Weather Data Source: wetter Bangalore 14 tage

June 23, 2025 12:17 pm

Home » আঞ্চলিক » ৰাজ্যিক মর্যাদাৰে টাবুৰাম টাইদৰ শেষকৃত্য সম্পন্ন

ৰাজ্যিক মর্যাদাৰে টাবুৰাম টাইদৰ শেষকৃত্য সম্পন্ন

গুৱাহাটী : আন্তঃৰাষ্ট্রীয় খ্যাতিসম্পন্ন ভাষাবিদ, অভিধান প্রণেতা, অসমৰ প্রথিতযশা শিক্ষাবিদ, সাহিত্যিক টাবুৰাম টাইডৰ শেষকৃত্য আজি ধেমাজি জিলাৰ গোগামুখত সম্পূর্ণ ৰাজ্যিক মর্যাদাৰে সম্পন্ন হয়৷ আজি শিক্ষাবিদগৰাকী মৃতদেহ এক বিশেষ হেলিকপ্টাৰেৰে জন্মগাঁও ঘুনাসুঁতিলৈ দিনৰ ১২ বজাত অনাৰ পাছতে জন্মস্থানত আত্মীয়-স্বজন আৰু অগণন গুণমুগ্ধই শ্রদ্ধাঞ্জলি জনায়৷ পাছত জন্মগাঁও ঘুনাসুঁতিৰ পৰা পুনৰ হেলিকপ্টাৰেৰে লখিমপুৰ-ধেমাজিৰ মধ্যস্থল মহৰি কেম্পৰ ৰাজীৱ গান্ধী খেলপথাৰলৈ নিয়া হয়৷
তাতে শিক্ষাবিদগৰাকীৰ নশ্বৰদেহ ফুলেৰে সজ্জিত এখন বাহনত তুলি গোগামুখ নগৰৰ মাজেৰে বিশাল শোভাযাত্রা কৰি আবুতানি লত্তালৈ অনা হয়৷ আবুতানি লত্তাতেই ৰাজ্যিক মর্যাদাৰে সম্পাদন কৰা হয় ৰাজহুৱা শ্রদ্ধাঞ্জলি৷
শ্রদ্ধাঞ্জলি অনুষ্ঠানত অসমৰ মুখ্যমন্ত্রীৰ নির্দেশ ক্রমে হস্ততাঁত-বস্ত্রশিল্প আৰু ৰেচম বিভাগৰ মন্ত্রী ৰঞ্জিত দত্ত আৰু ধেমাজি জিলাৰ উপায়ুক্ত মানৱেন্দ্র সিঙে ৰাজ্য চৰকাৰৰ হৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছতেই ৰাজহুৱা শ্রদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি শেষ শ্রদ্ধা জনায় ধেমাজি বিধানসভা সমষ্টিৰ বিধায়ক ৰণোজ পেগু, জোনাইৰ বিধায়ক ভুৱন পেগু, ডিব্রুগড়ৰ বিধায়ক প্রশান্ত ফুকন, চাবুৱাৰ বিধায়ক ঋতুপর্ণ বৰুৱাৰ উপৰি মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী পৰমানন্দ চায়েঙীয়া, পৰিষদৰ বিষয়ববীয়া, টি এম পি কে, এম এম কে, সন্মিলিত গণশক্তি দল, মিচিং বানে কেবাং, মিচিং আগম কেবাং, দূৰবৃ কেবাং আদি সংগঠনৰ লগতে বিভিন্ন ক্ষেত্রৰ বিশিষ্ট ব্যক্তি আৰু স্থানীয় ৰাইজে৷ উল্লেখযোগ্য যে বিশিষ্ট মহীৰূহগৰাকীৰ শেষকৃত্য সম্পন্ন আৰু অন্যান্য বিষয় সন্দর্ভত কেইবালানিও আলোচনাৰ অন্তত মিচিং বানে কেবাং, টি এম পি কে, এম এম কে, টি এম এম কে, মিচিং আগম কেবাং, মিচিং দূৰবৃ কেবাং আদি মিচিং জনগোষ্ঠীয় কেইবাটাও শীর্ষ সংগঠনৰ সিদ্ধান্ত মর্মে গোগামুখস্থিত আবুতানি লত্তাক টাবুৰাম টাইড লত্তা (ক্ষেত্র) নামকৰণেৰে ৰাজহুৱা শ্রদ্ধাঞ্জলি জনোৱাৰ লগতে তাতেই শেষকৃত্য সম্পন্ন কৰা হয়৷
শেষকৃত্য অনুষ্ঠানত অসম চৰকাৰৰ প্রতিনিধি হিচাপে মন্ত্রী ৰঞ্জিত দত্তই ভাষণেৰে শেষ বিদায় জনাই শিক্ষাবিদগৰাকীৰ স্মৃতিত চৰকাৰীভাৱে এক স্মৃতিসৌধ নির্মাণৰ কথা অনুষ্ঠানত সদৰী কৰে৷ ইয়াৰ পাছতেই আবুতানি ক্ষেত্রত মিচিং ভাষা-সাহিত্যৰ বাটকটীয়াগৰাকীৰ মৃতদেহ সমাধিস্থ কৰা হয়৷ তেখেতক সমাধিস্থ কৰাৰ ক্ষেত্রত সহযোগিতা আগবঢ়ায় তেওঁৰ পুত্র মিলেন মিগম টাইডে৷ অনুষ্ঠানত আৰক্ষী বাহিনীয়ে ৫৪ জাঁই তোপধবনিৰে শিক্ষাবিদগৰাকীক শেষ শ্রদ্ধা জনায়৷ উল্লেখযোগ্য যে আজিৰ শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ পূর্বে সর্বধর্মীয় প্রার্থনা সভা আৰু আলোচনা-চক্রও অনুষ্ঠিত হয়৷
আজিৰ শ্রদ্ধাঞ্জলি অনুষ্ঠানত মিচিং জনগোষ্ঠীৰ এগৰাকী বিশিষ্ট ব্যক্তি নৰেন্দ্র পাদুনে কয় যে টাবুৰাম টাইডৰ দেহাৱসানে মিচিং ভাষাৰ বৰগছজোপাকে উভালি পেলালে৷ বৰগছজোপাৰ ছত্রছায়াত ইমান দিনে মিচিং ভাষাক লালল-পালন কৰি আহিছিল৷ আমি আজি টাবুৰাম টাইডৰ পত্নী বাসন্তী টাইড, পুত্র-কন্যা দোদোল আৰু মিৰাণ্ডাৰ অশ্রুঅঞ্জলিৰ সমভাগী হ’লোঁ৷ বিধায়ক ৰণোজ পেগুৱে কয় যে তেখেতৰ মৃত্যুত আমি মর্মাহত৷ শ্রদ্ধাঞ্জলি অনুষ্ঠানত বিভিন্ন সন্থা-সংগঠনৰ লগতে লখিমপুৰ জিলা ছাত্র সন্থা, অসম-অৰুণাচলৰ বিভিন্ন সন্থা-সংগঠনেও শেষ শ্রদ্ধা জনায়৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি