Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 3:11 am

Home » আঞ্চলিক » ভিক্ষাৰীৰ ঘৰৰ পৰা চুৰি হ’ল এন আৰ চিৰ নথি

ভিক্ষাৰীৰ ঘৰৰ পৰা চুৰি হ’ল এন আৰ চিৰ নথি

বৰপেটা : বৰপেটা জিলাৰ তাৰাবাৰী থানাৰ অন্তৰ্গত ফুলবাৰী গাঁৱত সংগঠিত হৈছে এক চুৰি ঘটনা। এজন মগনীয়াৰ ঘৰত চুৰ সোমাই লুটি নিলে কিছু ধন, ৰূপৰ গহনাৰ লগতে এন আৰ চি কে ধৰি অন্যান্য বহু গুৰুত্বপূৰ্ণ নথি। ঘটনা বিৱৰণী মতে শুকুৰ খন্দকাৰ আৰু ছালেহা বেগমৰ ফুলবাৰীস্থিত বাসভৱনৰ দক্ষিণ ভেটিত থকা ঘৰৰ পৰা যোৱা ২৫ আগষ্ট তাৰিখে শেষ নিশা মানত কোনো অচিনাক্ত চোৰে দৰ্জা খোলা থকাৰ সুবিধা গ্ৰহণ কৰি বস্তু সমূহ লুটি লৈ যায়। ঘৰৰ ভিতৰত থকা কাঠৰ টেবুলটো চোৰে দাঙি নি কোনো অজ্ঞাত ঠাইত লৈ যায় যদিও বৰ্তমানলৈও টেবুলটো উদ্ধাৰ হোৱা নাই। 
এই সন্দৰ্ভত ভুক্তভোগী পৰিয়ালৰ হৈ ছালেহা বেগমে স্থানীয় তাৰাবাৰী থানাত এখন এজাহাৰ দাখিল কৰি উচিত ব্যৱস্থা গ্ৰহণৰ আবেদন জনাইছে। তাৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ দাসে জনোৱা মতে- ২৩১/১৯ নম্বৰৰ গোচৰটো ভাৰতীয় দণ্ডবিধি আইন ৩৮০ মতে তদন্ত চলাই থকা বুলি সদৰী কৰে। ইপিনে এজাহাৰত উল্লেখ কৰা মতে চোৰে লুটি নিয়া টেবুলখনৰ ভিতৰত এন আৰ চিৰ সমূহ নথি, ডি ভোটাৰৰ গোচৰত বিদেশী ন্যায়াধীকৰণৰ পৰা পোৱা ভাৰতীয় ৰায়ৰ কপি, বিভিন্ন নিৰ্বাচনৰ ভোটাৰ তালিকাৰ ফলিঅ কপি, শুকুৰ খন্দকাৰ আৰু ছালেহা বেগমৰ নামত থকা পান কাৰ্ড দুটা, গ্ৰামীণ বিকাশ বেংক- চেঙাত ছুৰিয়া খন্দকাৰৰ নামত থকা বেংক একাউণ্ট, পাঞ্জাৱ নেচনেল বেংক- বহৰিত শুকুৰ খন্দকাৰৰ নামৰ একাউণ্ট, শুকুৰ খন্দকাৰৰ নামত থকা ভোটাৰ কাৰ্ড, ছালেহা বেগমৰ নামত থকা ছি এফ টি শ্লিপ, আধাৰ কাৰ্ডৰ নথি, ছালেহা বেগমৰ পিতৃ ঘৰৰ ভূমিৰ নথি, কন্যা শুকুৰজান খন্দকাৰৰ বিবাহ পঞ্জীয়নৰ নথি, পুত্ৰ ছুৰমান খন্দকাৰৰ জন্ম পঞ্জীয়ন পত্ৰ, শুকুৰজান খন্দকাৰ, ছোলেমান খন্দকাৰ, ছুৰিয়া খন্দকাৰৰ বিদ্যালয়ৰ প্ৰমাণ পত্ৰ, জব কাৰ্ড, ৰেচন কাৰ্ড আৰু অন্যান্য কিছু গুৰুত্বপূৰ্ণ নথি চোৰে লুট কৰি নিছে। 
ইয়াৰ উপৰিও টেবুলখনত কিছু নগদ ধন আৰু পায়েল, কাণৰ গহনা, আঙুঠি আদি কৰি কেইপদমান ৰূপৰ গহনাও লুটি নিছে। এইক্ষেত্ৰত ছালেহা বেগমে কয় যে- মোৰ স্বামী শুকুৰ খন্দকাৰ এজন শাৰীৰিক আৰু মানসিক ভাৱে প্ৰায় অক্ষম ব্যক্তি। উপাৰ্জনৰ স্বাৰ্থত লোকৰ ঘৰে-ঘৰে মগনীয়া কৰি পৰিয়াল চলে আমাৰ, তেনে সময়ত এনে দুৰ্যোগে আমাৰ পৰিয়ালটোলৈ বিপদ নমাই আনিছে। এই সংক্ৰান্তত ভুক্তভোগী পৰিয়ালৰ কাষত থিয় দি সৰ্বোৎপ্ৰকাৰৰ সহায়ৰ বাবে কথা দিছে কাকধোৱা সমাজ উন্নয়ন কমিটিৰ হৈ নুৰ হুছেইন খন্দকাৰ আৰু উত্তৰণ এক সামাজিক সংস্থাৰ হৈ স্থানীয় যুৱ সমাজকর্মী তথা লেখক আশ্ৰাফুল হুছেইনে। স্থানীয় ৰাইজেও এই নিকৃষ্ট ঘটনাৰ নিন্দা কৰিছে, আৰক্ষী প্ৰশাসনক উচিত তদন্ত কৰি অপৰাধীক বিচাৰি উলিয়াবলৈ দাবী জনোৱাৰ লগতে ভুক্তভোগীক সহায় কৰিবলৈ আগবাঢ়ি অহাসকলক জনাইছে ধন্যবাদ।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি