Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 4:33 am

Home » আঞ্চলিক » এন আৰ চি নহয়, চাহ শ্ৰমিকৰ বোনাছক কেন্দ্র কৰি উত্তপ্ত হ’ব পাৰে ৰাজ্য

এন আৰ চি নহয়, চাহ শ্ৰমিকৰ বোনাছক কেন্দ্র কৰি উত্তপ্ত হ’ব পাৰে ৰাজ্য

গুৱাহাটী : ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্রকাশৰ পাছত ৰাজ্যত উদ্ভৱ হ’ব পৰা আইন-শৃংখলাজনিত পৰিস্থিতিক লৈ সষ্টম হোৱাৰ সময়তে ভূতৰ ওপৰতে দানহ পৰাদি আন এক সমস্যাই প্রত্যাহবানৰ সন্মুখীন কৰাব ৰাজ্য চৰকাৰক৷ চাহ বাগিচা অঞ্চলসমূহত এইবাৰ শাৰদীয় দুগোর্ৎসৱৰ সময়ত বোনাছক কেন্দ্র কৰি পৰিস্থিতি উত্তপ্ত হৈ পৰাৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে৷ পূর্বে বাগিচাসমূহত দুর্গা পূজাৰ সময়ত প্রাপ্য বোনাছ দাবী কৰা শ্রমিকৰ ওপৰত গুলীচালনা হোৱাৰ দৰে ঘটনা সংঘটিত হৈছিল যদিওনূ্যনতম বোনাছ বাগিচা কর্তৃপক্ষই আদায় দিয়াত তেনে পৰিস্থিতিৰ অৱসান ঘটিছিল৷ বোনাছক কেন্দ্র কৰি পূর্বৰ দৰে শ্রমিক আৰু বাগিচা কর্তৃপক্ষৰ মাজত সৃষ্টি হোৱা মত বিৰোধ পুনৰ উদ্ভৱ হৈছে৷
যাৰ ফলত শাৰদীয় দুগোর্ৎসৱৰ সময়ত প্রাপ্য বোনাছ আদায়ৰ প্রসংগত ৰাজ্যৰ পৰিস্থিতি উত্তপ্ত হৈ পৰাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ উল্লেখযোগ্য যে চাহৰ চাহিদা হ্রাসকে ধৰি বিভিন্ন কাৰণত চাহ উদ্যোগলৈ নামি অহা সংকটৰ দোহাই দি এই বছৰ চাহ শ্রমিকক নূ্যনতম বোনাছ ২০ শতাংশ আদায় দিব নোৱৰাৰ কথা ঘোষণা কৰিছে চাহ সংস্থাসমূহে৷
বিগত বছৰসমূহত মৃত্যুঘণ্টা বাজি থকা অসম চাহ নিগমৰ বাগিচাৰ শ্রমিককো নূ্যনতম বোনাছ ২০ শতাংশ আদায় দিয়া হৈছিল৷ এইবাৰ বৃহৎ চাহ কোম্পানীসমূহেও নূ্যনতম বোনাছ দিয়াত অপাৰগতা প্রকাশ কৰাত চাহ শ্রমিকসকলৰ মাজত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ ৰাজ্য চৰকাৰে চাহ শ্রমিকৰ প্রাপ্য আদায়ৰ উদ্যোগ লোৱাৰ পৰিৱর্তে চাহ কোম্পানীসমূহ বন্ধ কৰি দিব লাগে, লীজ বাতিল কৰিব লাগে, অসম চাহ মজদুৰ সংঘ, টী ব’র্ড ভাঙি দিব লাগে আদি তৰল মন্তব্য দিয়াত চৰকাৰৰ বিৰুদ্ধে শ্রমিকসকলৰ ক্ষোভ বৃদ্ধি হৈছে৷
বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে বাগিচাৰ শ্রমিকসকলৰ মাজত দুই কেজিকৈ চেনি যোগান দিয়াৰ লগতে চর্ৰসকলক দিছে ম’বাইল ফ’ন৷ চাহ শ্রমিকৰ মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰাৰ প্রতিশ্রুতি দিয়া ৰাজ্য চৰকাৰে মাত্র ৩০ টকা অন্তৱর্র্তীকালীন মজুৰি বৃদ্ধি কৰি নিৰিখ মাত্র ১৬৭ টকাতে সীমাবদ্ধ ৰাখিছে৷ দুর্গা পূজাৰ সময়ত নূ্যনতম বোনাছ ৮.৩৩ শতাংশ আৰু এককালীন সাহায্য ১১.৬৭ অর্থাৎ মুঠ ২০ শতাংশ বোনাছ বিগত বছৰসমূহত লোকচানৰ সন্মুখীন হোৱা সৰু সৰু চাহ কোম্পানীসমূহেও আদায় দিছিল৷
এইবাৰ চাহ উদ্যোগলৈ নামি অহা সংকটৰ দোহাই দি চাহ শ্রমিকক নূ্যনতম ২০ শতাংশ বোনাছো দিব নোৱৰাৰ ইংগিত দিয়াত অসম চাহ মজদুৰ সংঘই তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে৷ চাহ শ্রমিকৰ মাজত সৃষ্টি হ’ব পৰা ক্ষোভৰ উমান পায়েই গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক আগতীয়াকৈ সতর্ক কৰি দিয়া কার্যই স্পষ্ট কৰিছে বোনাছক কেন্দ্র কৰি ৰাজ্যত আন এক আইন-শৃংখলাজনিত পৰিস্থিতি উদ্ভৱ হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷
চাহ উদ্যোগৰ সংকটৰ দোহাই দি নূ্যনতম বোনাছ আদায় নিদিয়াৰ ষড়যন্ত্র ৰচনা কৰা বাগিচা মালিকৰ পক্ষত চৰকাৰ থিয় দিছে বুলি অভিহিত কৰিছে এ চি এম এছৰ উপ-সভাপতি ৰাজু চাহুৱে৷ তেওঁ কয় যে চৰকাৰে এক বিভ্রান্তিমূলক পৰিৱেশ সৃষ্টি কৰিছে৷ এনে পৰিৱেশ পূর্বে বিজেপি চৰকাৰ কেন্দ্রত ক্ষমতালৈ অহাৰ সময়ত হৈছিল৷ চাহ উদ্যোগটো পুনৰ একেই অৱস্থাৰ সন্মুখীন হৈছে৷
যাৰ ফল ভুগিছে নিৰীহ শ্রমিকসকলে৷ এ চি এম এছৰ নেতাগৰাকীয়ে কয়, ‘দুই-এটা কোম্পানী বিভিন্ন কাৰণত লোকচানৰ সন্মুখীন হ’ব পাৰে, কিন্তু সকলো কোম্পানী লোকচানৰ সন্মুখীন হোৱাটো কোনো কাৰণতে মানি ল’ব নোৱাৰি৷’ শ্রমিকক নূ্যনতম ২০ শতাংশ বোনাছ দিবই লাগিব বুলি তেওঁ উল্লেখ কৰে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি