|

চূড়ান্ত NRCত আপােনাৰ নাম কেনেকৈ চাব?

৩১-০৮-২০১৯ তাৰিখৰ পৰা NRC ৱেবচাইটত “Supplementary list of Inclusions Exclusions status (Final NRC)” লিংক উপলব্ধ হ’ব। অহা ৩১ আগষ্ট, ২০১৯ তাৰিখে প্ৰকাশ পাবলগীয়া ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চূড়ান্ত তালিকা তলত দিয়া ধৰণে চাব পাৰিবঃ ১। ক) ৩০/০৭/২০১৮ তাৰিখে প্রকাশিত সম্পূর্ণ খচৰা NRC’ত নাম অন্তর্ভুক্ত নোহােৱাৰ বাবে দাবী প্ৰ-পত্র দাখিল কৰা ব্যক্তিসকলে; নাইবা – খ) ২৬/০৬/২০১৯ তাৰিখে প্রকাশিত অতিৰিক্ত বাদ দিয়া তালিকা মৰ্ম্মে সম্পূর্ণ খচৰা NRCৰ পৰা বাদ পৰা ব্যক্তিসকলে; নাইবা- গ) সম্পূর্ণ খচৰা NRCত অন্তর্ভুক্ত হােৱা যিসকল ব্যক্তিৰ বিৰুদ্ধে আপত্তি দাখিল কৰা হৈছিল সেই ব্যক্তিসকলে— তেওঁলােকৰ নিৰ্ধাৰিত NSKত/ চক্ৰ বিষয়াৰ কাৰ্যালয়ত/ জিলা উপায়ুক্তৰ কাৰ্যালয়ত চূড়ান্ত NRCৰ সংযােজনী অন্তর্ভুক্তিৰ তালিকাত তেওঁলােকৰ অন্তর্ভুক্তিৰ স্থিতি চাব পাৰিব। এই তালিকাখন কেৱল সংযােজনী অন্তর্ভুক্তিৰ তালিকা (Supplementary List

এনআৰচি অসম আৰু অসমীয়াৰ বাবে সৰ্বনাশৰ দলিল হব– সুকুমাৰ বিশ্বাস

প্ৰদীপ কুমাৰ সৰকাৰ, বৰপেটা : অহা ৩১ আগষ্টত প্ৰকাশ পাবলগীয়া ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ মইমতালিৰ বাবেই অসম আৰু অসমীয়াৰ বাবে ‘সৰ্বনাশ’ৰ দলিল ৰূপে পৰিগনিত হব। আৰু ইয়াৰ বাবে ভবিষ্যৎ প্ৰজন্মৰ ওচৰত অসমৰ নতুন বদনৰূপে পৰিগনিত হব আছু আৰু মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। অসম চুক্তিৰ ভিত্তিবৰ্ষ ১৯৭১ চনৰ ২৪ মাৰ্চ মানি লৈ আছু আৰু গনসংগ্ৰাম পৰিষদ যেনেদৰে বৰ্তমান জনসাধাৰণৰ সমালোচনাৰ পাত্ৰ হৈছে ঠিক সেইদৰে এনআৰচি প্ৰকাশ পোৱাৰ পিছতো আছু সাধাৰন জনতাৰ ঘৃনাৰ পাত্ৰ হব। ইয়াৰ কাৰণ এই এনআৰচি কোনোমতেই শুদ্ধ আৰু বিদেশী মুক্ত এনআৰচি নহয়। এই মন্তব্য সদৌ অসম বাঙালি যুব ছাত্ৰ ফেডাৰেচনৰ প্ৰাক্তন সভাপতি তথা মুখ্য উপদেষ্টা সুকুমাৰ বিশ্বাসৰ। বিশ্বাসে এইক্ষেত্ৰত আৰু কয় যে, এই এনআৰচিত কমেও

দহ মাহে দৰমহাৰ পৰা বঞ্চিত পলিটেকনিকৰ অংশকালীন প্ৰবক্তাঃ অনিৰ্দিষ্ট কাললৈ কৰ্মবিৰতিৰ সিদ্ধান্ত

বৰপেটা : ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত ১১খন নতুন পলিটেকনিক ক্ৰমে শিৱসাগৰ, গোলাঘাট, ধেমাজি, লক্ষিমপুৰ, শোনিতপুৰ, কামৰূপ, নলবাৰী, বৰপেটা, বৰমা, গোৱালপাৰা অাৰু কৰিমগঞ্জ পলিটেকনিকৰ অতিথি তথা অংশকালীন প্ৰবক্তাসকলে বিগত দহ মাহৰ প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত হোৱাত ৰাজ্যৰ শাসনাধিষ্ঠীত বিজেপি চৰকাৰৰ ফোপোলা স্বৰূপটোকে উদঙাই দিছে।  জানিব পৰা মতে, ২০১৭ চনৰ পহিলা এপ্ৰিলৰ পৰা সম্পূৰ্ণ চৰকাৰৰ নীতি-নিৰ্দেশনা অনুসৰি ৰাজ্যৰ কাৰিকৰী শিক্ষা সঞ্চালকালয়ে উক্ত প্ৰবক্তাসকলক ২৫,০০০ টকা মাহিলি পাৰিতোষিক হিচাপে নিৰ্ধাৰণ কৰি অতিথি তথা অংশকালীন প্ৰৱক্তা হিচাপে চৰকাৰে নিযুক্তি প্ৰদান কৰিছিল। উল্লেখ্য যে, তেওঁলোকক অতিথি তথা অংশকালীন প্ৰবক্তা হিচাপে চৰকাৰে নিযুক্তি দিয়ে যদিও প্ৰত্যেকেই নিয়মীয়া প্ৰৱক্তাৰ দৰেই সেৱা আগবঢ়াই আহিছে। তদুপৰি তেওঁলোকে নিয়মীয়া পাঠদানৰ উপৰি প্ৰতিষ্ঠানৰ শৈক্ষিক কাম-কাজ সমূহতো বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে।

|

জ্যেষ্ঠ সাংবাদিক, সমাজকৰ্মী মজিবুৰ ৰহমানলৈ ‘বাঘ হাজৰিকা সম্প্ৰীতি বঁটা-২০১৯’

বৰপেটা : সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদে যোৱা কেইবছৰ মানৰ পৰা ধাৰাবাহিক ভাবে সমাজৰ বিভিন্ন স্তৰৰ সমাজহিতৈষী ব্যক্তি সকলক বিভিন্ন শিতানত বঁটা প্ৰদান কৰি আহিছে। এইবেলিও পৰিষদে নানা ঘাত-প্ৰতিঘাতৰ মাজত থাকি হিন্দু-মুছলমানৰ ভেদাভেদ পৰিহাৰ কৰি মানৱতাবাদৰ চৰম নিদৰ্শন দেখুওৱা নলবাৰীৰ জ্যেষ্ঠ সাংবাদিক, মানৱদৰদী মজিবুৰ ৰহমানলৈ এই বছৰৰ “বাঘ হাজৰিকা সম্প্ৰীতি বঁটা” প্ৰদান কৰিব বুলি এক প্ৰেছ বিবৃতি যোগে জানিবলৈ দিয়ে।  অহা চেপ্টেম্বৰ মাহৰ ৪ তাৰিখে সদৌ অসম গৰিয়া যুৱ-ছাত্র পৰিষদৰ বিষয়ববীয়া সকলে গুৱাহাটী প্ৰেছ ক্লাৱত মজিবুৰ ৰহমানক আনুষ্ঠানিক ভাবে এই বঁটাৰ লগতে চেলেং চাদৰ, নগদ ধন, মান পত্ৰ, শৰাই, জাপি আদি প্ৰদান কৰিব।  যি সময়ত মানুহ ব্যক্তিকেন্দ্ৰীক হৈ পৰিছে , মানৱতা ভূ-লুণ্ঠিত কৰি বৃদ্ধ পিতৃ-মাতৃ তথা অতি আপোনজনকো ৰাস্তাত