Weather Data Source: wetter Bangalore 14 tage

June 25, 2025 2:04 pm

Home » আঞ্চলিক » সপ্ৰীতিৰ নিদৰ্শনঃ ৰঙিয়াত ইছলাম ধৰ্মী লোকে সৎকাৰ কৰিলে হিন্দু মৃতকৰ

সপ্ৰীতিৰ নিদৰ্শনঃ ৰঙিয়াত ইছলাম ধৰ্মী লোকে সৎকাৰ কৰিলে হিন্দু মৃতকৰ

ৰঙিয়া : ৰঙিয়াৰ সমিপৰ খন্দিকৰত আজি এক সপ্ৰীতিৰ নিদৰ্শন দাঙি ধৰিলে ইছলাম ধৰ্মৰ লোক সকলে। অসম খন যেন প্ৰকৃততে শংকৰ আজানৰ দেশ তাকে প্ৰমান কৰিলে অঞ্চলবাসীয়ে। মুছলমান ধৰ্মৰ পৰিয়ালৰ ঘৰত থাকি জীৱনৰ আধিক সময় অতিবাহিত কৰা বহিঃৰাজ্যৰ ৰাজকুমাৰ গৌৰ নামৰ ৬৫ বছৰীয়া ব্যক্তি এজনৰ যোৱানিশা মৃত্যু হোৱাৰ পিচত আজি হিন্দু ধৰ্মৰ নিয়ম নীতিৰে অন্তেষ্টি ক্ৰিয়া অম্পন্ন কৰা হয়। ঘটনাৰ বিষয়া জানিব পৰামতে ৰঙিয়া খন্দিকৰৰ চাদ্দাম আলী নামৰ ব্যক্তি এজনৰ ঘৰত বহু বছৰধৰি ৰাজকুমাৰ গৌৰ নামৰ ব্যক্তি এজন থাকিবলৈ লৈ ৰেলত চানা বিক্ৰি কৰি গৌৰৰ পৰিয়ালটো পোহপাল দি আছিল। কিন্তু যোৱা কেইদিনমানৰ পৰা ৰাজকুমাৰ অসুস্থ হৈ পৰাত অঞ্চলটোৰ ব্যক্তি সকলে বিভিন্ন ধৰণে সহায় কৰিছিল যদিও সুস্থ কৰি তুলিব নোৱাৰিলে ব্যক্তি জনক। কিন্ত যোৱানিশা ৰাজকুমাৰে মৃত্যুক সাৱতী লোৱাত পুনৰ ৰাজকুমাৰৰ পৰিয়ালটোক সহায় কৰিবলৈ আগবাৰী আহিল এবিএমছুকে ধৰি অঞ্চলটোৰ মুছলমান সম্প্ৰদায়ৰ লোক সকল।
পুৱাৰভাগত ওচৰৰে হিন্দু গাঁও এখনৰ পৰা দুজনমান ব্যক্তি মাতি আনি মৃতকৰ সৎকাৰৰ সময়ত প্ৰয়োজনীয় সামগ্ৰী সমুহৰ বিষয়ে জানি লয়। পিচত সকলো সামগ্ৰী কিনি আনি হিন্দু ধৰ্মৰ নিয়ম নীতিৰে খন্দিকৰৰ ওচৰৰ এখন স্মশানলৈ মৃতদেহটো লৈ যায়। মুছলমান ব্যক্তি সকলে মৃতদেহটো চিটাত তুলি দিয়াৰ পিচতে মৃত গৌৰৰ কণমানি পুত্ৰ সন্তান সঞ্জীৱ গৌৰে মুখা অগ্নি কৰে। এনেদৰে এক সপ্ৰীতিৰ নিদৰ্শনৰে আঞ্চলবাসীয়ে গৌৰৰ মৃত দেহ সৎকাৰ কৰে। ইফালে এই সন্দৰ্ভত এ বি এম ছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক নজৰুল ইছলামে জানিবলৈ দিয়া মতে। আমি সকলোয়ে জীৱ চেষ্ঠ মানুহ হিচাপে জন্মগ্ৰহণ কৰিছো যিহেতু সেই বাবে আমি ধৰ্মটো পিচত ৰাখি প্ৰথমে সকলোয়ে এজন প্ৰকৃত মানুহ হিচাপে আন এজন মানুহক সহায় কৰিব লাগে।
এনে দৰে সহায় কৰিলেহে আমাৰ শংকৰ আজানৰ দেশ বুলি কোৱা অসমখন বাচি থাকিব। যাৰ দ্বাৰা আমাৰ মাজত থকা ধৰ্মৰ ভেদা-ভেদ নোহোৱা হৈ পৰিব। ধৰ্মৰ নামত ৰাজনীতি পৰিহাৰ কৰি আমি মানুহ, পবিত্ৰ অসম ভুমিৰ আমি শংকৰ আজানৰ দেশৰ নাগৰিক হিচাপে পৰিচয় দি জীয়াই থাকিলে আমাৰ মাজত মিলাপ্ৰীতি বাঢ়িব বুলি ছাত্ৰ নেতা জনে উল্লেখ কৰে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি