| |

জুইক লৈ খেলা কৰা দেশবাসীৰ প্ৰিয় ৰাষ্ট্ৰপতিজন…

@ Dhrubajyoti Dhanantari ✔️ পৃথিৱীৰ হৃদপিণ্ড আমাজনত এতিয়া জুই। যিজন ব্যক্তিয়ে এই জুই নুমুওৱাৰ দায়িত্ব গ্ৰহণ কৰিব লাগিছিল তেওঁ নীৰৱ আৰু নিৰ্বিকাৰ। বিশ্ব নেতৃত্ব তেওঁকলৈ খৰ্গহস্ত। কিন্তু সকলো নিমাত হৈ থাকিবলৈ বাধ্য। কিয়নো Jair Bolsonaro নামৰ এই মানুহজনক বুজোৱা আৰু ঢেৰুৱা ঠাৰি সিজোৱা একেই। ✔️ জনতাৰ বিপুল ভোটেৰে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ পিছত তেওঁ এক ভাষণত কৈছিল, ‘আমাজন ব্ৰাজিলৰ আৰু ইয়াৰ ওপৰত কেৱল ব্ৰাজিলৰেই অধিকাৰ আছে। ইউৰোপীয় দেশসমূহে এই লৈ মূৰ নঘমোৱাই ভাল, কাৰণ তেওঁলোকে ইতিমধ্যে নিজ নিজ দেশৰ পৰিৱেশ আৰু জৈৱ বৈচিত্ৰ্য ধ্বংস কৰিছে।’ জুইৰ লেলিহান শিখাই আমাজনক ধ্বংসৰ দিশে নিয়াক লৈ বিশ্ববাসী উদ্বিগ্ন হৈ পৰাৰ সময়তে তেওঁ সকলোকে উপহাস কৰি কৈছে, ‘আমি আন সকলোতকৈ অধিক বৰ্ষাৰণ্য সংৰক্ষণ কৰিছো।

|

৩ সপ্তাহ ধৰি নিৰ্বাপিত হোৱা নাই এমেজনৰ জুই : আমেৰিকাৰ ৯খন দেশৰ আকাশত বিষাক্ত ধোঁৱা

ব্ৰাজিলত ঘোষণা কৰা হৈছে জৰুৰীকালীন অৱস্থা ৱেব সংবাদ : এতিয়াও ব্ৰাজিলৰ এমেজন বৰ্ষাৰণ্যত অব্যাহত আছে জুইৰ সংহাৰী ৰূপ। তিনি সপ্তাহ ধৰি নিৰ্বাপিত হোৱা নাই এমেজনৰ জুই। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো এমেজনৰ জুইক লৈ চিন্তা ব্যক্ত কৰা হৈছে। এই ভয়ংকৰ অগ্নিকাণ্ডক লৈ ব্ৰাজিলত ঘোষণা কৰা হৈছে জৰুৰীকালীন অৱস্থা। জুইৰ পৰা নিৰ্বাপিত বিষাক্ত ধোঁৱাই ছানি ধৰিছে দক্ষিণ আমেৰিকাৰ ৯খন দেশৰ আকাশ। এই ধোঁৱাই ভয়ংকৰভাৱে প্ৰদূষিত কৰিছে পৰিৱেশ। নাছাৰ সূত্ৰ অনুসৰি, ২৮০০ বৰ্গ কিলোমিটাৰ ক্ষেত্ৰফল আৱৰি ধৰিছে বিষাক্ত ধোঁৱাই। এই জুই ইমানেই ভয়ংকৰভাৱে বৃদ্ধি পাইছে যে মহাকাশৰ পৰাও দৃশ্যমান হৈছে। নাছাই উপগ্ৰহৰ জৰিয়তে এই জুইৰ ফটোও সংগ্ৰহ কৰিছে। উল্লেখযোগ্য যে জুলাইৰ পৰা অক্টোবৰ মাহৰ ভিতৰত খৰাং বতৰৰ বাবে ব্ৰাজিলৰ জংঘলত বনজুইৰ সূত্ৰপাত হোৱাটো স্বাভাৱিক কথা।

|

বিদেশী বুলি ঘোষণা কৰা লোকসকলক কি কৰা হ’ব : স্পষ্টীকৰণৰ দাবী সাহিত্য সভাৰ

গুৱাহাটী : ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ পৰা বাদ পৰাৰ লগতে বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰা লোকসকলক কি কৰা হ’ব, সেই সন্দর্ভত স্থিতি স্পষ্ট কৰিবৰ বাবে আজি আহবান জনায় অসম সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত ঘূৰণীয়া মেজমেলে৷ এন আৰ চিক লৈ আন্তঃৰাষ্ট্রীয় পর্যায়ত অসমৰ ভাবমূর্তি ম্লান হোৱা কাম নকৰিবৰ বাবে সকলোকে আহবান জনোৱাৰ লগতে চূড়ান্ত নাগৰিকপঞ্জী প্রকাশ পোৱাৰ পাছত সকলো পক্ষকে শান্তি-সম্প্রীতি ৰক্ষা কৰি চলিবৰ বাবে আহবান জনায়৷ অসম সাহিত্য সভাৰ লগতে নন্দ তালুকদাৰ ফাউণ্ডেশ্যন আৰু ষ্টুডিঅ’ নীলিমাৰ উদ্যোগত আজি সভাৰ গুৱাহাটীস্থিত কার্যালয়ৰ ভগৱতী প্রসাদ বৰুৱা ভৱনত অনুষ্ঠিত হোৱা ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ পিছৰ অসম: জ্ঞানৰ সন্ধানত শীর্ষক এক ঘূৰণীয়া মেজমেলত বিভিন্ন পক্ষৰ বহুসংখ্যক লোকে অংশগ্রহণ কৰে৷ জ্যেষ্ঠ অধিবক্তা নিলয় দত্তই আঁত ধৰা মেজমেলত অসম

২৮ আগষ্টৰ পৰা শ ঘণ্টীয়া অ’ এন জি চি বন্ধৰ আহবান আছুৰ

গুৱাহাটী : অহা ২৮ আগষ্টৰ পুৱা ৫ বজাৰ পৰা ১০০ ঘণ্টাৰ বাবে অ’ এন জি চি বন্ধৰ কার্যসূচী ৰূপায়ণ কৰিব সদৌ শিৱসাগৰ জিলা ছাত্র সন্থাই৷ আজি জিলা ছাত্র সন্থাৰ কার্যালয়ত আহবান কৰা এক সংবাদ মেলত এই কথা সদৰী কৰে জিলা ছাত্র সন্থাৰ সম্পাদক সমীৰণ ফুকন, আছুৰ কেন্দ্রীয় উপ সভাপতি মাণিক গগৈ, আছুৰ কেন্দ্রীয় শিক্ষা সম্পাদক শৰৎ হাজৰিকাকে আদি কৰি আছুৰ কেন্দ্রীয় আৰু জিলা নেতৃবর্গই৷ গেলেকী তৈলক্ষেত্রৰ ব্যক্তিগতকৰণৰ বিৰোধিতা কৰাৰ লগতে অ’ এন জি চি অসম সম্পদৰ থলুৱা নিয়োগ নীতিত অনিহা, আর্থ-সামজিক-সাংস্ৃকতিক উন্নয়নত গুৰুত্বহীনতাৰ লগতে আন আন অসম বিৰোধী কার্যকলাপৰ বিৰুদ্ধে এই বন্ধৰ কার্যসূচী ৰূপায়ণ কৰিব ছাত্র সংগঠনটোৱে৷ এই সকলোৰে ভিতৰত উল্লেখযোগ্য বিষয়টো হ’ল শ্লামবার্জাৰ নামৰ এক ব্যক্তিগত প্রতিষ্ঠানক উৎপাদনক্ষম গেলেকী

INX মিডিয়া কেলেংকাৰীঃ উচ্চতম ন্যায়ালয়ত মুখ থেকেচা খালে পি চিদাম্বৰমে

নতুন দিল্লী : প্ৰাক্তন বিত্ত মন্ত্ৰী পি চিদাম্বৰম বৰ্তমান চিবিআইৰ জিম্মাত। INX মিডিয়া কেলেংকাৰীত জড়িতৰ অভিযোগত CBI–এ গ্ৰেপ্তাৰ কৰিছিল প্ৰাক্তন বিত্ত মন্ত্ৰী পি চিদাম্বৰমক। ২১ আগষ্টৰ নিশা গ্ৰেপ্তাৰৰ পিছতে বাসগৃহৰ পৰা CBIৰ মুখ্য কাৰ্যালয়লৈ লৈ যোৱা হয় চিদাম্বৰমক। গ্ৰেপ্তাৰৰ পিছৰ পৰাই চিদাম্বৰমৰ অধিবক্তাই এতিয়া জামিনৰ বাবে চেষ্টা কৰি আছে। সোমবাৰে উচ্চতম ন্যায়ালয়তো মুখ থেকেচা খালে পি চিদাম্বৰমে। দিল্লী উচ্চ ন্যায়ালয়ে অগ্ৰিম জামিন মঞ্জুৰ নকৰাত চিদাম্বৰম উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হৈছিল যদিও, বিষয়টোত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰে উচ্চতম ন্যায়ালয়ে। উল্লেখযোগ্য যে, ৫ দিন চিবিআইৰ জিম্মাত থাকিবলগীয়া সময়সীমা হোৱা পি চিদাম্বৰমক আজি হাজিৰ কৰা হ’ব চি বি আইৰ ন্যায়ালয়ত।

ধোৱাচাঙত মডেল বিটিচি : এশ এবুৰি সমস্যাৰে ভাৰাক্রান্ত বি টি চি

কোকৰাঝাৰ : বি টি চিৰ মুৰববী হাগ্রামা মহিলাৰীয়ে যি সময়ত মডেল বি টি চি গঢ়াৰ সপোন দেখিছে, সভাই-সমিতিয়ে ৰাস্তা-ঘাট, চিকিৎসা, কৃষি আৰু শিক্ষা উন্নয়নৰ জয়গান গাই আছে, সেই সময়তে এশ এবুৰি সমস্যাৰে যেন ভাৰাক্রান্ত হৈ পৰিছে বি টি চি৷ তেনে এটা বিভাগ হৈছে মার্কেট এণ্ড ফেয়াৰ বিভাগ৷ বি টি চিৰ অন্তর্গত কোকৰাঝাৰ, চিৰাং, বাক৲সা আৰু ওদালগুৰি জিলাত ৫০০ৰো অধিক সৰু-বৰ দৈনিক, সাপ্তাহিক, অর্ধ-সাপ্তাহিক বজাৰ আছে৷ এই বজাৰৰ পৰা প্রত্যেক বছৰে নিবিদাৰ জৰিয়তে কোটি কোটি টকা সংগ্রহ কৰি আহিছে যদিও আজিও বজাৰৰ উন্নয়ন হোৱা পৰিলক্ষিত হোৱা নাই৷ বজাৰত নতুনকৈ ঘৰ নির্মাণ কৰাৰ কথা বাদেই, পুৰণা ঘৰসমূহৰো মেৰামতি নাই৷ নাই পদপথ, নলা, বিশুদ্ধ খোৱা পানী, শৌচাগাৰ, প্রস্রাৱগাৰ আদিৰ ব্যৱস্থা৷ অথচ এই বিভাগটোৰ

ছবিগৃহত অসমীয়া ছবিৰ প্ৰদৰ্শন বাধ্যতামূলক

৪০বছৰীয়া অপেক্ষাৰ অন্তত অসমীয়া ছবি উদ্যোগলৈ আশাৰ ৰেঙণি গুৱাহাটী : সকলোৰে সপোন থাকে নিজৰ আঞ্চলিক ভাষাৰ ছবি উদ্যোগটোক ডাঙৰকৈ চোৱাৰ! ১৯৩৫ চনতে প্ৰথমবাৰৰ কাৰণে অসমীয়া ভাষাত ছবি নিৰ্মাণ হৈছিল যদিও বিভিন্ন সমস্যাৰ সন্মুখীন হৈ এটাসময়ত একেবাৰে দুৰ্বল হৈ পৰিছিল অসমীয়া ছবি উদ্যোগটো। সমসাময়িক কলিকতা, মাৰাঠী, পাঞ্জাৱী ছবি সময়ত বহু দূৰ আগবাঢ়ি গ’ল যদিও, থাকি গ’ল অসমীয়া ছবি উদ্যোগ। অসমীয়া ছবি উদ্যোগক সবল কৰি তোলাৰ লগতে এখন শক্তিশালী চলচিত্ৰ নীতি প্ৰস্তুত কৰিবৰ বাবে দীৰ্ঘদিন ধৰি চৰকাৰক দাবী কৰি আহিছিল অসমীয়া ছবিৰ সৈতে জড়িত কলা কৌশলী সকলে। ২০১৬ চনত সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতে, ৰাজ্যৰ চলচিত্ৰক শক্তিশালী কৰি তুলিবলৈ বিভিন্ন কাৰ্যপন্থা হাতত লয়। চলচিত্ৰ উদ্যোগক নতুনকৈ জীৱন দিয়াৰ

|

এন আৰ চি নহয়, চাহ শ্ৰমিকৰ বোনাছক কেন্দ্র কৰি উত্তপ্ত হ’ব পাৰে ৰাজ্য

গুৱাহাটী : ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্রকাশৰ পাছত ৰাজ্যত উদ্ভৱ হ’ব পৰা আইন-শৃংখলাজনিত পৰিস্থিতিক লৈ সষ্টম হোৱাৰ সময়তে ভূতৰ ওপৰতে দানহ পৰাদি আন এক সমস্যাই প্রত্যাহবানৰ সন্মুখীন কৰাব ৰাজ্য চৰকাৰক৷ চাহ বাগিচা অঞ্চলসমূহত এইবাৰ শাৰদীয় দুগোর্ৎসৱৰ সময়ত বোনাছক কেন্দ্র কৰি পৰিস্থিতি উত্তপ্ত হৈ পৰাৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে৷ পূর্বে বাগিচাসমূহত দুর্গা পূজাৰ সময়ত প্রাপ্য বোনাছ দাবী কৰা শ্রমিকৰ ওপৰত গুলীচালনা হোৱাৰ দৰে ঘটনা সংঘটিত হৈছিল যদিওনূ্যনতম বোনাছ বাগিচা কর্তৃপক্ষই আদায় দিয়াত তেনে পৰিস্থিতিৰ অৱসান ঘটিছিল৷ বোনাছক কেন্দ্র কৰি পূর্বৰ দৰে শ্রমিক আৰু বাগিচা কর্তৃপক্ষৰ মাজত সৃষ্টি হোৱা মত বিৰোধ পুনৰ উদ্ভৱ হৈছে৷ যাৰ ফলত শাৰদীয় দুগোর্ৎসৱৰ সময়ত প্রাপ্য বোনাছ আদায়ৰ প্রসংগত ৰাজ্যৰ পৰিস্থিতি উত্তপ্ত হৈ পৰাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷

|

সততাই বিশ্বাসযোগ্যতা আনে…

@ জাহিদুল ইছলাম মিৰ্ধা ষাঠিৰোৰ্ধৰ এজন CEO অৱসৰ লোৱাৰ আগে আগে তেওঁৰ স্বনামধন্য কোম্পানীৰ উত্তৰাধিকাৰ হিচাপে এজন সৎ আৰু যোগ্য CEO নির্বাচন কৰিব বিচাৰিলে। কিন্তু চিৰাচৰিত নিয়মৰে তেওঁ তেওঁৰ পৰিচালক সকল বা নিজৰ ল’ৰা-ছোৱালীৰ মাজৰ পৰা কাকো উত্তৰাধিকাৰী নবনাই ভিন্নধর্মী কিবা এটা কৰাৰ কথা চিন্তা কৰিলে। সেয়ে এদিন সকলো এক্সিকিউটিভক ক’লে, “মই সিদ্ধান্ত লৈছোঁ আপোনালোকৰ মাজৰ পৰা এজনক পৰৱর্তী CEO নিয়োগ কৰিম।” কথাটো শুনি সকলোৱেই হতবাক! কিন্তু ভিতৰি ভিতৰি আনন্দিতও হল। কোম্পানীৰ CEO হোৱাৰ সপোন দেখা পাই আটাইৰে মন উৎফুল্লিত হৈ পৰিল। এইবাৰ বৃদ্ধ CEOজনে ক’বলৈ ধৰিলে “মই আপোনালোক প্রত্যেককে এটিকৈ ‘বীজ’ দিম। এই বীজটো আপোনালোকে টাবত ৰোপণ কৰিব, পানী দিব, যত্ন কৰিব আৰু ঠিক এবছৰ পাছত সেয়া মোৰ ওচৰত

টী-২০ ক্ৰিকেটত ৪ অ’ভাৰত ১৫ ৰাণ দি ৮টা উইকেট গৌতমৰ

ক্ৰিকেট বিশ্বক স্তম্ভিত কৰি টী-২০ত ইতিহাস ৰচিলে এগৰাকী ভাৰতীয় ক্ৰিকেটাৰে বেংগলুৰু : টী-২০ ক্ৰিকেটত ইতিহাস ৰচিলে এগৰাকী ভাৰতীয় ক্ৰিকেটাৰে। কৰ্ণাটকৰ ৩০ বছৰীয়া কৃষ্ণায়া গৌতমে বেট আৰু বলেৰে চমৎকাৰ প্ৰদৰ্শন আগবঢ়াই চাঞ্চল্যৰ সৃষ্টি কৰিছে। অলৰাউণ্ডাৰ গৰাকীয়ে টী-২০ ক্ৰিকেটৰ ইতিহাসত এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। শুকুৰবাৰে নিশা বেংগলুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত কৰ্ণাটক প্ৰিমিয়াৰ লীগ (কে পি এল)ৰ এখন খেলত এই ‘বিস্ফোৰণ’ ঘটায়। অৱশ্যে, গৌতমে কোনো অভিলেখ ভংগ কৰা নাই, কিয়নো ৰাজ্যৰ টী-২০ লীগখনক আনুষ্ঠানিক টী-২০ৰ স্বীকৃতি দিয়া হোৱা নাই। কে পি এলৰ প্ৰতিযোগিতাখনক ‘অন্য টী-২০’ খেল হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে। আই পি এলত ৰাজস্থান ৰয়েলছ টীমৰ হৈ খেলা কৃষ্ণায়া গৌতমে বেল্লাৰী টাস্কৰ্ছৰ হৈ খেলি শিৱমোগা লায়নছৰ বিৰুদ্ধে ৫৬