Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 10:31 pm

Home » সম্পাদকীয় » চি বি আইৰ জালত প্রাক্তন বিত্ত তথা গৃহমন্ত্রী পি চিদাম্বৰম

চি বি আইৰ জালত প্রাক্তন বিত্ত তথা গৃহমন্ত্রী পি চিদাম্বৰম

@ ছৈয়দ বুলবুল জামানুৰ হক
প্রাক্তন বিত্ত তথা গৃহমন্ত্রী পি চিদাম্বৰমক আই এন এক্স মিডিয়া কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত চি বি আয়ে বুধবাৰে গ্রেপ্তাৰ কৰাৰ পাছত ভাৰতৰ ৰাজনৈতিক মহল গৰম হৈ উঠিছে৷ আক্রমণ-প্রত্যাক্রমণ আৰু বাদানুবাদেৰে মুখৰ হৈ পৰিছে ৰাজনৈতিক মঞ্চ৷ চাবলৈ গ’লে এয়া ৰাজনৈতিক বিষয় কিন্তু নহয়৷ দেশৰ এজন নাগৰিকক দুর্নীতিৰ অভিযোগত গ্রেপ্তাৰ কৰা হৈছ়ে, কিন্তু সেই নাগৰিকজন যিহেতু ভাৰতৰ ৰাজনীতিৰ এজন অতি শক্তিশালী প্রতিনিধি তথা দেশৰ প্রাক্তন গৃহ আৰু বিত্ত মন্ত্রী, সেয়েহে এই বিষয় এতিয়া হৈ পৰিছে সম্পূর্ণ ৰাজনৈতিক৷ বহুতে ইয়াৰ মাজত ৰাজনৈতিক তথা ব্যক্তিগত আক্রোশ পূৰণৰ মানসিকতাও বিচাৰি পাইছে৷
সেয়া যিয়েই নহওক কিয়, পি চিদাম্বৰম এতিয়া চি বি আইৰ জিম্মাত আছে আৰু আজি তেওঁক চি বি আইৰ বিশেষ আদালতত হাজিৰ কৰোৱা হ’ব৷ বুধবাৰে নিশা ঘৰৰ পৰা নাটকীয় পৰিস্থিতিত চিদাম্বৰমক চি বি আইৰ দলে আটক কৰিছিল আৰু তাৰ পাছত তেওঁক চি বি আইৰ মুখ্য কার্যালয়লৈ লৈ যোৱা হৈছিল৷ তাৰ পাছত তেওঁক গ্রেপ্তাৰ কৰা হয়, সোধা-পোছা কৰে চি বি আইৰ শীর্ষ অধিকাৰীসকলে৷ নিশা চি বি আইৰ জিম্মাত কটোৱা চিদাম্বৰমক আজি পুনৰ চি বি আইৰ বিষয়াসকলে দীঘলীয়া সময় ধৰি জেৰা চলায়৷ তেওঁলোকে আই এন এক্স মিডিয়া কাণ্ডৰ সৈতে তেওঁৰ সংযোগৰ তথ্য বিচাৰে৷ জানিব পৰা মতে, সোধা-পোছাৰ সময়ত চিদাম্বৰমে তদন্তকাৰী বিষয়াসকলৰ সৈতে সহযোগ কৰা নাই৷ যাৰ বাবে আজি আদালতত তেওঁ অধিক সময়ৰ বাবে চি বি আয়ে নিজৰ জিম্মাত বিচৰাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ চিদাম্বৰমক গ্রেপ্তাৰে দেশৰ ৰাজনীতিত একপ্রকাৰ ধুমুহা তুলিছে৷
সমগ্র বিষয়টোত কংগ্রেছ বেকফুটলৈ গুচি যোৱা পৰিলক্ষিত হৈছে৷ আনহাতে বিজেপিয়ে পৰিস্থিতিয়ে দিয়া সুযোগ গ্রহণ কৰিবলৈ তৎপৰ হৈ পৰিছে৷ মঙলবাৰৰ পৰাই অতি নাটকীয় ৰূপ ধাৰণ কৰিছিল চিদাম্বৰমৰ গ্রেপ্তাৰ প্রসংগই৷ বুধবাৰে চিদাম্বৰমৰ হৈ কংগ্রেছ নেতা তথা জ্যেষ্ঠ অধিবক্তা কপিল ছিবাল আৰু অভিষেক মনু সিংভীয়ে তেওঁৰ অগ্রিম জামিনৰ জৰুৰী আৱেদন লৈ উচচতম ন্যায়ালয়লৈ গৈছিল যদিও ন্যায়ালয়ে সেই শুনানি গ্রহণ নকৰিলে৷ তাৰ পৰিৱর্তে ন্যায়ালয়ে শুকুৰবাৰৰ তাৰিখ দিয়ে শুনানিৰ বাবে৷ তাৰ পাছতেই প্রাক্তন বিত্ত মন্ত্রীজনৰ গ্রেপ্তাৰ একপ্রকাৰ নিশ্চিত হৈ পৰে৷ তাৰ পাছতে নাটকীয়তাক অধিক বঢ়াই তোলে চিদাম্বৰমৰ দীঘলীয়া অনুপস্থিতিয়ে৷ তেওঁ দীঘলীয়া সময় ধৰি ফ’ন বন্ধ কৰি অজ্ঞাত স্থানত আত্মগোপনৰ অভিযোগ উত্থাপন হয় আৰু বিজেপিয়ে এই পৰিস্থিতিত ৰাজনৈতিক মুনাফা লাভৰ চেষ্টাত তৎপৰ হৈ পৰে৷
চিদাম্বৰম গ্রেপ্তাৰৰ ভয়ত পলাই যোৱা বুলি প্রচাৰ আৰম্ভ কৰি বিজেপিয়ে বিজয় মালিয়া, নীৰৱ মোদীৰ তালিকাত তেওঁৰো নাম সংযোগ হোৱা বুলি অভিযোগ কৰে৷ এনে পৰিস্থিতিত সন্ধিয়াৰ ভাগত চিদাম্বৰমে কংগ্রেছৰ মুখ্য কার্যালয়ত উপস্থিত হৈ সংবাদমেল সম্বোধন কৰে৷ এয়াও এক ৰাজনৈতিক কৌশলগত পদক্ষেপ বুলি সহজেই বুজিব পাৰি৷ কংগ্রেছৰ জ্যেষ্ঠ নেতাক কাষত লৈ নিজৰ নিদোর্ষিতা আৰু আইনৰ প্রতি আনুগত্যৰ কথা প্রকাশ কৰে চিদাম্বৰমে৷ তেওঁ লগতে স্পষ্ট কৰি দিয়ে যে তেওঁ আইনৰ পৰা কেতিয়াও পলাবলৈ চেষ্টা কৰা নাই, বৰং তেওঁৰ বিৰুদ্ধে দাখিল হোৱা গোচৰটোৰ প্রস্তুতিহে চলাই আছিল৷ তাৰ পাছতে তেওঁ নিজৰ ঘৰলৈ যায় আৰু তাৰ পৰাই তেওঁক আটক কৰে চি বি আইৰ দলে৷ পাছত তেওঁক গ্রেপ্তাৰ কৰা হয়৷ থোৰতে যুকিয়াই চালে সমগ্র ঘটনাক্রমৰ ৰূপৰেখা এয়াই৷ দীঘলীয়া সময় ধৰি আদালতৰ পৰা সুৰক্ষা কৱচ লাভ কৰি অহা চিদাম্বৰমে এইবাৰ সেই সুবিধা নাপালে আৰু জামিনৰ বাবে তেওঁ নিশ্চয়কৈ কিছুদিন অপেক্ষা কৰিবই লাগিব৷
চিদাম্বৰমৰ দৰে দেশৰ ৰাজনীতিৰ শীর্ষ নেতাক দোষী সাব্যস্ত কৰাৰ প্রক্রিয়া নিশ্চয় খুব সহজ নহ’ব৷ অতি শক্তিশালী সাক্ষ্য প্রমাণৰ জৰিয়তেহে তেওঁক দোষী সাব্যস্ত কৰাটো সম্ভৱ হ’ব৷ চি বি আই আৰু অন্যান্য অনুসন্ধানকাৰী সংস্থাই নিশ্চয় এই সম্পর্কে প্রস্তুতি চলাইছে৷ চিদাম্বৰমৰ দৰে শক্তিশালী লোকক গ্রেপ্তাৰ কৰাটোৱে নিশ্চয় সকলো দুর্নীতিগ্রস্তৰ বাবে এটা বার্তা দিব যদিহে ই নিৰপেক্ষ এক নির্ণয়লৈ যায়৷ কিন্তু কংগ্রেছে অভিযোগ কৰাৰ দৰে যদি কেৱল ৰাজনৈতিক কাৰণতহে এনে পদক্ষেপ গ্রহণ কৰা হয় সেয়া দেশৰ ভৱিষ্যতৰ কাৰণে ভাল কথা নহয়৷ দেশত অসংখ্য দুর্নীতিগ্রস্ত লোক আছে৷ বহু দুর্নীতিগ্রস্তক বিজেপিয়েই সুৰক্ষা দি ৰাখিছে৷ এনে পৰিপ্রেক্ষিতত কংগ্রেছে যি অভিযোগ তুলিছে তাৰো বিচাৰ কৰা উচিত৷ কংগ্রেছে কৈছে যে বিজেপি চৰকাৰে কিছুমান লোকক লক্ষ্য হিচাপে লৈ কাম কৰিবলৈ আৰম্ভ কৰিছে৷ চি বি আই, ই ডিৰ দৰে সংস্থাক নিজৰ স্বার্থত ব্যৱহাৰ কৰি তেওঁলোকে ৰাজনৈতিক লাভ লুটিবলৈ আৰম্ভ কৰিছে৷ এয়া গণতন্ত্রৰ কাৰণে ক্ষতিকাৰক৷
কংগ্রেছ নিশ্চয় ধোৱা তুলসীৰ পাত নহয়৷ দাগী অপৰাধীৰে ভৰি থকা দলটোৰ দুর্নীতিগ্রস্ততাৰ তালিকাখন অতি দীঘলীয়া৷ এনেস্থলত কংগ্রেছৰ অভিযোগে গুৰুত্ব নোপোৱাটোৱেই স্বাভাৱিক৷ কিন্তু এই কথাও ঠিক এই ধৰণৰ পদক্ষেপ প্রকৃতার্থতেই দেশৰ হিতৰ বাবে গ্রহণ কৰা উচিত৷ ৰাজনৈতিক লাভালাভৰ বাবে নহয়৷ অন্যথা ইয়াৰ পনৰাবৃত্তি ঘটিব ভৱিষ্যতৰ দিনবোৰতো৷ এতিয়াই চিদাম্বৰমৰ গ্রেপ্তাৰৰ প্রসংগৰে এক কথা খুব চর্চা কৰা হৈছে৷ অমিত শ্বাহক গ্রেপ্তাৰৰ সময়ত চিদাম্বৰম আছিল গৃহমন্ত্রী৷ আনহাতে এতিয়া অমিত শ্বাহ গৃহমন্ত্রী হৈছে আৰু চিদাম্বৰমৰ জে’ল যাত্রা আৰম্ভ হৈছে৷ এনে চর্চা কোনো কাৰণতে হিতকৰ নহয়৷ দুর্নীতিৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ এখন চৰকাৰৰ প্রাথমিক দায়িত্ব হোৱা উচিত আৰু সেই দায়িত্ব চৰকাৰে অতি নিৰপেক্ষভাৱে পালন কৰা উচিত৷ চিদাম্বৰমৰ ক্ষেত্রতো এনে হোৱাটোৱে কামনা কৰোঁ৷ অপৰাধী যিমানেই শক্তিশালী নহওক, আইনৰ হাতৰ পৰা বাচি থকাৰ সুৰুঙা কোনেও লাভ কৰা উচিত নহয়৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি