Weather Data Source: wetter Bangalore 14 tage

June 17, 2025 10:18 am

Home » আঞ্চলিক » মাধ্যমিক শিক্ষাৰ নিযুক্তিৰ ক্ষেত্ৰত প্ৰৱৰ্তন হ’ল নতুন নিয়ম

মাধ্যমিক শিক্ষাৰ নিযুক্তিৰ ক্ষেত্ৰত প্ৰৱৰ্তন হ’ল নতুন নিয়ম

গুৱাহাটী : অধ্যক্ষ, উপাধ্যক্ষৰ পৰা আৰম্ভ কৰি চতুর্থ শ্রেণীলৈ মাধ্যমিক শিক্ষাৰ অধীনত খালী হৈ থকা ২২,৫৯৬টা পদত হ’ব নতুন নিয়মেৰে নিযুক্তি৷ বিদ্যালয়ৰ বাছনী কমিটীৰ হাতত থকা ক্ষমতা কর্তন কৰি নতুন নিয়ম প্রৱর্তন হ’ব মাধ্যমিক শিক্ষাত৷ যাৰ ফলত অধ্যক্ষ, উপাধ্যক্ষ, প্রধান শিক্ষক, সহকাৰী প্রধান শিক্ষক আৰু মাদ্রাছাৰ অধীক্ষক, সহকাৰী অধীক্ষক, কর্মচাৰীৰ জ্যেষ্ঠতাৰ তালিকা, নিয়োগ নীতি, নিযুক্তি কর্তৃপক্ষ, বদলি আদিৰ ক্ষেত্রত প্রযোজ্য হ’ব নতুন নিয়ম৷
উচচতৰ মাধ্যমিক, ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, হাইমাদ্রাছাৰ অধ্যক্ষ, উপাধ্যক্ষ, প্রধান শিক্ষক, সহকাৰী প্রধান শিক্ষক, মাদ্রাছাৰ অধীক্ষকৰ জ্যেষ্ঠতাৰ তালিকা, নিয়োগ নীতি, নিযুক্তি কর্তৃপক্ষ, বদলি আদিৰ ক্ষেত্রত নতুন নিয়ম প্রযোজ্য কৰিব মাধ্যমিক শিক্ষা পৰিষদে৷ যাৰ ফলত মাধ্যমিক শিক্ষাত বিভিন্ন স্তৰত খালী হৈ থকা ২২,৫৯৬টা পদত নতুন নিয়ম অনুসৰিহে নিযুক্তি হ’ব৷ আগতে নিযুক্তিৰ ক্ষেত্রত স্কুলৰ বাছনী কমিটীৰ যি কর্তৃত্ব আছিল, সেই কর্তৃত্ব এতিয়া কর্তন কৰা হৈছে৷ পূর্বে অধ্যক্ষ বাছনি কৰিছিল স্কুল কমিটীয়ে৷ নতুন নিয়ম অনুসৰি জিলা বাছনী কমিটীয়ে অধ্যক্ষ বাছনি কৰিব আৰু মাধ্যমিক শিক্ষা সঞ্চালকে নিযুক্তি দিব৷ তেনেদৰে কলা, বিজ্ঞান, বাণিজ্যৰ স্নাতকোত্তৰ ডিগ্রী থকা জ্যেষ্ঠজনকহে উপাধ্যক্ষ পদত বিদ্যালয় পৰিদর্শকে নিযুক্তি দিব৷ উল্লেখযোগ্য যে উচচতৰ মাধ্যমিকত ৬৩টা অধ্যক্ষ আৰু ৫১২টা উপাধ্যক্ষৰ পদ খালী হৈ আছে৷ আগতে হাইস্কুলৰ প্রধান শিক্ষক, হাইমাদ্রাছাৰ অধীক্ষকৰ পদত বি টি, বি এড থকা জ্যেষ্ঠজনকহে পদোন্নতিৰে নিযুক্ত কৰা হৈছিল৷
মাধ্যমিক শিক্ষা বিভাগে নতুনকৈ যুগুত কৰা সেৱা বিধি অনুসৰি জ্যেষ্ঠতাৰ জিলা ভিত্তিত তালিকা থাকিব আৰু এই তালিকাৰ পৰা জিলা বাছনী কমিটীয়ে প্রধান শিক্ষক, মাদ্রাছাৰ অধীক্ষক বাছনি কৰিব আৰু মাধ্যমিক শিক্ষা সঞ্চালকে নিযুক্তি দিব৷ প্রধান শিক্ষক আৰু অধীক্ষকৰ খালী পদৰ সংখ্যা ৯৫৬টা৷ সহকাৰী প্রধান শিক্ষক, অধীক্ষক পূর্বতে জ্যেষ্ঠ স্নাতক শিক্ষকৰ মাজৰ পৰা নিযুক্তিৰ ব্যৱস্থা এতিয়া বাতিল হ’ব৷ নতুন সেৱা বিধি অনুসৰি জিলা বাছনী কমিটীয়ে স্কুলৰ স্নাতক শিক্ষকৰ মাজৰ পৰাহে এতিয়া বাছনি কৰিব আৰু তেওঁলোকক বিদ্যালয় পৰিদর্শকে নিযুক্তি দিব৷ স্নাতকোত্তৰ, স্নাতক শিক্ষক নিযুক্তিৰ ক্ষেত্রত পূর্বৰ স্কুল বাছনী কমিটীৰ সলনি জিলা বাছনী কমিটীয়ে প্রার্থী ঠিক কৰিব৷ পূর্বতে থকা স্কুল কেডাৰৰ পৰিৱর্তে এতিয়া হ’ব জিলা কেডাৰ৷ পূর্বে মাধ্যমিক শিক্ষা সঞ্চালকে স্নাতকোত্তৰ শিক্ষক নিযুক্তি দিছিল, এতিয়াৰে পৰা স্কুল পৰিদর্শকে খালী হৈ থকা স্নাতকোত্তৰ শিক্ষকৰ ১৪৯১টা আৰু সহকাৰী শিক্ষকৰ ১৬,২৭৪টা পদত নিযুক্তি দিব৷ মাধ্যমিক বিদ্যালয়ৰ কনিষ্ঠ সহায়কৰ নিযুক্তিত এতিয়া স্কুল কর্তৃপক্ষৰ কোনো কর্তৃত্ব নাথাকিব৷
জিলা বাছনী কমিটীয়েহে খালী হৈ থকা ৯৫৪টা পদ পূৰণ কৰিব পাৰিব৷ চতুর্থ শ্রেণীৰ পদৰ ক্ষেত্রত পূর্বতে কোনো নির্দিষ্ট বিধি নাছিল যদিও এতিয়াৰে পৰা চতুর্থ শ্রেণীৰ পদ পূৰণৰ ক্ষেত্রত কেৱল স্কুলৰ বাছনী কমিটীৰহে কর্র্তৃত্ব থাকিব৷ উল্লেখযোগ্য যে মাধ্যমিক শিক্ষাত খালী হৈ থকা চতুর্থ শ্রেণীৰ পদৰ সংখ্যা ২৩২৬টা৷ ইফালে নতুন সেৱা বিধি অনুসৰি বদলিৰ ক্ষেত্রতো নতুন নীতি প্রযোজ্য কৰা হৈছে৷ শিক্ষার্থী নথকা, নামভর্র্তি নথকাৰ দৰে ৰাজহুৱা কাৰণত শিক্ষক কর্মচাৰী বদলি হ’ব লাগিব৷ এনে বদলিত গুৰুতৰ অভিযোগ যদি নাথাকে, তেন্তে জ্যেষ্ঠতা অক্ষুণ্ণ থাকিব, যদি কোনোৱে নিজে এখন জিলাৰ পৰা আন এখন জিলালৈ বদলি হ’ব বিচাৰে, তেন্তে তেওঁৰ জ্যেষ্ঠতা নাথাকিব৷ মাধ্যমিক শিক্ষা বিভাগে প্রযোজ্য কৰিব বিচৰা নতুন সেৱা বিধিত কেবিনেটে ইতিমধ্যে অনুমোদন জনাইছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি