Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 12:35 pm

Home » আঞ্চলিক » বিদেশী বুলি ঘোষণা কৰা লোকসকলক কি কৰা হ’ব : স্পষ্টীকৰণৰ দাবী সাহিত্য সভাৰ

বিদেশী বুলি ঘোষণা কৰা লোকসকলক কি কৰা হ’ব : স্পষ্টীকৰণৰ দাবী সাহিত্য সভাৰ

গুৱাহাটী : ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ পৰা বাদ পৰাৰ লগতে বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰা লোকসকলক কি কৰা হ’ব, সেই সন্দর্ভত স্থিতি স্পষ্ট কৰিবৰ বাবে আজি আহবান জনায় অসম সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত ঘূৰণীয়া মেজমেলে৷ এন আৰ চিক লৈ আন্তঃৰাষ্ট্রীয় পর্যায়ত অসমৰ ভাবমূর্তি ম্লান হোৱা কাম নকৰিবৰ বাবে সকলোকে আহবান জনোৱাৰ লগতে চূড়ান্ত নাগৰিকপঞ্জী প্রকাশ পোৱাৰ পাছত সকলো পক্ষকে শান্তি-সম্প্রীতি ৰক্ষা কৰি চলিবৰ বাবে আহবান জনায়৷
অসম সাহিত্য সভাৰ লগতে নন্দ তালুকদাৰ ফাউণ্ডেশ্যন আৰু ষ্টুডিঅ’ নীলিমাৰ উদ্যোগত আজি সভাৰ গুৱাহাটীস্থিত কার্যালয়ৰ ভগৱতী প্রসাদ বৰুৱা ভৱনত অনুষ্ঠিত হোৱা ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ পিছৰ অসম: জ্ঞানৰ সন্ধানত শীর্ষক এক ঘূৰণীয়া মেজমেলত বিভিন্ন পক্ষৰ বহুসংখ্যক লোকে অংশগ্রহণ কৰে৷ জ্যেষ্ঠ অধিবক্তা নিলয় দত্তই আঁত ধৰা মেজমেলত অসম চৰকাৰৰ মহাধিবক্তা ড০ ৰমেশ বৰপাত্রগোহাঁই, অধ্যাপক উদয়ন মিশ্র, বাওঁপন্থী নেতা হেমেন দাস, এইচ আৰ এ চৌধুৰী, অধ্যাপক আব্দুল মান্নান, সাহিত্যিক সুমন্ত চলিহা, কমলাকান্ত মুছাহাৰী, অমন ৱাদুদ, সাংবাদিক প্রশান্ত ৰাজগুৰু, অৱসৰপ্রাপ্ত আৰক্ষী বিষয়া পল্লৱ ভট্টাচার্য, সংগীতা বৰুৱা, সাংবাদিক মৃণাল তালুকদাৰ, চৈয়দ মমিনুল আৱাল, এ এছ টাপার্ড, অখিল ৰঞ্জন দত্ত আৰু ৰাজীৱ ভট্টাচার্যকে ধৰি বহুসংখ্যক লোকে অংশগ্রহণ কৰে৷ ৰাষ্ট্রীয় নাগৰিকপঞ্জী প্রকাশ পোৱাৰ আগত আৰু পাছত অসমত হ’ব পৰা সম্ভাব্য সকলো পৰিস্থিতিৰ বিষয়ে এই মেজমেলত বিস্তৃতভাৱে আলোচনা কৰা হয়৷
মেজমেলত নাগৰিকপঞ্জীৰ পৰা বাদ পৰাৰ পাছত আৰু বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰা লোকসকলক কি কৰা হ’ব আৰু এই লোকসকলক চৰকাৰে কি ব্যৱস্থা কৰিব, সেই সন্দর্ভত স্থিতি স্পষ্ট কৰিবৰ বাবে কেন্দ্রীয় চৰকাৰক আহবান জনোৱা হয়৷ উল্লেখযোগ্য যে ভাৰত আৰু বাংলাদেশৰ মাজত প্রত্যর্পণ চুক্তি নথকাৰ বাবে অসমত বাস কৰি থকা বাংলাদেশী লোকক চিনাক্ত কৰিলেও বহিষ্কৰণৰ সমস্যা আছে৷ এই সমস্যা কেন্দ্রই কিদৰে মষিমূৰ কৰিব, সেয়া মেজমেলত আলোচনাৰ বিষয় হৈ পৰে৷
আনহাতে নাগৰিকপঞ্জী সন্দর্ভত বিদেশত অসমৰ সন্দর্ভত ব্যাপক অপপ্রচাৰ চলি থকা বিষয়তো বিস্তৃতভাৱে আলোচনা কৰা হয় মেজমেলত৷ নাগৰিকপঞ্জীক লৈ এক দুষ্টচক্রই অসমৰ বিৰুদ্ধে অপপ্রচাৰ চলাই থকা বাবে মেজমেলত সকলো পক্ষকে আন্তঃৰাষ্ট্রীয় পর্যায়ত অসমৰ বিৰুদ্ধে অপপ্রচাৰ নচলাবলৈ আহবান জনোৱা হয়৷ এই অপপ্রচাৰ ৰোধ কৰাৰ বাবে অসমৰ সকলো পক্ষকে আগবাঢ়ি আহিবলৈও মেজমেলত আহবান জনোৱা হয়৷ আনহাতে চূড়ান্ত নাগৰিকপঞ্জী প্রকাশ পোৱাৰ পাছত ৰাজ্যত আইন-শৃংখলাজনিত পৰিস্থিতি উদ্ভৱ হোৱাৰ আশংকা অব্যাহত আছে৷
আজিৰ মেজমেলৰ পৰা ৰাজ্যৰ সকলো পক্ষকে চূড়ান্ত নাগৰিকপঞ্জী প্রকাশ পোৱাৰ পাছত শান্তি-শৃংখলা অব্যাহত ৰাখিবৰ বাবে আহবান জনায়৷ ইফালে নাগৰিকপঞ্জী প্রকাশ পোৱাৰ পাছত নাগৰিকপঞ্জীৰ পৰা নাম বাদ পৰা লোকসকলক পুনৰ আৱেদন কৰিবৰ বাবে ১২০ দিনৰ সময় দিয়া বিষয়টোক আদৰণি জনাই মেজমেলত বাদ পৰা লোকসকলক আইনী সহায় আগবঢ়োৱাৰ কথা ঘোষণা কৰা সকলো সংগঠনকে মেজমেলত আদৰণি জনোৱা হয়৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি