Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 12:54 pm

Home » আঞ্চলিক » দহ মাহে দৰমহাৰ পৰা বঞ্চিত পলিটেকনিকৰ অংশকালীন প্ৰবক্তাঃ অনিৰ্দিষ্ট কাললৈ কৰ্মবিৰতিৰ সিদ্ধান্ত

দহ মাহে দৰমহাৰ পৰা বঞ্চিত পলিটেকনিকৰ অংশকালীন প্ৰবক্তাঃ অনিৰ্দিষ্ট কাললৈ কৰ্মবিৰতিৰ সিদ্ধান্ত

বৰপেটা : ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত ১১খন নতুন পলিটেকনিক ক্ৰমে শিৱসাগৰ, গোলাঘাট, ধেমাজি, লক্ষিমপুৰ, শোনিতপুৰ, কামৰূপ, নলবাৰী, বৰপেটা, বৰমা, গোৱালপাৰা অাৰু কৰিমগঞ্জ পলিটেকনিকৰ অতিথি তথা অংশকালীন প্ৰবক্তাসকলে বিগত দহ মাহৰ প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত হোৱাত ৰাজ্যৰ শাসনাধিষ্ঠীত বিজেপি চৰকাৰৰ ফোপোলা স্বৰূপটোকে উদঙাই দিছে। 
জানিব পৰা মতে, ২০১৭ চনৰ পহিলা এপ্ৰিলৰ পৰা সম্পূৰ্ণ চৰকাৰৰ নীতি-নিৰ্দেশনা অনুসৰি ৰাজ্যৰ কাৰিকৰী শিক্ষা সঞ্চালকালয়ে উক্ত প্ৰবক্তাসকলক ২৫,০০০ টকা মাহিলি পাৰিতোষিক হিচাপে নিৰ্ধাৰণ কৰি অতিথি তথা অংশকালীন প্ৰৱক্তা হিচাপে চৰকাৰে নিযুক্তি প্ৰদান কৰিছিল। উল্লেখ্য যে, তেওঁলোকক অতিথি তথা অংশকালীন প্ৰবক্তা হিচাপে চৰকাৰে নিযুক্তি দিয়ে যদিও প্ৰত্যেকেই নিয়মীয়া প্ৰৱক্তাৰ দৰেই সেৱা আগবঢ়াই আহিছে। তদুপৰি তেওঁলোকে নিয়মীয়া পাঠদানৰ উপৰি প্ৰতিষ্ঠানৰ শৈক্ষিক কাম-কাজ সমূহতো বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। আনকি তেওঁলোকৰ উদ্দেশ্য অাছিল প্ৰতিষ্ঠানক সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলা। কিন্তু দুৰ্ভাগ্যজনক কথাটো হ’ল যে, ইমান নি:স্বাৰ্থভাৱে সেৱা আগবঢ়োৱা সত্বেও তেওঁলোকে প্ৰাপ্য মজুৰি সময় মতে নোপোৱাত ক্ষোভত ফাটি পৰিছে। 
স্মৰ্তব্য যে, বিগত ২০১৭ বৰ্ষৰ ১ এপ্ৰিলৰ পৰা আজি পৰ্যন্ত তেওঁলোকে মাত্ৰ তিনিবাৰহে দৰমহা পাবলৈ সক্ষম হৈছে। ইয়াৰে প্ৰথমবাৰ দৰমহা পাবলৈ সক্ষম হৈছিল ১১ মাহ পিছত অাৰু এইসকল প্ৰবক্তাই এতিয়াও ১০ মাহৰ দৰমহা প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছে। সেয়ে তেওঁলোকে অাৰ্থিভাৱে জুৰুলা হোৱাৰ লগতে ভৱিষ্যৎ জীৱনকলৈয়ো চিন্তিত হৈ পৰিছে। প্ৰনিধানযোগ্য যে, এনেবোৰ সমস্যাৰ সমাধান কল্পে বিভাগীয় উৰ্ধ্বতন কৰ্তৃপক্ষৰ সৈতে তেওঁলোকে যোগাযোগ কৰি আহিছে যদিও কোনো সুফল পোৱা নাই বুলি ক্ষোভ উজাৰিছে প্ৰবক্তাসকলে।
যি সময়ত একে কৰ্মত নিয়োজিত একাংশ স্থায়ী প্ৰবক্তাই উচ্চ হাৰত দৰমহা লাভ কৰাৰ বিপৰীতে এইসকল প্ৰবক্তাই জীৱন ধাৰণৰ নিমিত্তে সংগ্ৰাম কৰি মানসিকভাৱে ভাগি পৰিবলগীয়া হৈছে। সেয়ে এই প্ৰবক্তাসকলে ন্যায় প্ৰাপ্তিৰ দাবীত আজিৰ পৰা অনিৰ্দিষ্টকালীন কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ সিদ্ধান্ত লৈছে। উল্লেখ্য যে, ইমান দিনে ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যৎ জীৱনক লক্ষ্য কৰি ধৰ্যৰ মাজেৰে পাঠদান কাৰ্য চলাই গৈছিল যদিও সম্প্ৰতি নিৰুপায় হৈ কৰ্মবিৰতিৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ল বুলি জানিবলৈ দিছে। সম্প্ৰতি চৰকাৰে তেওঁলোকৰ দৰমহা নিয়মীয়াকৰণ, অনাদায় দৰমহা আদায়, পদ সমূহৰ উন্নীতকৰণ তথা এ টি ছি টি ই ( ATCTE) নিৰিখত দৰমহা প্ৰদান আদি দাবী সমূহ পূৰণ নকৰালৈকে বৰপেটাকে ধৰি ৰাজ্যৰ নতুন পলিটেকনিকৰ কৰ্মবিৰতি অব্যাহত থাকিব বুলি জানিবলৈ দিছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি