Weather Data Source: wetter Bangalore 14 tage

June 17, 2025 10:32 am

Home » মনোৰঞ্জন » ছবিগৃহত অসমীয়া ছবিৰ প্ৰদৰ্শন বাধ্যতামূলক

ছবিগৃহত অসমীয়া ছবিৰ প্ৰদৰ্শন বাধ্যতামূলক

৪০বছৰীয়া অপেক্ষাৰ অন্তত অসমীয়া ছবি উদ্যোগলৈ আশাৰ ৰেঙণি

গুৱাহাটী : সকলোৰে সপোন থাকে নিজৰ আঞ্চলিক ভাষাৰ ছবি উদ্যোগটোক ডাঙৰকৈ চোৱাৰ! ১৯৩৫ চনতে প্ৰথমবাৰৰ কাৰণে অসমীয়া ভাষাত ছবি নিৰ্মাণ হৈছিল যদিও বিভিন্ন সমস্যাৰ সন্মুখীন হৈ এটাসময়ত একেবাৰে দুৰ্বল হৈ পৰিছিল অসমীয়া ছবি উদ্যোগটো। সমসাময়িক কলিকতা, মাৰাঠী, পাঞ্জাৱী ছবি সময়ত বহু দূৰ আগবাঢ়ি গ’ল যদিও, থাকি গ’ল অসমীয়া ছবি উদ্যোগ।

অসমীয়া ছবি উদ্যোগক সবল কৰি তোলাৰ লগতে এখন শক্তিশালী চলচিত্ৰ নীতি প্ৰস্তুত কৰিবৰ বাবে দীৰ্ঘদিন ধৰি চৰকাৰক দাবী কৰি আহিছিল অসমীয়া ছবিৰ সৈতে জড়িত কলা কৌশলী সকলে। ২০১৬ চনত সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতে, ৰাজ্যৰ চলচিত্ৰক শক্তিশালী কৰি তুলিবলৈ বিভিন্ন কাৰ্যপন্থা হাতত লয়।
চলচিত্ৰ উদ্যোগক নতুনকৈ জীৱন দিয়াৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে প্ৰণয়ন কৰে এখন পূৰ্ণাংগ আৰু শক্তিশালী চলচ্চিত্ৰ নীতি। ফলস্বৰূপে প্ৰায় ৪০বছৰীয়া অপেক্ষাৰ অন্তত অসমীয়া চলচ্চিত্ৰ উদ্যোগটোলৈ এতিয়া আহিছে কিছু আশাৰ ৰেঙণি।

কি কি থাকিব এই চলচ্চিত্ৰ নীতিত :

  • প্ৰতিদিনেই ছবিগৃহত আঞ্চলিক ভাষাৰ ছবি প্ৰদৰ্শনৰ ব্যৱস্থা।
  • 25 খন পৰ্যন্ত ছবিলৈ প্ৰযোজনা ব্যয়ৰ 25 শতাংশ পৰ্যন্ত আৰ্থিক সাহায্য।
  • আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত সন্মান লাভ কৰা ছবিলৈ 20 লাখৰ পৰা 2 কোটি টকালৈ আৰ্থিক সাহায্য।
  • ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত ছবিলৈও থাকিব আৰ্থিক সাহায্য, আৰু পৰৱৰ্তী ছবি নিৰ্মাণৰ বাবে সহযোগিতা।
  • নতুন ছবিগৃহ নিৰ্মাণৰ বাবে আৰ্থিক সাহায্য।
  • জ্যোতি চিত্ৰবনৰ আধুনিকীকৰণৰ ব্যৱস্থা,যত নিৰ্মাতা সকলে ৰেহাই মূল্যত লাভ কৰিব সুবিধা ।
  • 20খনকৈ আঞ্চলিক ভাষাৰ ছবিক আৰ্থিক সাহায্য প্ৰদান।
  • লগতে আৰু বিভিন্ন দিশ সামৰি ল’ব চলচিত্ৰ নীতিখনে। এই নীতিৰ প্রণয়নৰ বাবে অসম চৰকাৰক ধন্যবাদ জনোৱাৰ উদ্দেশ্য মহানগৰীৰ জ্যোতি চিত্ৰবনত চলচ্চিত্ৰ সমাজে সোমবাৰে অনুষ্ঠিত কৰে এক বিশেষ অনুষ্ঠানৰ৷ এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিজেপিৰ সভাপতি ৰঞ্জিত দাস, সাংসদ কুইন ওজা, সাংস্কৃতিক মন্ত্ৰী নৱ কুমাৰ দলে, কৃষি মন্ত্ৰী অতুল বৰা, বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য, মন্ত্ৰী পিয়ুষ হাজৰিকাকে ধৰি চলচিত্ৰ সমাজৰ কেইবাজনো ৰাজনৈতিক নেতা, শিল্পী কলা-কুশলী।
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই গঢ় দি যোৱা অসমীয়া চলচ্চিত্ৰ উদ্যোগটোৱে দীৰ্ঘদিনধৰি যুঁজ দি আছিল এখন পূৰ্ণাংগ চলচ্চিত্ৰ নীতিৰ কাৰণে ৷ মুনীন বৰুৱা, বিজু ফুকন, ইন্দ্ৰ বণিয়াকে ধৰি বহু কেইজন চলচ্চিত্ৰ জগতৰ নক্ষত্ৰই নেদেখিলে আজিৰ এই ইতিবাচক দিনটো ৷ এটা কথা ঠিক যে এই চলচ্চিত্ৰ নীতিয়ে ভাল চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত সকলোকে উৎসাহী কৰাৰ লগতে নৱাগতসকলোকো যে অনুপ্ৰেৰণা যোগাব সেয়া ধূৰূপ ৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি