থনযোগ্য নহয়৷ আমি কাশ্মীৰী জনসাধাৰণক আস্থাতলৈ কাশ্মীৰ সমস্যাৰ স্থায়ী সমাধানৰ পোষকতা কৰোঁ৷ কিন্তু, কাশ্মীৰত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বিৰুদ্ধাচাৰণ কৰোঁ৷

অসম নাগৰিক সমাজে আদিৰে পৰা সকলো ধৰণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বিৰোধিতা কৰি আহিছে৷ কিন্তু ৩৭০ ধাৰা বিলোপ কৰাৰ নামত কাশ্মীৰৰ ৰাজনৈতিক নেতা সকলক গৃহবন্দী কৰি ৰখা,ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিৰোধী ৰাজনৈতিক নেতা সকলৰ ৰাজ্যখনত প্ৰৱেশ নিষেধ কৰা, তাৰ জনসাধাৰণৰ নাগৰিক অধিকাৰ খৰ্ব কৰা আৰু বাতৰি কাকতৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা কাৰ্যৰ আমি কেতিয়াও সমৰ্থন কৰিব নোৱাৰোঁ৷ সেয়েহে, কাশ্মীৰৰ জনসাধাৰণক আস্থাত লৈ অঞ্চলটোলৈ শীঘ্ৰে স্বাভাৱিক অৱস্থা ঘূৰাই আনিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত অসম নাগৰিক সমাজে দাবী জনায়৷

হৰেকৃষ্ণ ডেকা, সভাপতি
অজিত কুমাৰ ভূঞা, কাৰ্যকৰী সভাপতি
প্ৰশান্ত ৰাজগুৰু, উপ সভাপতি
পৰেশ মালাকাৰ, সাধাৰণ সম্পাদক
অখিল ৰঞ্জন দত্ত, যুটীয়া সম্পাদক
অসম নাগৰিক সমাজ

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি