Weather Data Source: wetter Bangalore 14 tage

June 12, 2025 6:51 pm

Home » দেশ-বিদেশ » দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলীৰ দেহাৱসান

দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলীৰ দেহাৱসান

নতুন দিল্লী : দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা মোদী চৰকাৰৰ প্ৰথমতো কাৰ্যকালৰ বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে অৱশেষত হাৰ মানিলে নিয়তিৰ ওচৰত। দীৰ্ঘদিন ধৰি বিভিন্ন স্বাস্থ্যজনীত সমস্যাত ভুগি থকা অৰুণ জেটলীক কেইদিনমান পূৰ্বে সংকটজনক অৱস্থাত এইমছত ভৰ্তি কৰোৱা হৈছিল যদিও অৱশেষত মৃত্যুক আকোৱালি লয় বিজেপি দলৰ বৰ্ষীয়ান ৰাজনীতিবিদগৰাকীয়ে। সমগ্ৰ দেশৰ বাবেই জেটলী আছিল এগৰাকী আদৰ্শবান ৰাজনীতিবিদ।
১৯৫২ চনৰ ২৮ ডিচেম্বৰ তাৰিখে নতুন দিল্লীত জন্মগ্ৰহণ কৰিছিল অৰুণ জেটলীয়ে। সৰুৰে পৰাই অমি মেধা সম্পন্ন অৰুণ জেটলীয়ে দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত শ্ৰীৰাম কলেজ অৱ কমাৰ্ছৰ পৰা বানিজ্য বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। পৰৱৰ্তি সময়ত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা আইন বিষয়তো স্নাতক ডিগ্ৰী লাভ কৰে অৰুণ জেটলীয়ে। ১৯৭৪ চনত অৰুণ জেটলীয়ে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদত যোগদান কৰি ছাত্ৰ ৰাজনীতিৰ সৈতে জড়িত হৈ পৰে। ১৯৯১ চনত অৰুণ জেটলী বিজেপি দলৰ সৈতে জড়িত হৈ পৰে অৰুণ জেটলী। পৰৱৰ্তী সময়ত অৰুণ জেটলী বিজেপিৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্য হিচাপে নিৰ্বাচিত হয় অৰুণ জেটলী। ১৯৯৯ চনৰ নিৰ্বাচনত অৰুণ জেটলীয়ে দলৰ মুখপাত্ৰৰ দায়িত্ব লাভ কৰে।
১৯৯৯ চনত বাজপেয়ী চৰকাৰৰ সময়ত অৰুণ জেটলীয়ে তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰীৰ দায়িত্ব লাভ কৰে। ২০০৯ চনত অৰুণ জেটলীয়ে ৰাজ্যসভাৰ বিৰোধী দলপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। পিছত ২০১৪ চনৰ দেশৰ সাধাৰণ নিৰ্বাচনত বিজেপিয়ে অভূতপূৰ্ব বিজয় সাব্যস্ত কৰাৰ পিছত মোদী চৰকাৰৰ বিত্তমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰে। অৰুণ জেটলীৰ কাৰ্যকালৰ সময়তে দেশৰ বিমুদ্ৰাকৰণ, পৰিকল্পনা আয়োগৰ পৰিৱৰ্তে নিটি আয়োগ, ৰেল আৰু বিত্ত বাজেটৰ একত্ৰকৰণ কৰা হয়।
কিন্তু মোদী চৰকাৰৰ প্ৰথমটো কাৰ্যকালৰ শেষৰ ফালে অধিক অৱনতি ঘটে অৰুণ জেটলীৰ স্বাস্থ্যৰ। দীৰ্ঘদিন ধৰি বিক্কৰ ৰোগত আক্ৰান্ত হৈ থকা জেটলীয়ে বিগত বছৰ কেইবাটাও অস্ত্ৰোপচাৰৰ সন্মুখীন হ’ব লগীয়া হৈছিল। কিন্তু হৰ্ঠাৎ হৃদৰোগত আক্ৰান্ত হৈ এইমছত ভৰ্তি কৰোৱা হৈছিল যদিও অৱশেষত মৃত্যক আকোৱালি লয় বিজেপি দলৰ বৰ্ষীয়ান ৰাজনীতিবিদ গৰাকীয়ে।
অৰুণ জেটলী কায়িক ভাবে আমাৰ মাজৰ পৰা চিৰ বিদায় ললেও, দেশৰ বাবে তেওঁ আগবঢ়োৱা অৱদান সদায়েই সমগ্ৰ দেশবাসীৰ বাবে চিৰস্মৰণীয় হৈ ৰ’ব।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি