Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 9:35 am

Home » বিবিধ » সন্মান-বঁটা » জ্যেষ্ঠ সাংবাদিক, সমাজকৰ্মী মজিবুৰ ৰহমানলৈ ‘বাঘ হাজৰিকা সম্প্ৰীতি বঁটা-২০১৯’

জ্যেষ্ঠ সাংবাদিক, সমাজকৰ্মী মজিবুৰ ৰহমানলৈ ‘বাঘ হাজৰিকা সম্প্ৰীতি বঁটা-২০১৯’

বৰপেটা : সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদে যোৱা কেইবছৰ মানৰ পৰা ধাৰাবাহিক ভাবে সমাজৰ বিভিন্ন স্তৰৰ সমাজহিতৈষী ব্যক্তি সকলক বিভিন্ন শিতানত বঁটা প্ৰদান কৰি আহিছে। এইবেলিও পৰিষদে নানা ঘাত-প্ৰতিঘাতৰ মাজত থাকি হিন্দু-মুছলমানৰ ভেদাভেদ পৰিহাৰ কৰি মানৱতাবাদৰ চৰম নিদৰ্শন দেখুওৱা নলবাৰীৰ জ্যেষ্ঠ সাংবাদিক, মানৱদৰদী মজিবুৰ ৰহমানলৈ এই বছৰৰ “বাঘ হাজৰিকা সম্প্ৰীতি বঁটা” প্ৰদান কৰিব বুলি এক প্ৰেছ বিবৃতি যোগে জানিবলৈ দিয়ে। 
অহা চেপ্টেম্বৰ মাহৰ ৪ তাৰিখে সদৌ অসম গৰিয়া যুৱ-ছাত্র পৰিষদৰ বিষয়ববীয়া সকলে গুৱাহাটী প্ৰেছ ক্লাৱত মজিবুৰ ৰহমানক আনুষ্ঠানিক ভাবে এই বঁটাৰ লগতে চেলেং চাদৰ, নগদ ধন, মান পত্ৰ, শৰাই, জাপি আদি প্ৰদান কৰিব। 
যি সময়ত মানুহ ব্যক্তিকেন্দ্ৰীক হৈ পৰিছে , মানৱতা ভূ-লুণ্ঠিত কৰি বৃদ্ধ পিতৃ-মাতৃ তথা অতি আপোনজনকো ৰাস্তাত পেলাই থৈ পুত্ৰ-কন্যা-পত্নীক লৈ সুখৰ সংসাৰৰ জুতি লৈছে, সেই সময়তেই মজিবুৰ ৰহমানে যান্ত্ৰিকতাৰ পৰা নিজকে আতৰাই ৰাখি হিন্দু-মুছলমানৰ ভেদাভেদ পাহৰি সেই এলাগী লোকসকলক ৰাস্তাৰ পৰা তুলি আনি নিজৰ গাঠিঁৰ ধন খৰচ কৰি চিকিৎসাৰ পৰা আৰম্ভ কৰি অন্ন-বস্ত্ৰ আৰু মৃত্যুৰ পিছত মুখাগ্নিলৈ সকলো দায়িত্ব মূৰ পাতি লৈ সমাজত মানৱতাৰ চৰম নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। 
উল্লেখ্য যে মজিবুৰ ৰহমানে একান্ত ইচ্ছাৰে নিজৰ পকেটৰ ধনেৰে স্থাপন কৰা ” শান্তি নিবাস অনাথ আশ্ৰম” ৰ জৰিয়তে নিজ হাতেৰে আশ্ৰমৰ সকলোকে সেৱা-সুশ্ৰুষা কৰি নতুন জীৱন দান দিয়াৰ দৰে এই মহৎ কাম সম্পন্ন কৰি আহিছে। আটাইতকৈ ডাঙৰ কথা হ’ল তেওঁ এতিয়ালৈকে আশ্ৰমৰ পৰা চিৰ বিদায় লোৱা পঁচিশ গৰাকীকৈ লোকক সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে মূখাগ্নি কৰিছে। 
 মজিবুৰ ৰহমানে একেধাৰে সমাজৰ অতন্দ্ৰ প্ৰহৰীৰ দৰে নিৰপেক্ষভাৱে দীৰ্ঘদিন ধৰি সংবাদ সেৱা আগবঢ়াই আহিছে। সমাজ, দেশ আৰু জাতিৰ বাবে আগবঢ়োৱা এনে অৱদানৰ স্বীকৃতি স্বৰূপে ৰহমানলৈ ২০১৯ বৰ্ষৰ বাঘ হাজৰিকা তথা ইছমাইল ছিদ্দিকী সম্প্ৰীতি বঁটা আগবঢ়োৱা হয় বুলি পৰিষদৰ সভাপতি আজিজুৰ ৰহমানে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে সমাজৰ বাবে নিজকে উৎসৰ্গিত কৰা মজিবুৰ ৰহমানে এতিয়ালৈকে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ পৰা ভালেসংখ্যক বঁটা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি