Weather Data Source: wetter Bangalore 14 tage

June 24, 2025 6:24 pm

Home » ক্ৰীড়া » টী-২০ ক্ৰিকেটত ৪ অ’ভাৰত ১৫ ৰাণ দি ৮টা উইকেট গৌতমৰ

টী-২০ ক্ৰিকেটত ৪ অ’ভাৰত ১৫ ৰাণ দি ৮টা উইকেট গৌতমৰ

ক্ৰিকেট বিশ্বক স্তম্ভিত কৰি টী-২০ত ইতিহাস ৰচিলে এগৰাকী ভাৰতীয় ক্ৰিকেটাৰে

বেংগলুৰু : টী-২০ ক্ৰিকেটত ইতিহাস ৰচিলে এগৰাকী ভাৰতীয় ক্ৰিকেটাৰে। কৰ্ণাটকৰ ৩০ বছৰীয়া কৃষ্ণায়া গৌতমে বেট আৰু বলেৰে চমৎকাৰ প্ৰদৰ্শন আগবঢ়াই চাঞ্চল্যৰ সৃষ্টি কৰিছে। অলৰাউণ্ডাৰ গৰাকীয়ে টী-২০ ক্ৰিকেটৰ ইতিহাসত এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।
শুকুৰবাৰে নিশা বেংগলুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত কৰ্ণাটক প্ৰিমিয়াৰ লীগ (কে পি এল)ৰ এখন খেলত এই ‘বিস্ফোৰণ’ ঘটায়। অৱশ্যে, গৌতমে কোনো অভিলেখ ভংগ কৰা নাই, কিয়নো ৰাজ্যৰ টী-২০ লীগখনক আনুষ্ঠানিক টী-২০ৰ স্বীকৃতি দিয়া হোৱা নাই। কে পি এলৰ প্ৰতিযোগিতাখনক ‘অন্য টী-২০’ খেল হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে।
আই পি এলত ৰাজস্থান ৰয়েলছ টীমৰ হৈ খেলা কৃষ্ণায়া গৌতমে বেল্লাৰী টাস্কৰ্ছৰ হৈ খেলি শিৱমোগা লায়নছৰ বিৰুদ্ধে ৫৬ টা বলত অপৰাজিত ১৩৪ ৰাণ কৰে। ইয়াৰ পাছত তেওঁৰ অফস্পীন বলিঙেৰে নিৰ্দিষ্ট ৪ অ’ভাৰত ১৫ ৰাণ দি ৮টা উইকেট দখল কৰে। তেওঁৰ দলটোৱে ৭০ ৰাণত বৃহৎ বিজয়ো সাৱ্যস্ত কৰে। আনুষ্ঠানিকভাৱে গৌতমে টী-২০ৰ কোনো অভিলেখ ভংগ কৰা নাই যদিও তেওঁ কে পি এলৰ কেইবাটাও অভিলেখ ভংগ কৰে।
তেওঁৰ অপৰাজিত ১৩৪ ৰাণৰ ইনিংছটো কে পি এলৰ সৰ্বোচ্চ ব্যক্তিগত স্কোৰ। তেওঁ মাত্ৰ ৩৯ টা বলত শতৰাণ সম্পূৰ্ণ কৰে। এইটো কে পি এলৰ আটাইতকৈ দ্ৰুত শতৰাণ। তদুপৰি, তেওঁ কেপিএলৰ এটা ইনিংছত সৰ্বাধিক ছিক্সাৰ কোবোৱাৰ অভিলেখো গঢ়ে। তেওঁ মুছতে ১৩ টা ছিক্সাৰ কোবায়। একেখন মেচতে গৌতমে ৮টা উইকেটো দখল কৰে য’ত এটা হেট্ৰিকো আছে। ৪ অ’ভাৰত মাত্ৰ ১৫ ৰাণ দি ৮টা উইকেট দখলেৰে সৰ্বশ্ৰেষ্ঠ বলিঙৰ অভিলেখ গঠা গৌতমে মেচখনত দুটা ক্যাচো ধৰে।
অষ্ট্ৰেলিয়াৰ প্ৰসিদ্ধ বেটছমেন ডীন জোন্সে টুইটত লিখিছে :
‘’মই এতিয়া দেখিলো গৌতমে ১৩টা ছিক্সাৰেৰে অপৰাজিত ১৩৪ ৰাণ আৰু ১৫ ৰাণ দি ৮টা উইকেট দখল কৰিছে… টী-২০ৰ ইতিহাসত সৰ্বশ্ৰেষ্ঠ বলিং বিশ্লেষণ! #মেচৰ শ্ৰেষ্ঠতম খেলুৱৈ।‘’ খেলখনৰ শেষত গৌতমে কৈছে,’’মোৰ লগা নাছিল… এই আশা আছিল, সেই সকলোকে ধন্যবাদ যিসকলে আমাক সংগ দিয়াৰ লগতে আমাক সমৰ্থন কৰিছে।‘’

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি