Weather Data Source: wetter Bangalore 14 tage

July 3, 2025 1:34 am

Home » দেশ-বিদেশ » অৰুণ জেটলীৰ নেতৃত্বত লোৱা কেইটামান বিশেষ পদক্ষেপ…

অৰুণ জেটলীৰ নেতৃত্বত লোৱা কেইটামান বিশেষ পদক্ষেপ…

নতুন দিল্লী : দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা মোদী চৰকাৰৰ প্ৰথমতো কাৰ্যকালৰ বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে অৱশেষত হাৰ মানিলে নিয়তিৰ ওচৰত। দীৰ্ঘদিন ধৰি বিভিন্ন স্বাস্থ্যজনীত সমস্যাত ভুগি থকা অৰুণ জেটলীক কেইদিনমান পূৰ্বে সংকটজনক অৱস্থাত এইমছত ভৰ্তি কৰোৱা হৈছিল যদিও অৱশেষত মৃত্যুক আকোৱালি লয় বিজেপি দলৰ বৰ্ষীয়ান ৰাজনীতিবিদ গৰাকীয়ে। কায়িক ভাবে অৰুণ জেটলীয়ে চিৰ বিদায় ল’লেও, তেখেতৰ কাৰ্যকালত দেশৰ অৰ্থনীতি সংস্কাৰৰ বাবে লোৱা বহু কেইটা ঐতিহাসিক পদক্ষেপ সদায়েই চিৰ স্মৰণীয় হৈ থাকিব।
কি কি পদক্ষেপ লৈছিল জেটলীয়ে :
নীতি আয়োগৰ জন্ম– দেশৰ অৰ্থ ব্যৱস্থাৰ সংশোধন কৰাৰ মানসেৰে পঞ্চ বাৰ্ষিক পৰিকল্পনা বিলুপ্ত কৰি নতুনকৈ গঠন কৰা হৈছিল নিটি আয়োগ। কিদৰে দেশত উন্নয়নৰ বাবে কেন্দ্ৰীয় সূচী আৰু সমৱৰ্তী সূচীত অন্তভুক্ত বিষয় সমূহৰ পুঁজি যোগান ধৰিব সেই সকলো খিনি দিশ নিৰ্ণয় কৰা নিটি আয়োগ গঠনৰ সময়ত দেশৰ বিত্ত মন্ত্ৰীৰ দায়িত্বত আছিল অৰুণ জেটলী।
বিমুদ্ৰাকৰণ– মোদী চৰকাৰৰ প্ৰথমটো কাৰ্যকালৰ সকলোতকৈ ডাঙৰ সিদ্ধান্ত বুলি জনাজাত ‘বিমুদ্ৰাকৰণ’ৰ সময়তো দেশৰ বিত্ত মন্ত্ৰীৰ দায়িত্বত আছিল অৰুণ জেটলী। ক’লা ধন , দুৰ্নীতি নিৰ্মূল কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে সেই সময়ত অপ্ৰত্যাশিত ভাবে, প্ৰচলিত ৫০০ আৰু ১০০০ টকাৰ নোট বন্ধ কৰি নতুনকৈ ২০০০ টকাৰ নোটৰ প্ৰৱৰ্তন কৰিছিল।
GST ব্যৱস্থাৰ প্ৰৱৰ্তন– এক দেশ এক কৰ নীতিক বাস্তবায়িত কৰাৰ লক্ষ্যৰে মোদী চৰকাৰে প্ৰৱৰ্তন কৰা ‘Goods and Service Tax’ , বিত্ত মন্ত্ৰী অৰুণ জেটলীৰ কাৰ্যকালৰ সময়ৰ এক অন্যতম উল্লেখযোগ্য পদক্ষেপ।
GST কাউঞ্চিল গঠন– GST কাউঞ্চিল গঠন, অৰুণ জেটলীৰ বিত্ত মন্ত্ৰীত্বৰ সময়ৰ এক উল্লেখযোগ্য পদক্ষেপ। GST সম্বন্ধীয় সকলো নীতি নিৰ্ধাৰণ কৰিবলৈ গঠন কৰা GST কাউঞ্চীলৰ সৰ্বমুঠ সদস্যৰ সংখ্যা ৩৩। সভাপতিত্ব কৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰীয়ে।
জন ধন যোজনা– ২০১৪ চনত মোদী চৰকাৰে মুকলি কৰা জন ধন যোজনাৰ আঁৰৰ ব্যক্তিজন আছিল তদানীন্তন বিত্ত মন্ত্ৰী অৰুণ জেটলী। দেশৰ জনসাধাৰণক জিৰ’ বেলেন্সত বেংক একাউণ্ট খোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে লোৱা সিদ্ধান্তই ভাৰতৰ বেংকিঙ ব্যবস্থাক শক্তিশালী কৰিছিল।
বিত্ত বাজেট আৰু ৰেল বাজেট একত্ৰিতকৰণ– নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পিছত দেশৰ বিত্তীয় বাজেট আৰু ৰেল বাজেট একত্ৰিতকৰণ কৰা হৈছিল। সেই সময়তো দেশৰ বিত্ত মন্ত্ৰীৰ দায়িত্বত আছিল অৰুণ জেটলী।
Insolvency and Bankruptcy Code (IBC): বেংক সমূহ আৰ্থিক সংকটত ভুগিলে বা দেউলীয়া হলে যাতে পৰিস্থিতিৰ সৈতে মুকাবিলা কৰিব পাৰে তাৰ কাৰণে সকলো বেংককে এক আইনৰ অধীনলৈ আনিবলৈ কৰা ব্যবস্থাৰ আঁৰৰ মানুহগৰাকী আছিল অৰুণ জেটলী। ২০১৫ চনত এই বিধেয়ক লোকসভাত গৃহিত কৰা হৈছিল।

বেংক একত্ৰিতকৰণঃ জেটলীৰ কাৰ্যকালতে লোৱা অন্য এক উল্লেখ যোগ্য পদক্ষেপ আছিল ডাঙৰ বেংকৰ লগত সৰু সৰু বেংক সমূহ একত্ৰিত কৰা। উদাহৰণ স্বৰূপে বেংক অৱ বাৰোদাৰ লগত একত্ৰিত কৰা হৈছিল ডেনা বেংক আৰু বিজয়া বেংকক।
কৰদাতালৈ বিশেষ সকাহঃ কৰ পৰিশোধৰ সীমাৰ সংশোধন অৰুণ জেটলীৰ অন্তিমখন বিত্তীয় বাজেটৰ অন্যতম এক ঐতিহাসিক সিদ্ধান্ত। পূৰ্বৰ নিয়মৰ সংশোধন ঘটাই বাৰ্ষিক ৫ লাখ টকা বা তাতকৈ অধিক উপাৰ্জনকাৰীয়েহে আয়কৰ পৰিশোধ কৰাৰ নতুন সীমা নিৰ্ধাৰণ কৰিছিল জেটলীয়ে ।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি