Weather Data Source: wetter Bangalore 14 tage

June 12, 2025 7:14 pm

Home » সম্পাদকীয় » অসমহিতৈষী অৰুণ জেটলি

অসমহিতৈষী অৰুণ জেটলি

@ হৃষীকেশ গোস্বামী
মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা


ৰাজনীতিৰ উৰ্ধত সমাজৰ বিবেক স্পর্শ কৰিব পৰা ব্যক্তিত্বৰ গৰাকী অৰুণ জেটলিৰ দেহাৱসান আমাৰ সকলােৰে বাবে এক দুঃসংবাদ। অৰুণ জেটলিৰ বিয়ােগৰ লগে লগে অসমে হেৰুৱালে ৰাজ্যখনক সঁচা অৰ্থত ভালপােৱা এগৰাকী অসমহিতৈষী ব্যক্তিক। অসমৰ প্ৰতি আছিল তেওঁৰ বিশেষ অনুৰাগ আৰু সহৃদয়তা। ৰাজ্যখনৰ প্রতিটো সংকট মুহূর্তত অৰুণ জেটলিয়ে আগবঢ়াইছিল সহায়ৰ হাত। বর্তমানৰ মুখ্য মন্ত্রী সর্বানন্দ সােণােৱালে অসমৰ জনসাধাৰণৰ শত্রস্বৰূপ আই এম ডি টি আইন বাতিলৰ বাবে উচ্চতম ন্যায়ালয়ত চলােৱা আইনী যুঁজৰ দিশতাে এইগৰাকী ব্যক্তিয়ে আগবঢ়াইছিল| বৌদ্ধিক, আইনী তথা ৰাজনৈতিক পৰামর্শ। এগৰাকী আইনবিদ হিচাপেও অৰুণ জেটলিৰ আছিল অসামান্য ব্যক্তিত্ব। পেছাদাৰী মানসিকতাতকৈ তেওঁ মানৱীয় মূল্যবােধেৰে ওকালতিৰ ক্ষেত্ৰখনত নিজকে নিয়ােজিত কৰাত আত্মনিয়ােগ কৰিছিল। চৰণ ডেকাই তৰা এটা গােচৰৰ ওকালতি কৰি বিশিষ্ট আইনজীৱি অৰুণ জেটলিয়ে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠত যুক্তি প্রদর্শন কৰাৰ সময়ত সেই সময়ত মােৰ লগতে তাত উপস্থিত থকা সর্বানন্দ সােণােৱাল , চৰণ ডেকা তথা উকীল সমাজৰ সকলােৱে মন্ত্রমুগ্ধৰ দৰে তেওঁৰ যুক্তি শুনি আছিল। তেওঁৰ যুক্তিয়ে আদালতৰ বিচাৰপীঠৰ কক্ষত কাঁহ পৰি জীণ যােৱা পৰিৱেশৰ সৃষ্টি কৰিছিল। এয়াই আছিল আইনজ্ঞ জেটলিৰ সবল ব্যক্তিত্ব। সেই একেখন বিচাৰপীঠতে ৰবি শংকৰ প্ৰসাদেও যুক্তি প্রদর্শন কৰিছিল।
এইগৰাকী মহান নেতাক লগ পােৱাৰ সৌভাগ্য এই অভাজনৰাে হৈছিল। সেয়া আছিল বাজপেয়ী চৰকাৰৰ কাৰ্যকালৰ সময়ৰ কথা। বিশিষ্ট সাংবাদিক কুলদীপ নায়াৰে ইণ্ডিয়ান ইণ্টাৰনেশ্বনেল চেণ্টাৰত যেতিয়া সৰ্বানন্দ সােণােৱালক তেওঁৰ সৈতে চিনাকি কৰাই দিছিল সেই সময়ত সর্বানন্দ সােণােৱালৰ সৈতে আমিও তেওঁক লগ পােৱাৰ লগতে মত বিনিময় কৰাৰ সুযােগ লাভ কৰিছিলোঁ। আমাৰ লগত আছিল ভ্রাতৃপ্রতিম সাংবাদিক বন্ধদ্বয় প্রাণজিৎ শইকীয়া আৰু পৰম প্রকাশ গগৈ। লগ পােৱাৰ সময়ত তেওঁ অসমৰ সেই সময়ৰ ৰাজনৈতিক, অর্থনৈতিক, সামাজিক আদি বিভিন্ন বিষয় সামৰি আমাৰ সৈতে অন্তৰংগভাৱে কথা পাতিছিল। তেওঁৰ সৈতে মত বিনিময়ৰ সময়ত এনেকুৱা লাগিছিল যেন আমি এগৰাকী অসমৰ সকলাে বিষয়ৰ সম্পৰ্কত দখল থকা প্ৰজ্ঞাৰ সৈতেহে কথা পাতিছোঁ। অত্যন্ত বিনয়ী আৰু মধুৰ ব্যৱহাৰ , বুদ্ধিদীপ্ত কথা – বতৰাই আমাক বাৰুকৈয়ে মােহিত কৰিছিল ৷
তদুপৰি ২০১১ চনৰ ১৮ জানুৱাৰীত সর্বানন্দ সােণােৱালে বিজেপিত যােগদান কৰাৰ আগমুহুর্তত সেই সময়ৰ বিজেপিৰ সভাপতি তথা বর্তমানৰ কেন্দ্রীয় মন্ত্রী নীতীন গাডকাৰিৰ গৃহত অৰুণ জেটলিক লগ পােৱা হৈছিল। সর্বানন্দ সােণােৱালৰ সৈতে সেই সময়ত ময়াে আছিলোঁ। নীতীন গাডকাৰিৰ গৃহত লগ পােৱাৰ মুহুর্তত এইগৰাকী নেতাই আমাক জনাইছিল সপ্রতিভ অভিনন্দন। বিভিন্ন কথা বতৰা পাতি থাকোতে তেওঁ পিছদিনা তেওঁৰ ঘৰলৈ সােণােৱালক আমন্ত্রণ জনাইছিল। পিছদিনাখন সােণােৱালৰ সৈতে ময়াে তেওঁৰ বাসগৃহত উপস্থিত হৈছিলোঁ। বাসগৃহত উপস্থিত হােৱা মাত্রেই তেওঁ আমাক জনাইছিল উষ্ম আদৰণি। মত বিনিময়ৰ সময়ত অসমৰ বিভিন্ন বিষয় সন্দৰ্ভত গভীৰ আলােচনা কৰা হৈছিল। কথা পাতি থাকোতে আমাৰ এনে অনুভৱ হৈছিল যেন আমি এগৰাকী প্রকৃত অসমহিতৈষীৰ সৈতেহে কথা পাতিছে। তেওঁ সৰ্বানন্দ সােণােৱালক বিজেপিত যােগদান কৰাৰ দিশত উৎসাহিত কৰিছিল আৰু কৈছিল যে অসমে এতিয়া সােণােৱালৰ দৰে বলিষ্ঠ কাণ্ডাৰীকে নেতৃত্ব দিয়াটো বিচাৰিছে।
এইগৰাকী মহান নেতাক শেষবাৰৰ বাবে ব্যক্তিগতভাৱে লগ পােৱাৰ সৌভাগ্য হৈছিল ২০১৭ চনৰ ১০ নৱেম্বৰত। ২৩সংখ্যক জি এছ টি কাউন্সিলৰ মিটিঙৰ অন্তত সন্ধিয়া নৈশ আহাৰৰ আয়ােজন কৰা হৈছিল হােটেল ৰেডিশ্বন ব্লুত। নৈশ আহাৰৰ আগতে মুখ্যমন্ত্রী সর্বানন্দ সােণােৱাল , বিত্তমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা তথা অন্যান্যসকলৰ সৈতে আমিও তেওঁৰ লগত আলাপত মিলিত হােৱাৰ সুযােগ লাভ কৰিছিলোঁ। সেই সময়ত তেওঁৰ ব্যক্তিত্বৰ আন এটা দিশাে আমি অনুধাৱন কৰাৰ সৌভাগ্য হৈছিল। ভাৰতৰ প্রখ্যাত ক্রিকেট খেলুৱৈ সুৰেশ ৰাইনাই উক্ত হােটেলখনত থকাটো জানিব পাৰি তেওঁ ক্রিকেটাৰগৰাকীক ডিনাৰ পাৰ্টীলৈ আমন্ত্রণ কৰি আনি তেওঁ বহি থকা ছােফাৰ একেবাৰে কাষতে বহুৱাই লৈ আমাৰ সকলােৰে সৈতে বার্তালাপত মিলিত হৈছিল আৰু ডিনাৰ গ্ৰহণ কৰিছিল। এইগৰাকী বৌদ্ধিক সত্তাৰ ক্ৰীড়াৰ প্ৰতিও যে আছিল অত্যন্ত অনুৰাগ সেই কথাটোকে আমি সকলােৱে প্রত্যক্ষ কৰিব পাৰিছিলোঁ।
কালি অৰুণ জেটলি বিয়ােগৰ মুহুর্তত মনলৈ আহিছে এইবােৰ স্মৃতি। মনৰ দাপােণত এই স্মৃতিবােৰ সদায় সজীৱ হৈ থাকিব। সজীৱ হৈ থাকিব তেওঁক লগ পােৱা সেই মধুৰ ক্ষণবােৰ। অৰুণ জেটলি কায়িকভাৱে আমাৰ মাজত নাথাকিব যদিও তেওঁৰ নীতি আদর্শ আৰু মহানুভৱতা আমাৰ সকলােৰে বাবে অনুপ্ৰেৰণাৰ অন্যতম উৎস হৈ ৰ’ব । এইগৰাকী মহান নেতাৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে মই ভগৱানৰ ওচৰত প্রার্থনা জনােৱাৰ উপৰি শােকসন্তপ্ত পৰিয়াললৈও গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি