Weather Data Source: wetter Bangalore 14 tage

June 24, 2025 7:49 pm

Home » অন্যান্য » অর্থনীতি » ব্যৱসায়-বাণিজ্য » ১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব বেংকৰ নিয়ম

১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব বেংকৰ নিয়ম

অহা ১ ছেপ্টেম্বৰৰ পৰা বেংকৰ কেতবোৰ নিয়ম সলনি হ’ব, যাৰ প্ৰভাৱ আপোনাৰ দৈনন্দিন জীৱনত পোনপটীয়াভাৱে পৰিব। কোনো বেংকে যদি ঘৰ কিনিবলৈ সুবিধা প্ৰদান কৰিছে, কোনোটোৱে আকৌ সময় সলনি কৰিব পাৰে। ভাৰতীয় ষ্টেট বেংকৰ হোম লোণ সুলভ হ’ব, যাৰ প্ৰভাৱ আপোনাৰ পকেটত পোনপটীয়াভাৱে পৰিব। 
আহক বেংকৰ সলনি হ’বলগীয়া নিয়মসমূহৰ বিষয়ে জানো :
৫৯ মিনিটত হোম, অটো, পাৰ্ছনেল লোণ এই উৎসৱৰ বতৰত চৰকাৰী বেংকৰ পৰা ৫৯ মিনিটত হোম লোণ, অটো লোণ আৰু পাৰ্ছনেল লোণ লোৱাৰ সুবিধা আৰম্ভ হ’ব পাৰে। কেইবাটাও বেংকে ১ ছেপ্টেম্বৰৰ পৰা গ্ৰাহকৰ বাবে নতুন সুবিধা আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে। অৰিয়েণ্টেল বেংক অৱ কমাৰ্চেও ‘psbloansin59minutes’ৰ জৰিয়তে এই সুবিধা আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে।
SBIৰ গ্ৰাহকে RLLRত পাব হোম লোণ ১ ছেপ্টেম্বৰৰ পৰা ভাৰতীয় ষ্টেট বেংকে গ্ৰাহকৰ বাবে হোম লোণ লৈ ঘৰ কিনাটো সহজ হৈ পৰিব। আচলতে, SBIৰ ৰেপ’ লিংকড লেণ্ডিং ৰেট (RLLR)–এ হোম লোণ ইণ্ডাষ্ট্ৰীৰ পেটাৰ্ন সলনি কৰিছে। SBI–এ হোম লোণৰ সুদত ০.২০ শতাংশ কৰ্তন কৰিছে। ১ ছেপ্টেম্বৰৰ পৰা হোম লোণৰ সুদ ৮.০৫ শতাংশ হ’ব।
১৫ দিনত বেংকে জাৰি কৰিব কিষাণ ক্ৰেডিট কাৰ্ড (KCC) ১ ছেপ্টেম্বৰৰ পৰা কিষাণ ক্ৰেডিট কাৰ্ড (KCC) বনোৱা আৰু সহজ হৈ পৰিব। সৰ্বাধিক ১৫ দিনৰ ভিতৰত বেংকে কিষাণ ক্ৰেডিট কাৰ্ড জাৰি কৰিব লাগিব। কেন্দ্ৰীয় চৰকাৰে কৃষকক সকাহ দিবলৈ ১৫ দিনৰ ভিতৰত কিষাণ ক্ৰেডিট কাৰ্ড জাৰি কৰাৰ নিৰ্দেশ দিছে বেংকসমূহক। বেংক অৱ মহাৰাষ্ট্ৰয়ো কাৰ্যকৰী কৰিব নতুন সুদৰ হাৰ ৰাজহুৱা খণ্ডৰ বেংক অৱ মহাৰাষ্ট্ৰই দেওবাৰে কয় যে বেংকটোৱে নিজৰ ৰিটেইল লোণ ৰেপ’ ৰেটৰ সৈতে সংলগ্ন কৰিব। ইয়াৰ ফলত লোণ সুলভ হ’ব। ৰেপ’ ৰেটৰ সৈতে লোণৰ সুদ সংলগ্ন হোৱাৰ পিছত ৰেপ’ ৰেটত RBIৰ দ্বাৰা যেতিয়া সালসলনি হ’ব, লোণৰ সুদৰ হাৰো সালসলনি হ’ব।
১ ছেপ্টেম্বৰৰ পৰা বন্ধ হৈ যাব আপোনাৰ মোবাইল ৱালেট যদি আপুনি পে’টিএম, ফোন পে’, গুগল পে’ৰ দৰে মোবাইল ৱালেটৰ ব্যৱহাৰ কৰে, তেন্তে ৩১ আগষ্টৰ ভিতৰত ইয়াৰ KYC পূৰণ কৰক। কে ৱাই চি পূৰণ নকৰিলে ১ ছেপ্টেম্বৰৰ পৰা আপোনাৰ মোবাইল ৱালেটে কাম কৰা বন্ধ কৰিব। ভাৰতীয় ৰিজাৰ্ভ বেংকে এই মোবাইল ৱালেট কোম্পানীসমূহক নিজৰ গ্ৰাহকৰ কে ৱাই চি পূৰণ কৰাবৰ বাবে ৩১ আগষ্টলৈ সময়সীমা বান্ধি দিছিল।
SBI–এ হ্ৰাস কৰিলে ফিক্সড ডিপ’জিটৰ সুদৰ হাৰ দেশৰ সৰ্ববৃহৎ বেংক SBI–এ ৰিটেইল ফিক্সড ডিপ’জিট আৰু বাল্ক ডিপ’জিটৰ সুদৰ হাৰ হ্ৰাস কৰিছে। ৰিটেইল টাৰ্ম ডিপ’জিটৰ সুদৰ হাৰ ০.১ শতাংশৰ পৰা ০.৫ শতাংশ কৰা হৈছে। বাল্ক ডিপ’জিটৰ হাৰ ০.৩ শতাংশৰ পৰা ০.৭ শতাংশ কৰা হৈছে।
সলনি হ’ব পাৰে বেংক খোলাৰ সময় সাধাৰণতে সকলো ৰাজহুৱা খণ্ডৰ বেংক পুৱা ১০ বজাত খোলা হয় আৰু গ্ৰাহকে বেংকৰ কামৰ বাবে ১০ বজালৈ অপেক্ষা কৰিবলগীয়া হয়। কিন্তু এতিয়া বেংক খোলাৰ সময় সলনি হ’ব পাৰে। যদি এনেকুৱা হয় তেন্তে গ্ৰাহকৰ কষ্ট কিছু পৰিমাণে লাঘৱ হ’ব। কাৰ্যালয়লৈ যোৱাৰ পূৰ্বে বেংকৰ কাম সম্পূৰ্ণ কৰিব পাৰিব গ্ৰাহকে। এই নিয়ম ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ’ব। যদি এই নিয়ম কাৰ্যকৰী হয় তেন্তে বেংকসমূহ পুৱা ৯ বজাত খোলা হ’ব। কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ৰ বেংকিং ডিভিজনে সকলো চৰকাৰী আৰু আঞ্চলিক গ্ৰামীণ বেংকক পূৱা ৯ বজাত খোলাৰ প্ৰস্তাৱ দিছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি