Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 10:36 pm

Home » আঞ্চলিক » এতিয়া হেলমেট পৰিধান নকৰিলে বাতিল হ’ব লাইচেঞ্চ

এতিয়া হেলমেট পৰিধান নকৰিলে বাতিল হ’ব লাইচেঞ্চ

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে Motor Vehicles Amendment Bill 2019ত চলিত মাহৰ আৰম্ভণিতে অনুমোদন জনায়। এই বিধেয়কখনত যান–বাহন আইন উলংঘা কৰিলে পূৰ্বতকৈ ৫ গুণ অধিক জৰিমনাৰ প্ৰস্তাৱ ৰখা হৈছে। এক চৰকাৰী বিজ্ঞপ্তিত কোৱা হৈছে যে এই বিধেয়কখনত ৯ আগষ্টত অনুমোদন জনাইছে ৰাষ্ট্ৰপতিয়ে। সংশোধনী বিধেয়কখনত যান–বাহন নিয়ম উলংঘা কৰিলে কঠোৰ ব্যৱস্তা গ্ৰহণৰ প্ৰস্তাৱ ৰখা হৈছে। নতুন আইন অনুসৰি অনুজ্ঞাপত্ৰ সম্বন্ধীয় নিয়ম উলংঘা কৰিলে ১ লাখ টকাপৰ্যন্ত জৰিমনা ভৰিব লাগিব। 
যান–বাহন আইন উলংঘা কৰিলে কি শাস্তিসমূহ —-
১. ধাৰা ১৭৮ৰ অধীনত টিকট অবিহনে যাত্ৰা কৰিলে ৫০০ টকা জৰিমনা।
২. ধাৰা ১৭৯ৰ অধীনত কৰ্তৃপক্ষৰ আদেশ নামানিলে ২০০০ টকা জৰিমনা।
৩. ধাৰা ১৮১ৰ অধীনত লাইচেঞ্চ নোহোৱাকৈ গাড়ী চলালে ৫০০০ টকা জৰিমনা।
৪. ধাৰা ১৮২ৰ অধীনত অযোগ্য লোকে গাড়ী চলালে ১০,০০০ টকা জৰিমনা।
৫. ধাৰা ১৮৩ৰ অধীনত অত্যধিক গতিত গাড়ী চলালে LMVৰ বাবে ১০০০ টকা, MPVৰ বাবে ২০০০ টকা জৰিমনা।
৬. ধাৰা ১৮৪ৰ অধীনত বিপজ্জনকভাৱে গাড়ী চলালে ৫০০০ টকাৰ জৰিমনা।
৭. ধাৰা ১৮৫ৰ অধীনত সুৰাপান কৰি গাড়ী চলালে ১০,০০০ টকাৰ জৰিমনা।
৮. ধাৰা ১৮৯ৰ অধীনত স্পীডিং/ৰেচিং কৰিলে ৫০০০ টকা জৰিমনা।
৯. ধাৰা ১৯২Aৰ অধীনত পাৰ্মিট নোহোৱা বাহন চলালে ১০,০০০ টকা জৰিমনা।
১০. ধাৰা ১৯৩ৰ অধীনত লাইচেঞ্চ সম্বন্ধীয় নিয়ম ভংগ কৰিলে ২৫,০০০ৰ পৰা ১ লাখ টকালৈ জৰিমনা।
১১. ধাৰা ১৯৪ৰ অধীনত অভাৰলোডিং (মালবাহী) বাহনত ২০০০ৰ পৰা ২০,০০০ টকালৈ জৰিমনা।
১২. ধাৰা ১৯৪Aৰ অধীনত অভাৰলোডিং (ক্ষমতাতকৈ অধিক যাত্ৰী) বাহনত ১০০০ টকাৰ উপৰি প্ৰতিজন যাত্ৰীৰ বাবদ অতিৰিক্ত জৰিমনা।
১৩. ধাৰা ১৯৪Bৰ অধীনত ছিট বেল্ট পৰিধান নকৰিলে ১০০০ টকাৰ জৰিমনা।
১৪. ধাৰা ১৯৪Cৰ অধীনত স্কুটাৰ আৰু বাইকত অভাৰলোডিং অৰ্থাৎ দুজনতকৈ অধিক লোক উঠিলে ২০০০ টকা জৰিমনা আৰু ৩ মাহৰ বাবে বাতিল হ’ব পাৰে লাইচেঞ্চ।
১৫. ধাৰা ১৯৪Dৰ অধীনত হেলমেট পৰিধান নকৰিলে ১০০০ টকা জৰিমনা আৰু ৩ মাহলৈ বাতিল হ’ব পাৰে লাইচেঞ্চ।
১৬. ধাৰা ১৯৪Eৰ অধীনত এম্বুলেঞ্চৰ দৰে জৰুৰীকালীন বাহনক বাট এৰি নিদিলে ১০,০০০ টকা জৰিমনা।
১৭. ধাৰা ১৯৬ৰ অধীনত বীমা নথকা বাহন চলালে ২০০০ টকাৰ জৰিমনা ৷
১৮. ধাৰা ১৯৯ৰ অধীনত নাবালকৰ অপৰাধত অভিভাৱক/মালিক দোষী সাব্যস্ত হ’ব। ৩ বছৰৰ কাৰাবাসৰ শাস্তিৰ প্ৰস্তাৱ। নাবালকৰ ওপৰত জুভেনাইল আইনৰ অধীনত চলিব গোচৰ, বাতিল হ’ব বাহনৰ পঞ্জীয়ন।
১৯. ধাৰা ১৮৩, ১৮৪, ১৮৫, ১৮৯, ১৯০, ১৯৪C, ১৯৪D, ১৯৪Eৰ অধীনত ড্ৰাইভিং লাইচেঞ্চ বাতিল কৰাৰ অধিকাৰ থাকিব বিষয়াসকলৰ।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি