Weather Data Source: wetter Bangalore 14 tage

June 23, 2025 12:18 pm

Home » আঞ্চলিক » ৪টা সমষ্টিৰ উপ-নির্বাচনলৈ বিজেপিৰ ৰণ-কৌশল প্রস্তুত

৪টা সমষ্টিৰ উপ-নির্বাচনলৈ বিজেপিৰ ৰণ-কৌশল প্রস্তুত

গুৱাহাটী : অসম বিধানসভাৰ চাৰিটা সমষ্টিৰ উপ-নির্বাচনৰ ৰণকৌশল হাতত ল’লে শাসক দল বিজেপিয়ে৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ চৰকাৰী আৱাস ‘ব্রহ্মপুত্র ৰাজ্যিক অতিথিশালা’ত আজি উপ-নির্বাচনক কেন্দ্র কৰি ৰূদ্ধদ্বাৰ বৈঠকত মিলিত হয় দলটোৰ শীর্ষ নেতৃত্ব৷
চাৰিটা সমষ্টিৰ নির্বাচনৰ বাবে গঠন কৰা উপ-সমিতিৰ সৈতে মুখ্যমন্ত্রীৰ আৱাসত মিলিত হয় ৰাজ্যিক নেতৃত্ব৷ বৈঠকত মুখ্যমন্ত্রী সোণোৱালৰ লগতে ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, ‘নেডা’ৰ আহবায়ক ড০ হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলী, সাংসদ ডাঃ ৰাজদীপ ৰায়, ৰাজ্যিক সাধাৰণ সম্পাদক পুলক গোহাঁই প্রমুখ্যে ভালেসংখ্যক নেতাই অংশগ্রহণ কৰি নির্বাচনী কৌশল প্রস্তুত কৰে৷
সমান্তৰালকৈ চাৰিখন উপ-সমিতিক স্থানীয়ভাৱে আলোচনাত মিলিত হৈ বিভিন্ন কৌশল গ্রহণৰ কর্তৃত্ব প্রদান কৰে৷ বিশেষকৈ সংগঠন সম্বন্ধীয় বিভিন্ন সিদ্ধান্ত চাৰিখন উপ-সমিতিয়ে নিজে ল’ব পৰাকৈ আজিৰ বৈঠকে কর্তৃত্ব প্রদান কৰে৷ উপ-সমিতিসমূহে যাতে স্থানীয় প্রার্থীক অগ্রাধিকাৰ দিয়ে সেই বিষয়ে আজিৰ বৈঠকে একপ্রকাৰ নির্দেশ দিয়ে৷ পৰৱর্তী সময়ত উপ-সমিতিকেইখনৰ পৰামর্শৰ ভিত্তিত ৰাজ্যিক আৰু কেন্দ্রীয় সমিতিয়ে প্রার্থী বাছনী কৰিব৷
উল্লেখযোগ্য যে সোণাৰি, ৰঙাপৰা, জনিয়া আৰু ৰাতাবাৰী সমষ্টিকেইটা লোক সভা নির্বাচনৰ সময়ৰ পৰাই খালী হৈ আছে৷ উক্ত সমষ্টিৰ বিধায়ক ক্রমে তপন কুমাৰ গগৈ, পল্লৱলোচন দাস, আব্দুল খালেক আৰু কৃপানাথ মাল্লা লোক সভালৈ নির্বাচিত হোৱাৰ পৰিপ্রেক্ষিতত বিধানসভাৰ আসন চাৰিখন খালী হৈছিল৷ জানিব পৰা মতে অক্টোবৰত উক্ত চাৰিটা সমষ্টিৰ উপ-নির্বাচন অনুষ্ঠিত হ’ব৷
উক্ত চাৰিটা সমষ্টিৰ তিনিটা সমষ্টি বিধানসভাৰ যোৱাটো নির্বাচনত বিজেপিয়ে লাভ কৰিছিল৷ একমাত্র জনিয়া সমষ্টি কংগ্রেছৰ দখলত আছিল৷ কিন্তু এতিয়া উপ-নির্বাচনৰ জৰিয়তে বিজেপিয়ে সংখ্যালঘু অধু্যষিত জনিয়া সমষ্টিও দখলৰ বাবে আগতীয়াকৈ ৰণকৌশল প্রস্তুত কৰিছে৷ জানিব পৰা মতে উক্ত সমষ্টিটোত শাসক দলটোৱে লিয়াকৎ আলী খান বা মুক্তাৰ হুছেইন খানক প্রার্থিত্ব দিয়াৰ সম্ভাৱনা আছে৷
সমষ্টিটোত অধিকসংখ্যক ভোটাৰেই সংখ্যালঘু হোৱাৰ পৰিপ্রেক্ষিতত গেৰুৱা দলটোৱে সংখ্যালঘু প্রার্থীক প্রার্থিত্ব দিয়াৰ বাবে আগতীয়া চিন্তা-চর্ কৰিছে৷ ইতিমধ্যে সমষ্টিটোত বহুকেইজনে প্রার্থিত্ব বিচাৰি আৱেদন কৰিছে৷ আৱেদনকাৰীৰ ভিতৰত আছে এ আই ডি চিৰ উপাধ্যক্ষ জিতু তালুকদাৰো৷ ইফালে সোণাৰি সমষ্টিত প্রার্থিত্ব বিচাৰি হেতা-ওপৰা লগাইছে বহুকেইজন নেতাই৷
সমষ্টিৰ বাহিৰৰো ভালেকেইজন নেতাই প্রার্থিত্ব বিচাৰি আৱেদন কৰিছে৷ উপ-নির্বাচনক কেন্দ্র কৰি গেৰুৱা বস্ত্র পৰিধান কৰাই নহয় আৰ এছ এছৰ প্রশিক্ষণো লৈছিল আটাছুৰ প্রাক্তন উপদেষ্টা অশ্বিনী চেতিয়াই৷ কিন্তু অশ্বিনী চেতিয়াৰ সপোন কিমান বাস্তৱ হ’ব, সেয়া অস্পষ্ট হৈ পৰিছে৷ কাৰণ ৰাজ্যিক মুখপাত্র তথা মুখ্যমন্ত্রীৰ ঘনিষ্ঠ লক্ষ্য কোঁৱৰ, তপন কুমাৰ গগৈৰ ঘনিষ্ঠ স্বাক্ষৰ গগৈ, ৰঞ্জিত বৰুৱা, শিল্পী কৃষ্ণমণি চুতীয়াকে ধৰি ভালেকেইজন প্রভাৱশালী নেতাই হেতা-ওপৰা লগাইছে৷
সেইদৰে ৰঙাপৰা সমষ্টিৰ বাবে তেজপুৰৰ প্রাক্তন বিধায়ক ৰাজেন বৰঠাকুৰ, এমট্র’নৰ উপাধ্যক্ষ ৰিতুবৰণ শর্মা, মৃণাল শইকীয়া, চাহ জনগোষ্ঠীয় নেতা জিতু কিষাণ আদিয়ে প্রভাৱ সাব্যস্ত কৰিবলৈ প্রচেষ্টা অব্যাহত ৰাখিছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি