Weather Data Source: wetter Bangalore 14 tage

June 23, 2025 12:01 pm

Home » আঞ্চলিক » পৌৰসভাৰ দুৰ্নীতিয়ে বিৰুদ্ধে আইনৰ কাষ চপাৰ হুমকি অগপ আঞ্চলিক সভাপতি

পৌৰসভাৰ দুৰ্নীতিয়ে বিৰুদ্ধে আইনৰ কাষ চপাৰ হুমকি অগপ আঞ্চলিক সভাপতি

স্বপন দাস, লামডিং :
ৰেল নগৰী লামডিঙৰ পৌৰসভাত বিগত বহু দিন ধৰি চলি থকা খেলি মেলি বিৰুদ্ধে অতিষ্ঠ হৈ পৰিছে লামডিংবাসী ৷ পৌৰসভাৰ অধীনত থকা অঞ্চলসমূহ তথা বানিজ্যিক কেন্দ্ৰ সমূহৰ ‘হল্ডিং টেস্ক’ একে কোবে প্ৰায় ৮/১০গুনে বৃদ্ধি পোৱাৰ ঘটনাক কেন্দ্ৰ  কৰি অসহায় হৈ পৰিছে লামডিংবাসী৷ এই ঘটনাৰ সন্দৰ্ভত পৌৰসভাৰ ৫ নং ৱাৰ্ডৰ কনক পাল নামৰ এগৰাকী মহিলাই তথ্যজনাৰ আইনৰ জড়িয়তে পৌৰসভাৰ পৰা উত্তৰ বিচাৰে ৷ ইয়াৰ উত্তৰত পৌৰসভাই বৰ্ধিত কৰৰ বিস্তৃত বিৱৰন প্ৰকাশ কৰে৷ 
পৌৰসভাৰ তথ্য মতে পূৰ্ৱে থকা কৰ  ৪৭০ টকা পৰিৱৰ্তে এতিয়া ৪৪৮০ টকা,  ৬৭০ টকাৰ পৰিৱৰ্তে বৃদ্ধি পাইছে ১১,০২৮ টকা আৰু ৬৯৬ টকা পৰিৱৰ্তে ৪৩৯৮ টকা বৃদ্ধি পাইছে৷ পৌৰসভাৰ কৰ অস্বাভাৱিক  ভাৱে বৃদ্ধি পোৱাত আজি অসম গন পৰিষদে আঞ্চলিক শাখাই এক সংবাদ মেল আয়োজন কৰে৷ সংবাদমেলত আঞ্চলিক সভাপতি মনতোষ পালে জনায় যে- ৰেল নগৰী লামডিঙখনৰ প্ৰায় অঞ্চলসমূহ ৰেল বিভাগৰ অধীনত পৰে৷ পৌৰসভাৰ  অঞ্চলসমূহো ৰেল বিভাগৰ দখলতেই ৷ ৰেল বিভাগৰ মাটিৰ পৰা লোকসকল উচ্ছেদ কৰাৰ বাবে বিভাগটোৱে যেতিয়া জাননী প্ৰেৰন কৰে তেতিয়া পৌৰসভাৰ কৰ্তৃপক্ষই একো কৰিব নোৱাৰে বুলি দায়িত্ব সামৰে৷ 
তেনে ক্ষেত্ৰত পৌৰসভাই কিহৰ ভিত্তিত হোল্ডিং টেস্ক অধিক মাত্ৰাত বৃ্দ্ধি কৰিছে সেইয়া ৰহস্যজনক৷ মনতোষ পালে অভিযোগ কৰে যে লামডিং পৌৰসভাৰ অন্তৰ্গত থকা পথ সমূহত যি ‘স্ত্ৰীট লাইট’ৰ ব্যৱস্থা আছে তাৰ ভিতৰত বহু স্থানত দীৰ্ঘদিন ধৰি লাইটসমূহ নজ্বলে আৰু কিছু অঞ্চলত এতিয়া স্ত্ৰীট লাইটৰ ব্যৱস্থা কৰা হোৱা নাই৷ তথাপিও গ্ৰাম্য অঞ্চল হওক বা টাউনত প্ৰতিবছৰে প্ৰতিজন ব্যক্তিৰ ঘৰৰ পৰা পৌৰসভাই হোল্ডিং টেস্কৰ লগত অতিৰিক্ত ১০০ টকাকৈ স্টিট লাইটৰ বিনিময়ত আদায় কৰি আহিছে৷ 
আনফালে লামডিঙত এখন বৃহৎ মাছ বজাৰ থকাৰ উপৰিও একাংশ বহিৰাগত মাছ বেপাৰীয়ে লামডিং টাউনৰ পথৰ ওপৰতেই অবৈধভাৱে মাছৰ ব্যৱসায়ী আৰম্ভ কৰি আহিছে৷ এই ক্ষেত্ৰত  মাছ বজাৰৰ ব্যৱসায়ী সকলে পৌৰসভাত অবৈধ ব্যৱসায়ী সকলৰ বিৰুদ্ধে অভিযোগ কৰিছিল৷ অভিযোগৰ পিছতেই পৌৰ কৰ্তৃপক্ষই দোকানসমূহ বন্ধ কৰি দিছিল যদিও পুনৰ আকৌ সেই একে স্থানতেই ৰমৰমীয়া ব্যৱসায়ী চলাই আছে৷ এই অনিয়মত  পৌৰসভাৰ একাংশ কৰ্মচাৰী গোপন বুজা বুজি আছি বুলিও অভিযোগ তুলে মনতোষ পালে৷ অনতিপলমে পৌৰসভাৰ এইধৰনৰ জনবিৰোধী কাম বন্ধ নকৰিলে অ গথ প লামডিং আঞ্চলিকত পৌৰসভাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে আইনৰ আশ্ৰয় লবলৈ বাধ্য হব বুলি হুমকি দিয়ে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি