Weather Data Source: wetter Bangalore 14 tage

June 17, 2025 10:21 am

Home » আঞ্চলিক » কংগ্রেছ, বিজেপিৰ বাবে মূৰৰ কামোৰণিত পৰিণত হৈছে এন আৰ চি

কংগ্রেছ, বিজেপিৰ বাবে মূৰৰ কামোৰণিত পৰিণত হৈছে এন আৰ চি

গুৱাহাটী : ৰাষ্ট্রীয় নাগৰিকপঞ্জীয়ে (এন আৰ চি) ৰাজনৈতিক উদ্দেশ্য পূৰণত হেঙাৰ সৃষ্টি কৰাত কংগ্রেছ আৰু বিজেপিয়ে দিকবিদিক হেৰুৱাইছে৷ এন আৰ চি উন্নীতকৰণ কৰি অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰাৰ প্রতিশ্রুতি দিছিল শাসক বিজেপিয়ে৷ সুদীর্ঘ বছৰ ধৰি ক্ষমতাত থাকিও বাস্তৱত এন আৰ চি উন্নীত কৰি দীর্ঘদিনীয়া বিদেশী সমস্যাৰ সমাধান কৰাত পিঠি দিয়া কংগ্রেছে বিৰোধীৰ আসনত বহাৰ পাছতে এন আৰ চি উন্নীতকৰণৰ দাবী সজোৰে উত্থাপন কৰি আহিছিল৷
উচচতম ন্যায়ালয়ৰ তদাৰকত প্রকাশৰ প্রস্তুতি সম্পূর্ণ হোৱাৰ লগে লগে চূড়ান্ত এন আৰ চিখন এতিয়া কংগ্রেছ, বিজেপিৰ বাবে মূৰৰ কামোৰণিতহে পৰিণত হৈছে৷ এন আৰ চি সম্পর্কত আৰম্ভণিতে দুয়োটা দলে যি স্থিতি প্রদর্শন কৰিছিল, সেই স্থিতিৰ বিৰুদ্ধে গৈ নেতাসকলে এতিয়া ৰাজহুৱা মন্তব্য কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ ভোট বেংক ৰক্ষাৰ বাবে প্রদেশ কংগ্রেছ বা ৰাজ্যিক বিজেপিৰ সভাপতি দুজনে উদ্ভত আচৰণ কৰিছে সংবাদ মাধ্যমৰ আগত৷
উল্লেখযোগ্য যে উচচতম ন্যায়ালয়ৰ তদাৰকত চলি থকা এন আৰ চিক পোনছাতে নস্যাৎ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে৷ পুংখানুপুংখভাৱে নথি পত্র পৰীক্ষাৰ অন্তত চূড়ান্ত এন আৰ চি প্রকাশৰ প্রস্তুতি সম্পূর্ণ হৈ উঠিছে৷ বিদেশী কোন সেই কথা প্রকাশ হ’বলগীয়া এন আৰ চিতহে ওলাই পৰিব৷ কিন্তু এন আৰ চিত বিদেশীৰ নাম অন্তর্ভুক্ত হোৱা বা ভাৰতীয়ৰ নাম বাদ পৰাৰ তথ্য ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক আগতীয়াকৈ কোনে দিলে বুলি প্রশ্নৰ অৱতাৰণা হৈছে৷ ইফালে এন আৰ চিৰ পৰা নাম বাদ পৰা লোকসকলক আইনী সাহায্য প্রদান কৰাৰ কথা ঘোষণা কৰিছে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুন বৰাই৷ কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহ, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ পাছত ৰাজ্যিক বিজেপিৰ সভাপতিয়েও নাম বাদ পৰাসকলক আইনী সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে৷ কেন্দ্রীয় গৃহ মন্ত্রী আৰু ৰাজ্যৰ মুখ্যমন্ত্রীতকৈ এখোপ ওপৰলৈ গৈ উচচতম ন্যায়ালয়কো অৱমাননা কৰিবলৈ কুণ্ঠাবোধ নকৰি বিজেপিৰ ৰাজ্যিক সভাপতিয়ে বিদেশীক ৰক্ষণাবেক্ষণ দিবলৈ বিধানসভা, সংসদত সুকীয়া আইন বা সংশোধনী আনিব বুলি ঘোষণা কৰিছে৷
উচচতম ন্যায়ালয়ৰ তদাৰকত ১৯৭১ চনৰ ২৪ মার্চৰ আগৰ নথি-পত্র পৰীক্ষাৰ অন্তত প্রস্তুত হৈ থকা এন আৰ চিৰ পৰা হিন্দু বাঙালীৰ লগতে মুছলমান লোকৰ নাম বাদ পৰিব৷ হিন্দুত্বৰ নামত বিজেপিয়ে আৰু মুছলমানক ভোট বেংক বা ৰাজনৈতিক আহিলা হিচাপে লৈ ৰাজনীতি কৰি অহা কংগ্রেছৰ সান্দহ খোৱা বালি এন আৰ চিয়ে তল পেলোৱাৰ শংকাত এতিয়া দুয়োটা দলে একপ্রকাৰ ৰাজনৈতিক ভাৰসাম্য হেৰুৱাই পেলাইছে৷ যাৰ ফলত যেনেতেনে হিন্দু বাঙালীক ভোটাৰ হিচাপে ৰখাৰ লক্ষ্যত বিজেপিয়ে আৰু কংগ্রেছে মুছলমান ভোট বেংক অক্ষুণ্ণ ৰখাৰ উদ্দেশ্যৰে এন আৰ চিয়ে বিদেশী বুলি চিহিুত কৰাসকলক আইনী সাহায্য প্রদান কৰি চ’ৰাঘৰত বৰপীৰা পাৰি ৰাখিবলৈ সাজু হৈছে৷
অসমত ১৯৭১ চনৰ পাছত প্রৱেশ কৰা অনুপ্রৱেশকাৰী আছেনে নাই সেই কথা উচচতম ন্যায়ালয়ৰ তদাৰকত প্রস্তুত হৈ থকা এন আৰ চিয়ে নির্ধাৰণ কৰিব৷ কিন্তু তাৰ আগতে এন আৰ চিক নস্যাৎ কৰাই নহয় কংগ্রেছ-বিজেপিয়ে নাম বাদ পৰাসকলক আইনী সাহায্য প্রদানেৰে পুতৌ প্রদর্শন কৰি সম্প্রদায় ভিত্তিত ভোট বেংক ৰক্ষা কৰিবলৈকে যে উঠিপৰি লাগিছে, সেই কথা দুয়োটা দলৰ স্থিতিত স্পষ্ট হৈ পৰিছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি