তামাৰহাটত কোকৰাঝাৰ জিলা যুৱ কংগ্ৰেছৰ উপ-সভাপতিক আক্ৰমন : এজনক আটক
তামাৰহাট : ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত অক্সিগুৰী গাঁৱত শনিবাৰে নিশা মহিদুল ইছলাম (ৰাজু) নামৰ এজন যুৱকক প্ৰাণে মৰাৰ বাবে আক্ৰমন কৰাৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে, কোকৰাঝাৰ জিলা যুৱ কংগ্ৰেছৰ উপ সভাপতি তথা তামাৰহাট সমবায় সমিতিৰ বৰ্তমান সভাপতি মহিদুল ইছলাম (ৰাজু) য়ে শনিবাৰে নিশা দহমান বজাত অক্সিগুৰী গাঁৱত থকা শহুৰৰ ঘৰৰ পৰা ধুতুৰামাৰী গাঁৱত থকা নিজ ঘৰলৈ বাইকেৰে আহি থকা অৱস্থাত হাতীধূৰা শংকৰ আজান বিদ্যালয়ৰ কাষতে আব্দুৰ ৰহিম নামৰ দুষ্কৃতিকাৰী জনে মহিদুলক আক্ৰমন কৰে। পূৰ্ব পৰিকল্পিত ভাৱে আব্দুৰ ৰহিমে পথৰ দাঁতিত লুকাই থাকি হাতীধূৰা শংকৰ আজান বিদ্যালয়ৰ ওচৰত বাইকেৰে মহিদুলক আহি থকা দেখা পাই আকস্মিক ভাৱে খুকুৰীৰে আক্ৰমণ কৰি ৰাজুক অচেতন কৰি শংকট