Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 9:44 am

Home » আঞ্চলিক » কৰিমগঞ্জৰ প্রাক্তন উপায়ুক্ত প্রদীপ কুমাৰ তালুকদাৰক গ্রেপ্তাৰ

কৰিমগঞ্জৰ প্রাক্তন উপায়ুক্ত প্রদীপ কুমাৰ তালুকদাৰক গ্রেপ্তাৰ

গুৱাহাটী : অৱশেষত আৰক্ষীৰ জালত পৰিল কৰিমগঞ্জ জিলাৰ পূর্বৰ জিলা উপায়ুক্ত প্রদীপ কুমাৰ তালুকদাৰ৷ দেওবাৰৰ পুৱাৰ ভাগত গুৱাহাটীৰ নিজ বাসভৱনৰ পৰা তালুকদাৰক কৰিমগঞ্জ আৰক্ষীয়ে গ্রেপ্তাৰ কৰি কৰিমগঞ্জলৈ লৈ আহে৷ লেণ্ড পর্ট অথৰিটি অব৲ ইণ্ডিয়াই কৰিমগঞ্জ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ সুতাৰকান্দিত ভূমি ক্রয় কৰি ইণ্টিগ্রেট চেকপ’ষ্ট তথা পাঞ্জাবৰ ৱাঘাসদৃশ প’ষ্টৰ দৰে বনোৱাৰ বাবে আঁচনি গ্রহণ কৰি তাৰ বাবে ভূমি ক্রয় কৰিছিল৷
কিন্তু আব্দুল আহাদ চৌধুৰী নামৰ মাফিয়া এজনৰ সৈতে লগ লাগি সেই সময়ৰ জিলাৰ উপায়ুক্ত প্রদীপ কুমাৰ তালুকদাৰ, অতিৰিক্ত উপায়ুক্ত নবাৰুণ ভট্টাচার্যকে ধৰি চক্র বিষয়া হোমেন গোহঁাই বৰুৱা, মণ্ডল, কাননগো, আনকি তৰণীলৈকে সকলোৱে মিলি ভূমি ক্রয়ৰ নামত কেইবা কোটি টকা আত্মসাৎ কৰাৰ পাছত তেওঁলোকৰ বিৰুদ্ধে মাটিৰ প্রকৃত গৰাকীয়ে কৰিমগঞ্জ সদৰ আৰক্ষী থানাত গোচৰ দিয়ে৷ সেই গোচৰৰ ভিত্তিত আৰক্ষীয়ে প্রথমে আব্দুল আহাদক আৰু ইয়াৰ পাছত চক্র বিষয়াৰ কার্যালয়ৰ মণ্ডল প্রণীত নাথ আৰু কাননগো মিহিৰ ৰঞ্জন মালাকাৰক গ্রেপ্তাৰ কৰে৷ তাৰ পাছত চক্র বিষয়া হোমেন গোহঁাই বৰুৱাক গ্রেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্রেৰণ কৰে৷
বর্তমান তিনিও কৰিমগঞ্জ কাৰাগাৰত৷ লেণ্ড পর্ট অথৰিটি অব৲ ইণ্ডিয়াৰ পৰা ছয় কোটি ষাঠি লাখ টকা জালিয়াতিৰে আত্মসাৎ কৰাত সহায় কৰা পূর্বৰ জিলা উপায়ুক্ত আৰু বর্তমান দিছপুৰত সমবায় বিভাগৰ সচিব পদত কার্যনির্বাহ কৰি থকা এ চি এছ বিষয়া প্রদীপ কুমাৰ তালুকদাৰ আৰু সেই সময়ৰ অতিৰিক্ত উপায়ুক্ত (ভূমি) তথা বর্তমানৰ কাছাৰ জিলাৰ ডি ডি চি নবাৰুণ ভট্টাচার্য জড়িত থকাৰ প্রমাণ পোৱা যায়৷
ফলত আৰক্ষীয়ে দুয়োকে গ্রেপ্তাৰ কৰাৰ বাবে অভিযান চলাই প্রদীপ কুমাৰ তালুকদাৰক গ্রেপ্তাৰ বাবে দিছপুৰৰ চৰকাৰী কার্যালয় আৰু তেওঁৰ গুৱাহাটীৰ নিজা বাসভৱনত আৰক্ষীয়ে তালাচী চলায় যদিও বিষয়াজনক ধৰিবলৈ আৰক্ষীয়ে সক্ষম নহ’ল৷ একেদৰে ডি ডি চি নবাৰুণ ভট্টাচার্যৰ কৰিমগঞ্জ চহৰৰ বনমালীৰ ঘৰত, শিলচৰৰ কর্মস্থল, কার্বি আংলং জিলাৰ বোকাজানত থকা তেওঁৰ আন এটা ঘৰত অভিযান চলায়ো গ্রেপ্তাৰ কৰিবলৈ সক্ষম নহ’ল৷ একপ্রকাৰ দুয়োজন পলাতক আছিল৷ ইপিনে তদন্তকাৰী আৰক্ষী বিষয়া সুধন্য শুক্লবৈদ্যই অভিযান চলাই আছিল৷ তেওঁলোকৰ বাহিৰেও কেলেংকাৰিত জড়িত জিলা উপায়ুক্তৰ কার্যালয়ৰ ভূমি আৰু ৰাজহ বিভাগৰ কর্মচাৰী আৰু যিসকলৰ নামত টকা আবণ্টন কৰা হৈছে, এনে বহু লোকক গ্রেপ্তাৰৰ সম্ভাৱনাৰ কথা কয় কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক মানৱেন্দ্র দেৱৰয়ে৷
কৰিমগঞ্জৰ সুতাৰকান্দিত থকা আন্তর্তিক সীমান্তত ট্রেড চেণ্টাৰক লেণ্ডপর্টলৈ উন্নীতকৰণৰ বাবে চাৰে তিনি একৰ মাটি ক্রয়ক লৈ বিয়াগোম কেলেংকাৰি সংঘটিত হৈছিল৷ ঘটনাক লৈ সেই সময়ৰ কৰিমগঞ্জৰ চক্র বিষয়া তথা বর্তমানৰ দেৰগাঁৱৰ চক্র বিষয়া হোমেন গোহঁাই বৰুৱাসহ কৰিমগঞ্জৰ চক্র বিষয়াৰ কার্যালয়ৰ দুগৰাকী কর্মী জ্যেষ্ঠ কাননগো মিহিৰ চন্দ্র মালাকাৰ আৰু মণ্ডল প্রণীত নাথক গ্রেপ্তাৰ কৰি জে’ললৈ প্রেৰণ কৰে৷ প্রায় চাৰি মাহ পূর্বে একে ঘটনাত প্রথমে সুতাৰকান্দি অঞ্চলৰ ভূ-মাফিয়া আব্দুল আহাদকো গ্রেপ্তাৰ কৰা হৈছিল৷ কৰিমগঞ্জৰ আৰক্ষীয়ে কৰিমগঞ্জৰ সেই সময়ৰ জিলা উপায়ুক্ত তথা বর্তমান দিছপুৰত সমবায় বিভাগৰ সচিব প্রদীপ কুমাৰ তালুকদাৰ আৰু কৰিমগঞ্জৰ পূর্বৰ অতিৰিক্ত উপায়ুক্ত তথা বর্তমান কাছাৰ জিলা ডি ডি চি নবাৰুণ ভট্টাচার্যৰ সন্ধান অব্যাহত ৰাখিছিল৷ কিন্তু বহুদিন ধৰি আত্মগোপন কৰি আছিল বিষয়াসকলে৷
আকৌ কেতিয়াবা শাৰীৰিক অসুস্থতাৰ গইনা লৈ নার্ছিং হোমত ভর্তি হৈ আছিল৷ যাৰ বাবে আৰক্ষীয়ে গ্রেপ্তাৰ কৰিব পৰা নাছিল৷ অৱশেষত আজি গুৱাহাটী আৰক্ষীৰ সহযোগত কৰিমগঞ্জৰ আৰক্ষীয়ে সফলতা লাভ কৰে৷ গুৱাহাটীৰ বাসভৱনৰ পৰা গ্রেপ্তাৰ কৰি প্রদীপ কুমাৰ তালুকদাৰক বর্তমানে কৰিমগঞ্জলৈ অনা হৈছে৷ ইতিমধ্যে এই ভূমি কেলেংকাৰিৰ বিৰুদ্ধে ২৬টাকৈ গোচৰ ৰুজু হৈছে৷ তাৰে ২০টা গোচৰ পূর্বৰ উপায়ুক্ত প্রদীপ কুমাৰ তালুকদাৰৰ বিৰুদ্ধে৷ বর্তমান তেওঁক ৭৫৬১৯ ইউএছ ১২০ (বি)৪২০৪৬৮৪৭১৪০৯ আই পি চিসহ আৰু ১৯টা গোচৰৰ ভিত্তিত আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ আৰক্ষী অধীক্ষক মানৱেন্দ্র দেৱৰয়ৰ তৎপৰতাৰ বাবে যোৱা চাৰি মাহে গুৱাহাটীত খাপ পিটি থাকি সফলতা লাভ কৰে৷ অতি শীঘ্রে অতিৰিক্ত উপায়ুক্ত নবাৰুণ ভট্টাচার্যকো গ্রেপ্তাৰ কৰিবলৈ সক্ষম হ’ব বুলি আৰক্ষী অধীক্ষকজনে জনায়৷ ইয়াৰ উপৰি আৰু দুজন অতিৰিক্ত উপায়ুক্ত জড়িত থকাৰ প্রমাণ পোৱা গৈছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি