Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 11:09 am

Home » আঞ্চলিক » শান্তি-শৃংখলা ৰক্ষাৰ বাবে শিলাদিত্যৰ দৰে নেতাক গ্ৰেপ্তাৰ কৰক : কৃষক মুক্তি-ছাত্ৰ মুক্তি

শান্তি-শৃংখলা ৰক্ষাৰ বাবে শিলাদিত্যৰ দৰে নেতাক গ্ৰেপ্তাৰ কৰক : কৃষক মুক্তি-ছাত্ৰ মুক্তি

বৰপেটা : মহামান্য উচ্চতম ন্যায়ালয়ৰ তত্ত্বাবধানত প্ৰস্তুত হৈ থকা এন আৰ চিৰ চূড়ান্ত তালিকা ৩১ আগষ্ট তাৰিখে প্ৰকাশৰ পিছত যাতে অসমত কোনো ধৰণৰ শান্তি-শৃংখলাজনিত সমস্যাৰ সৃষ্টি নহয় তাৰ বাবে ৰাইজক শান্তি-সম্প্ৰীতি আৰু শৃংখলা ৰক্ষাৰ আহ্বান জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। 
আজি বৰপেটাৰ কলগাছিয়াত সাংবাদিকৰে হোৱা বাৰ্তালাভত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এন আৰ চি প্ৰকাশৰ আগে-পিছে অসমত যাতে কোনো ধৰণৰ শান্তি-সম্প্ৰীতি বিনষ্ট নহয় তাৰ বাবে বিজেপি বিধায়ক শিলাদিত্য দেৱৰ দৰে নেতাক গ্ৰেপ্তাৰ কৰাৰো দাবী জনায়। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামে এই প্ৰসংগত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় “, এক শুদ্ধ NRC কৃষক মুক্তি-ছাত্ৰ মুক্তিৰ জাতীয় স্বপ্ন। 
এক শুদ্ধ NRC য়েহে অসমৰ সমাজ আৰু ৰাজনীতি উত্তাল কৰি ৰখা দীৰ্ঘদিনীয়া বিদেশী সমস্যাটোৰ এক স্থায়ী সমাধানৰ বাট মুকলি কৰিব আৰু অৱশেষত বহু জল্পনা-কল্পনাৰ অন্তত ৩১ আগষ্ট তাৰিখে এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশ হব। কিন্তু এতিয়াও একাংশ দল-সংগঠন বিশেষকৈ বিজেপি দল-চৰকাৰ আৰু সংঘ পৰিবাৰৰ লোকে এন আৰ চি সম্পৰ্কে বিভিন্ন মিথ্যাচাৰ আৰু অপ-প্ৰচাৰ কৰি সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰি সমাজত অশান্তি আৰু বিশৃংখলা সৃষ্টি কৰিব বিচাৰিছে। এটা বিশেষ সম্প্ৰদায়ৰ লাখ লাখ বিদেশী লোকৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হৈছে বুলি মিথ্যাচাৰ আৰু অপ-প্ৰচাৰ কৰি মহামান্য উচ্চতম ন্যায়ালয়ৰ ত্বত্তাৱধানত প্ৰস্তত হোৱা এন আৰ চিৰ গ্রহণযোগ্যতাক সন্দেহৰ মাজলৈ ঠেলি দিব বিচাৰিছে। 
গতিকে ৰাইজক এনে অপ-প্ৰচাৰত ভুল নাযাবলৈ আহ্বান জনোৱাৰ লগতে সকলোকে শান্তি-সম্প্ৰীতি আৰু শৃংখলা অটুট ৰাখিবলৈ আহ্বান জনালো। চৰকাৰ, প্ৰশাসন আৰু আৰক্ষীকো শান্তি-শৃংখলা অটুট ৰখাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনালো। শান্তি-শৃংখলা অটুট ৰখাৰ বাবে চৰকাৰ আৰু প্ৰশাসনে এন আৰ চিক লৈ অহৰহ মিথ্যাচাৰ, অপ-প্ৰচাৰ আৰু সাম্প্ৰদায়িক বক্তব্যৰে এন আৰ চিক নসাৎ কৰিব বিচৰা বিজেপি বিধায়ক শিলাদিত্যৰ দৰে লোকক গ্ৰেপ্তাৰ কৰাৰ বাবে দাবী জনায়।

এন আৰচিৰ পৰা হয়তো একাংশ প্ৰকৃত ভাৰতীয় লোকৰ নামো বাদ পৰিব পাৰে। কিন্ত্ত এন আৰচিৰ পৰা বাদ পৰিলেই কোনো লোক বিদেশী নহয়। বাদ পৰা সকলো লোকে পুনৰ নাগৰিকত্ব প্ৰমাণৰ বাবে বিদেশী নায়াধীকৰণত সুবিধা পাব। বাদ পৰা প্ৰকৃত ভাৰতীয় নাগৰিকসকলক সকলো প্ৰকাৰে সহায়-সহযোগিতা কৰিব বুলিও কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আশ্বাস দিয়ে। সেয়েহে এন আৰ চিৰ পৰা বাদ পৰিলেও কোনো লোকেই যাতে আতংকিত নহয়, আত্মহননৰ দৰে চৰম পন্থা হাতত নলয় তাৰ বাবেও সকলোকে আহ্বান জনায়। সংবাদিকৰে হোৱা বাৰ্তালাভৰ সময়ত ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামক বৰপেটা জিলা ছাত্ৰ মুক্তিৰ উপ-সভাপতি শ্বাহনুৰ ইছলামৰ লগতে কেইবাজনো কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ নেতা-কৰ্মীয়ে সংগ দিয়ে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি