Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 4:06 am

Home » অন্যান্য » জুইক লৈ খেলা কৰা দেশবাসীৰ প্ৰিয় ৰাষ্ট্ৰপতিজন…

জুইক লৈ খেলা কৰা দেশবাসীৰ প্ৰিয় ৰাষ্ট্ৰপতিজন…

Dhrubajyoti Dhanantari

✔️ পৃথিৱীৰ হৃদপিণ্ড আমাজনত এতিয়া জুই। যিজন ব্যক্তিয়ে এই জুই নুমুওৱাৰ দায়িত্ব গ্ৰহণ কৰিব লাগিছিল তেওঁ নীৰৱ আৰু নিৰ্বিকাৰ। বিশ্ব নেতৃত্ব তেওঁকলৈ খৰ্গহস্ত। কিন্তু সকলো নিমাত হৈ থাকিবলৈ বাধ্য। কিয়নো Jair Bolsonaro নামৰ এই মানুহজনক বুজোৱা আৰু ঢেৰুৱা ঠাৰি সিজোৱা একেই।

✔️ জনতাৰ বিপুল ভোটেৰে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ পিছত তেওঁ এক ভাষণত কৈছিল, ‘আমাজন ব্ৰাজিলৰ আৰু ইয়াৰ ওপৰত কেৱল ব্ৰাজিলৰেই অধিকাৰ আছে। ইউৰোপীয় দেশসমূহে এই লৈ মূৰ নঘমোৱাই ভাল, কাৰণ তেওঁলোকে ইতিমধ্যে নিজ নিজ দেশৰ পৰিৱেশ আৰু জৈৱ বৈচিত্ৰ্য ধ্বংস কৰিছে।’ জুইৰ লেলিহান শিখাই আমাজনক ধ্বংসৰ দিশে নিয়াক লৈ বিশ্ববাসী উদ্বিগ্ন হৈ পৰাৰ সময়তে তেওঁ সকলোকে উপহাস কৰি কৈছে, ‘আমি আন সকলোতকৈ অধিক বৰ্ষাৰণ্য সংৰক্ষণ কৰিছো। গতিকে বিশ্বৰ আন কোনো দেশেই আমাজনক লৈ আমাক নীতিশিক্ষা দিয়াৰ নৈতিক অধিকাৰ নাই।’
✔️ ৰাষ্ট্ৰপতিগৰাকীৰ এনে দাম্ভিকতালৈ চাই আংশকা ব্যক্ত কৰিয়েই ক্ষান্ত হৈ আছে সকলো। ইউৰোপীয় ইউনিয়নেও ব্ৰাজিলৰ সৈতে বাণিজ্যিক সম্পৰ্ক ছেদ কৰাৰ কথা কৈছে যদিও সেয়া কাৰ্যতঃ হৈ উঠা নাই। সাতে সোতৰে মিলি আনাগত বিপদক নস্যাৎ কৰি নিজকে অহৰহ দেশপ্ৰেমিক বুলি দাবী কৰা ৰাষ্ট্ৰনায়কজনে উঠি পৰি লাগিছে বৰ্ষাৰণ্য নিধন যজ্ঞত। মুকলিকৈ সেয়া অস্বীকাৰ কৰিলেও পোহৰলৈ অহা তথ্য আৰু খবৰসমূহে যেন সেয়াই পৰিস্ফুট কৰি তুলিছে।
✔️ আগশাৰীৰ ইংৰাজী দৈনিক The Independent-ত প্ৰকাশিত বাতৰি মতে openDemocracy নামৰ ৰাজনৈতিক বা-বাতৰি প্ৰকাশ কৰি অহা স্বতন্ত্ৰ পৰ্টেল এটাই পোহৰলৈ আনিবলৈ সমৰ্থ হৈছে ৰাষ্ট্ৰপতি Bolsonaro-এ আমাজনক লৈ কৰা ভয়াৱহ ষড়যন্ত্ৰৰ যথেষ্ট তথ্য-প্ৰমাণ। আমাজন অৱবাহিকা অঞ্চলত উদ্যোগীকৰণ তথা খনিজ সম্পদ আহৰণৰ লক্ষ্যৰ কথা এই তথ্য-প্ৰমাণৰ পাতে পাতে স্পষ্ট হৈ আছে। বৰ্ষাৰণ্যক ক্ৰমাৎ মানৱ অৰণ্যলৈ ৰূপান্তৰিত কৰাৰ যো-জা চলোৱা ব্ৰাজিলৰ এইগৰাকী ৰাষ্ট্ৰপতিৰ ৰাজনৈতিক কৰ্ম-কাণ্ডৰ বিষয়ে জানিলে প্ৰকৃতি প্ৰেমী তথা গণতন্ত্ৰ প্ৰেমী প্ৰতিজন লোকৰে চকু কপালত উঠাতো নিশ্চিত।
✔️ ব্ৰাজিলত তেতিয়া ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ঢৌ। প্ৰগতিশীলসকলক ওফৰাই মুষ্টিমেয় সংখ্যকে ভিতৰি ভিতৰি সমৰ্থন আগবঢ়াইছে বলছ’নাৰোলৈ। কাৰণ এটাই, বলছ’নাৰোৱেহে ব্ৰাজিলক প্ৰগতিশীলসকলৰ পৰা বচাব পাৰিব, বলছ’নাৰোৱেহে ৰক্ষা কৰিব পাৰিব ধৰ্ম! ব্ৰাজিলৰ ৰক্ষণবাদীসকলক উৎসাহিত কৰি নিৰ্বাচনী ভাষণবোৰত বলছ’নাৰোৱে নাটকীয় ভংগিমাৰে প্ৰায়ে কৈছিল, ‘ঈশ্বৰ সকলোৰে ওপৰত। ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ বুলি আচলতে একো নাই। ব্ৰাজিল হৈছে এখন খ্ৰীষ্টান দেশ আৰু এজনো সংখ্যালঘুৱে যদি ইয়াৰ বিৰোধিতা কৰে তেন্তে তেওঁ নিজৰ ধাৰণা সলনি কৰিব লাগিব। সম্ভৱ হ’লে ধৰ্মও সলনি কৰিবলৈকো সাজু থাকিব লাগিব। অন্যথাই সহ্য কৰা নহ’ব।’
✔️ ছেকুলাৰিজম শব্দটোৰ লগতে লালবাহিনীৰো ঘোৰ বিৰোধী বলছ’নাৰো। ‘ছেকুলাৰিষ্ট আৰু লেফ্টিষ্টসকলক শেষ কৰি দিব লাগে। ইহঁতবোৰে আমাৰ ধৰ্ম আৰু সংস্কৃতি শেষ কৰি পেলাব। ইহঁতবোৰে সমকামিতাৰ সমৰ্থন কৰে। মোৰ ল’ৰাও যদি সমকামী হয় তেন্তে তাৰ দুৰ্ঘটনাত মৃত্যু হোৱাতো কামনা কৰিম। যদিহে কোনো সমকামী মোৰ ঘৰৰ পদুলিলৈ আহে তেন্তে মোৰ গোটেই ঘৰটোৱে অপৱিত্ৰ হৈ পৰা যেন লাগে।’-এক টেলিভিছন সাক্ষাৎকাৰত ৰাষ্ট্ৰপতি হোৱাৰ বহু পূৰ্বে ১৯৯৯ চনত এইদৰে কৈছিল বলছ’নাৰোৱে। তেতিয়া তেওঁ আছিল এজন সাংসদ। সেই সাক্ষাৎকাৰটোত তেওঁ আৰু কৈছিল, ‘ব্ৰাজিলক সলনি কৰাৰ এটাই মাত্ৰ পথ আছে আৰু সেয়া হৈছে সমাজবাদী ৰাষ্ট্ৰপতি Fernando Henrique Cardosoসহ তেওঁৰ অতিকমেও ৩০ হাজাৰ সমৰ্থকক গুলীয়াই হত্যা কৰা।’
✔️ ২০১৮ চনত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰৰ সময়তো সমাজবাদীসকলৰ বিৰুদ্ধে কটু মন্তব্য কৰি ৰক্ষণশীল আৰু ধৰ্মভীৰু ব্ৰাজিলিয়ানসকলৰ জনপ্ৰিয় নেতা হৈ পৰিছিল বলছ’নাৰো। এখন সভাত ভাষণ দি তেওঁ কৈছিল যে যদিহে শাসনলৈ আহিবলৈ সমৰ্থ হয় তেন্তে প্ৰথমেই ব্ৰাজিলক ধ্বংস কৰা লেফ্টিষ্টসকলক এজন এজনকৈ জেললৈ নিক্ষেপ কৰিব আৰু ছেকুলাৰিষ্টসকলক নিৰ্জন দ্বীপলৈ পঠিয়াই দিব। সেই ভাষণ শুনি লাখ লাখ ৰক্ষণশীল ব্ৰাজিলিয়ানে জাউৰিয়ে জাউৰিয়ে হাত চাপৰিৰে ওপচাই দিছিল তেওঁলোকৰ প্ৰিয় নেতাজনক।
✔️ ব্ৰাজিলক ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ পৰা খ্ৰীষ্টান ৰাষ্ট্ৰ কৰাৰ সপক্ষে মাত মতাৰ লগতে বাওপন্থী আৰু ছেকুলাৰিষ্টসকলৰ বিৰুদ্ধে কটু মন্তব্য কৰাৰ পিছতে আন্তঃৰ্জাতিক সংবাদ মাধ্যমত যথেষ্ট সমালোচনাৰ সন্মুখীন হবলগীয়াত পৰে বলছ’নাৰো। লগে লগে তেওঁ সুৰ সলনি কৰি ক’বলৈ আৰম্ভ কৰে, ‘আমি ধৰ্ম নিৰ্বিশেষে সকলোকে সম-অধিকাৰ প্ৰদান কৰা এখন চৰকাৰ গঢ়াৰ পক্ষপাতী। আনকি নাস্তিকসকলৰ বাবেও। ব্ৰাজিলত প্ৰায় ৫ শতাংশ নাস্তিক আছে, আৰু তেওঁলোকৰো সেই একেই অধিকাৰ থকা উচিত যি অধিকাৰ বাকীসকলৰ আছে।’
✔️ লোকক দেখুৱাই তেনেকৈ ক’লেও বলছ’নাৰোৰ অন্তৰে পিছে ব্ৰাজিলক এখন খ্ৰীষ্টান ধৰ্ম প্ৰধান ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ স্বপ্নতহে বিভোৰ হৈ আছিল। অৱশেষত ৰক্ষণশীল ব্ৰাজিলবাসীয়ে তেওঁৰ সপক্ষে ভোটদান কৰে আৰু চলিত বৰ্ষৰ ১ জানুৱাৰীত দেশখনৰ ৩৮ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে। ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিয়েই জনতাৰ দুখ-দুৰ্দশা উপলব্ধি নকৰাকৈ দেশৰ শাসন ব্যৱস্থাত স্ব-ইচ্ছাই ইটোৰ পিছত সিটো পৰিৱৰ্তন সংঘটিত কৰিবলৈ আৰম্ভ কৰে বলছ’নাৰোৱে। এনে পৰিৱৰ্তনসমূহৰ ভিতৰত অন্যতম হৈছে শিক্ষা শিতানত ৰাষ্ট্ৰীয় বাজেটৰ ধনৰ পৰিমাণ কেবাগুণে হ্ৰাস কৰা, বৈজ্ঞানিক গৱেষণাৰ জলপানি বন্ধ কৰা আদি। এনেদৰে এটাৰ পিছত এটাকৈ উদ্ভট কাৰ্য-কলাপেৰে সম্প্ৰতি ব্ৰাজিলৰ অৰ্থনীতিলৈ ক্ৰমাৎ অন্ধকাৰ নমাই আনিছে ছেকুলাৰিজমৰ বিৰোধী এইজন ৰাষ্ট্ৰপতিয়ে।
✔️ সংখ্যাগৰিষ্ঠ ৰক্ষণশীল ব্ৰাজিলিয়ানসকলৰ প্ৰিয় ৰাষ্ট্ৰপতি হ’লেও শেহতীয়া কাৰ্য-কলাপলৈ চাই তেওঁৰ শাসনকালতে দেশখন আৰু বহু বছৰ পিছুৱাই যাব বুলি আশংকা ব্যক্ত কৰিছে ৰাজনৈতিক বিশ্লেষকসকলে। আনকি বহুতে বলছ’নাৰোৰ শাসনকালত দেশখন পুনৰ ১৯৬৪-১৯৮৫ চনৰ আমেৰিকা সমৰ্থিত সামৰিক শাসনলৈ উভতি যোৱাৰো সম্ভাৱনা দেখা পাইছে। বলছ’নাৰো নিজেই এজন সেনা বিষয়া হোৱালৈ চাই এই সম্ভাৱনা অধিক ঘনীভূত হৈ পৰিছে।
✔️ বিশেষকৈ সেনা বিষয়া হোৱাৰ সুবাদতে আমেৰিকা সমৰ্থিত সামৰিক একনায়কত্ববাদ চলাৰ সময়ত ব্ৰাজিল বহুপৰিমাণা আগবঢ়া আছিল বুলি সময়ে সময়ে কৰি অহা মন্তব্যই ব্ৰাজিলৰ প্ৰগতিশীল সমাজক অধিক শংকিত কৰি তুলিছে। ইয়াৰ মাজতে আমাজনৰ জুইৰ প্ৰসংগত নিৰ্লিপ্ত ভূমিকা অৱলম্বন কৰা বিষয়টোৱেও ছেকুলাৰিজম বিৰোধী বলছ’নাৰোৰ পৰৱৰ্তী কাৰ্যপন্থাৰ বহু ইংগিত বহন কৰিছে বুলি ক’ব খোজে বিশ্বৰ ৰাজনৈতিক মহলে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি