Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 1:57 pm

Home » আঞ্চলিক » ২৮ আগষ্টৰ পৰা শ ঘণ্টীয়া অ’ এন জি চি বন্ধৰ আহবান আছুৰ

২৮ আগষ্টৰ পৰা শ ঘণ্টীয়া অ’ এন জি চি বন্ধৰ আহবান আছুৰ

গুৱাহাটী : অহা ২৮ আগষ্টৰ পুৱা ৫ বজাৰ পৰা ১০০ ঘণ্টাৰ বাবে অ’ এন জি চি বন্ধৰ কার্যসূচী ৰূপায়ণ কৰিব সদৌ শিৱসাগৰ জিলা ছাত্র সন্থাই৷ আজি জিলা ছাত্র সন্থাৰ কার্যালয়ত আহবান কৰা এক সংবাদ মেলত এই কথা সদৰী কৰে জিলা ছাত্র সন্থাৰ সম্পাদক সমীৰণ ফুকন, আছুৰ কেন্দ্রীয় উপ সভাপতি মাণিক গগৈ, আছুৰ কেন্দ্রীয় শিক্ষা সম্পাদক শৰৎ হাজৰিকাকে আদি কৰি আছুৰ কেন্দ্রীয় আৰু জিলা নেতৃবর্গই৷
গেলেকী তৈলক্ষেত্রৰ ব্যক্তিগতকৰণৰ বিৰোধিতা কৰাৰ লগতে অ’ এন জি চি অসম সম্পদৰ থলুৱা নিয়োগ নীতিত অনিহা, আর্থ-সামজিক-সাংস্ৃকতিক উন্নয়নত গুৰুত্বহীনতাৰ লগতে আন আন অসম বিৰোধী কার্যকলাপৰ বিৰুদ্ধে এই বন্ধৰ কার্যসূচী ৰূপায়ণ কৰিব ছাত্র সংগঠনটোৱে৷ এই সকলোৰে ভিতৰত উল্লেখযোগ্য বিষয়টো হ’ল শ্লামবার্জাৰ নামৰ এক ব্যক্তিগত প্রতিষ্ঠানক উৎপাদনক্ষম গেলেকী তৈলক্ষেত্র গতোৱাৰ প্রৰোচনা৷
সংবাদ মেলত আছুৰ নেতৃবর্গই কয় যে গেলেকী তৈলক্ষেত্র উৎপাদন বৃদ্ধি চুক্তি (প্রডাকশ্যন এনহান্সিং কনট্রেক্ট)ৰ অধীনত মার্কিন প্রতিষ্ঠান শ্লামবার্ৰক হস্তান্তৰ কৰাৰ সিদ্ধান্ত বাতিল কৰি অ’ এন জি চিৰ নিজা উদ্যোগত প্রচুৰ উৎপাদনক্ষম, সর্বাধিক লাভ অর্জনকাৰী আৰু ভৱিষ্যৎ খননত অধিক উৎপাদন লাভ কৰিব পৰা ক্ষমতাসম্পন্ন গেলেকী তৈলক্ষেত্রত উৎপাদন কার্য অব্যাহত ৰখাৰ লগতে অন্যান্য বিভিন্ন দাবী সন্দর্ভত দহ দফীয়া এক দাবী পত্র যোৱা ২১ মে’ত অ’ এন জি চি অসম সম্পদৰ নাজিৰাস্থিত মুখ্য কার্যালয়ৰ সন্মুখত এক প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰি তদানীন্তন কার্যবাহী সঞ্চালকৰ হাতত অর্পণ কৰিছিল৷
আছুৰ উক্ত দাবী পত্রত ৰাজহুৱা স্বার্থ জড়িত বিষয়সমূহৰ সন্দর্ভত সন্নিৱিষ্ট কৰা দাবীসমূহৰ লগতে মূল দাবী গেলেকী তৈলক্ষেত্র ব্যক্তিগত খণ্ডক হস্তান্তৰ কৰিবলৈ লোৱা বিষয়টো সম্পর্কত অ’ এন জি চি কর্তৃপক্ষই তিনিমাহে কোনো প্রতিক্রিয়া প্রকাশ নকৰাৰ লগতে ব্যৱস্থা গ্রহণ নকৰি বন্ধৰ কার্যসূচী ঘোষণা কৰাৰ পাছত অ’ এন জি চি কর্তৃপক্ষই সদৌ অসম ছাত্র সন্থাৰ সৈতে আলোচনাত বহাৰ প্রস্তাৱ প্রেৰণ কৰিছে৷ কিন্তু অসম আৰু অসমীয়াৰ স্বার্থ সুৰক্ষিত কৰিবৰ অর্থে আছুৱে অ’ এন জি চি কর্তৃপক্ষৰ সৈতে কোনো আলোচনাত নবহি বন্ধৰ কার্যসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷
এই সন্দর্ভত আছুৰ নেতৃবর্গই প্রতিক্রিয়া প্রকাশ কৰি সদৰী কৰে যে গেলেকী তৈলক্ষেত্রত প্রায় ২৬২ কোটি টকাৰে উন্নয়ন সাধন কৰি পুনৰ শ্লামবার্ৰৰ লগত উৎপাদন বৃদ্ধি চুক্তিৰে চুক্তিবদ্ধ হৈ শ শ কোটি টকা প্রদান কৰিবলৈ লোৱাৰ পৰিৱর্তে অ’ এন জি চিয়ে নিজাকৈ উৎপাদন বৃদ্ধিৰ বাবে যাৱতীয় পদক্ষেপ গ্রহণ কৰিব লাগিছিল৷ কিন্তু তাকে নকৰি কেৱল পেট্রলিয়াম মন্ত্র্যালয়ৰ দোহাই দি গেলেকীৰ দৰে তৈলক্ষেত্র এখন এটা বহুজাতিক প্রতিষ্ঠানক গতাই দিয়াৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ এইকথা ছাত্র সন্থাই কেতিয়াও গ্রহণ নকৰে৷ এই চুক্তি বাতিল হ’বই লাগিব৷ ইয়াৰ উপৰি শেহতীয়াকৈ কেন্দ্রীয় পেট্রলিয়াম মন্ত্র্যালয়ে তৈলক্ষেত্র আৰু গেছ উৎপাদন ক্ষেত্র হিচাপে দুটা ভাগত বিভক্ত কৰি ভাৰতবর্ষৰ বিভিন্ন তৈল আৰু গেছ ক্ষেত্র নিলামৰ পদক্ষেপ গ্রহণ কৰিবলৈ লোৱা সন্দর্ভত বিভিন্ন তথ্য ৰাজহুৱা হৈছে৷
উক্ত তথ্যৰ পৰা জানিব পৰা মতে, অ’ এন জি চি অসম সম্পদৰ অধীনৰ দিচাংমুখ, চাংমাই গাঁও, চফ্রাই, ডিমুৱাল গাঁও, সোণাৰি আৰু পানীদিহিংস্থিত তেল আৰু গেছ উৎপাদনৰ ক্ষেত্রসমূহ উক্ত নিলাম প্রক্রিয়াত অন্তর্ুক্ত কৰাৰ কুচকাৱাজ সন্তপর্ণে চলি আছে৷ এই কথাও কোনো কাৰণতে গ্রহণযোগ্য নহয় বুলি আজিৰ সংবাদ মেলত স্পষ্ট কৰি দিয়ে৷ এই বিষয়সমূহৰ উপৰি অ’ এন জি চিত নিযুক্তি, অ’ এন জি চিৰ অধীনত ঠিকা-ঠুকলিকে ধৰি অন্য কাম-কাজত নিয়োজিত থলুৱাৰ স্বার্থ সুৰক্ষিত কৰা, ব্যক্তিগত খণ্ডৰ বিভিন্ন প্রতিষ্ঠানক পৈণত-অপৈণত বনুৱা যোগানৰ লগতে অন্যান্য কামকাজত নিয়োজিত কৰি থলুৱাক বঞ্চনা কৰা নীতি প্রত্যাহাৰ কৰিবৰ বাবে জনাই অহা আছুৰ দীর্ঘদিনীয়া দাবীৰ সন্দর্ভত নিগম কর্তৃপক্ষৰ নীতি স্পষ্ট নহয়৷ সংবাদ মেলত মাণিক গগৈয়ে উল্লেখ কৰি কয় ২০১৫ চনৰ ১৬ জুলাইত যোৰহাটৰ চিনামৰাস্থিত অ’ এন জি চি যোৰহাট বেছিনত অ’ এন জি চিৰ মুখ্য কার্যালয়ৰ মানৱ সম্পদৰ সঞ্চালক, অসম সম্পদৰ তদানীন্তন কার্যবাহী সঞ্চালকৰ উপস্থিতিত সদৌ শিৱসাগৰ জিলা ছাত্র সন্থাৰ নেতৃবৃন্দৰে হোৱা আলোচনাত অ’ এন জি চিয়ে অপৈণত থলুৱাৰ নিযুক্তিৰ সন্দর্ভত প্রদান কৰা প্রতিশ্রুতি ৰূপায়ণত কর্তৃপক্ষ চূড়ান্তভাৱে ব্যর্থ হ’ল৷
সেইদৰে আছুৰ কেন্দ্রীয় শিক্ষা সম্পাদক শৰৎ হাজৰিকাই আজিৰ সংবাদ মেলত অ’ এন জি চি অসম সম্পদৰ ভুল নীতি, অসম বিৰোধী স্থিতি স্পষ্ট কৰি কয় যে শেহতীয়াকৈ অ’ এন জি চিয়ে সামাজিক-সাংস্কৃতিক দিশলৈ সহযোগিতা আগবঢ়োৱা প্রক্রিয়া বন্ধ কৰিবলৈ লোৱা দৃষ্টি গোচৰ হৈছে৷ এহ বিষয়ৰ প্রতি লক্ষ্য ৰাখি সদৌ শিৱসাগৰ জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনকে প্রমুখ্য কৰি আছুৰ সকলো নেতৃবৃন্দই অহা ২৮ আগষ্টৰ পুৱা ৫ বজাৰ পৰা আহবান কৰা ১০০ ঘণ্টীয়া অ’ এন জি চি বন্ধ কার্যসূচী অসম আৰু অসমীয়াৰ স্বার্থত সকলোকে সফল কৰিবলৈ আহবান জনাইছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি