Weather Data Source: wetter Bangalore 14 tage

June 17, 2025 10:20 am

Home » আঞ্চলিক » তামাৰহাটত কোকৰাঝাৰ জিলা যুৱ কংগ্ৰেছৰ উপ-সভাপতিক আক্ৰমন : এজনক আটক

তামাৰহাটত কোকৰাঝাৰ জিলা যুৱ কংগ্ৰেছৰ উপ-সভাপতিক আক্ৰমন : এজনক আটক

তামাৰহাট : ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত অক্সিগুৰী গাঁৱত শনিবাৰে নিশা মহিদুল ইছলাম (ৰাজু) নামৰ এজন যুৱকক প্ৰাণে মৰাৰ বাবে আক্ৰমন কৰাৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে, কোকৰাঝাৰ জিলা যুৱ কংগ্ৰেছৰ উপ সভাপতি তথা তামাৰহাট সমবায় সমিতিৰ বৰ্তমান সভাপতি মহিদুল ইছলাম (ৰাজু) য়ে শনিবাৰে নিশা দহমান বজাত অক্সিগুৰী গাঁৱত থকা শহুৰৰ ঘৰৰ পৰা ধুতুৰামাৰী গাঁৱত থকা নিজ ঘৰলৈ বাইকেৰে আহি থকা অৱস্থাত হাতীধূৰা শংকৰ আজান বিদ্যালয়ৰ কাষতে আব্দুৰ ৰহিম নামৰ দুষ্কৃতিকাৰী জনে মহিদুলক আক্ৰমন কৰে। 
পূৰ্ব পৰিকল্পিত ভাৱে আব্দুৰ ৰহিমে পথৰ দাঁতিত লুকাই থাকি হাতীধূৰা শংকৰ আজান বিদ্যালয়ৰ ওচৰত বাইকেৰে মহিদুলক আহি থকা দেখা পাই আকস্মিক ভাৱে খুকুৰীৰে আক্ৰমণ কৰি ৰাজুক অচেতন কৰি শংকট জনক অৱস্থাত পেলাই থৈ ঘটনাস্হলীৰ পৰা পলাই যায়। ইফালে চিঞৰ বাখৰ শুনি ওচৰ চুবুৰীয়া আহি মহিদুলক সংকট জনক অৱস্হাত উদ্ধাৰ কৰে। ঘটনাস্হলীৰ পৰা এখন চোকা অস্ত্ৰ উদ্ধাৰ কৰে স্হানীয় ৰাইজে। মহিদুলক উদ্ধাৰ কৰাৰ পাছত তামাৰহাট প্ৰাথমিক চিকিৎসালয়ত ততা তৈয়াকৈ লৈ যায়। 
তামাৰহাট প্ৰথমিক চিকিৎসালয়ত মহিদুলৰ কটা অংশবোৰ কোনোমতে চিলাই কৰি শংকট জনক অৱস্হাত উন্নত চিকিৎসাৰ বাবে বঙ্গাইগাওঁ লৱাৰ অসম চিকিৎসা লয়লৈ প্ৰেৰণ কৰে। ঘটনা সন্দৰ্ভত মইদুলৰ ভাষ্যমতে তেওঁৰ পিতৃ আব্দুল আজিজ সেখে অক্সিগুৰী গাওঁৰ আব্দুৰ ৰহমান আৰু তেওঁৰ পিতৃ নুৰমহম্মদ আলী আনহাতে দফৰপূৰ গাওঁৰ ছামছুল হকৰ নামত তামাৰহাট থানাত এখন এজাহাৰ দিয়ে। 
আনহাতে কোকৰাঝাৰ জিলা যুৱ কংগ্ৰেছ কমিটি আৰু সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাই পৃথকে পৃথকে মহিদুলৰ আক্ৰমন কাৰীক আটক কৰাৰ লগতে উচিত শাস্তিৰ বাবে তামাৰহাট থানাত একোখনকৈ স্মাৰক পত্ৰ প্ৰদান কৰে। মহিদুলৰ পিতৃৰ এজাহাৰৰ ভিত্তিত তামাৰহাট আৰক্ষীয়ে পূৱাৰে পৰা অভিযান চলাই মহিদুলৰ মূল আক্ৰমণ কাৰী আব্দুৰ ৰহিমক আটক কৰি 247/19 নম্বৰৰ গোচৰৰ ভিত্তিত 120-B/325/326/307 IPC নম্বৰৰ গোচৰ পঞ্জীয়ন কৰি তদন্ত অভ্যহত ৰাখিছে। আনহাতে মূৰ আৰু হাতৰ আঘাতত অধিক জটিল অৱস্হাত মহিদুল বঙ্গাইগাওঁ লৱাৰ অসম চিকিৎসা লয়ত চিকিৎসাধীন হৈ আছে। উল্লেখ্য যে মইদুল ইছলাম (ৰাজু)ক কৰা আক্ৰমণৰ ঘটনাক স্থানীয় দল সংগঠনে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে আক্ৰমণ কাৰীক উচিত শাস্তি বিহাৰ বাবে প্ৰশাসনক দাবী জনাইছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি