মিছ ইণ্ডিয়া ৱর্ল্ডৰ চূড়ান্ত প্রতিযোগিতালৈ ডিব্রুগড়ৰ কংকনা
ডিব্ৰুগড় : মিছ ইণ্ডিয়া ৱর্ল্ডৰ মুকুটৰ দৌৰত আগবাঢ়িছে অসম তনয়া তথা ডিব্রুগড়ৰ জীয়াৰী কংকনা বৰুৱাই৷ অহা ৯ নৱেম্বৰত ৰাজস্থানৰ পুষ্কৰত অনুষ্ঠিত হ’বলগীয়া ডেজল মিছ ইণ্ডিয়া ৱর্ল্ড-২০১৯ৰ চূড়ান্ত প্রতিযোগিতাত অংশগ্রহণ কৰিবৰ বাবে অসম তনয়া কংকনা বৰুৱা নির্বাচিত হৈছে৷ স্তনৰ ককর্ট ৰোগৰ সজাগতাক উদ্দেশ্যি আয়োজিত ২০১৯ বর্ষৰ এই প্রতিযোগিতাত ক্রমে মিছ ইণ্ডিয়া ৱর্ল্ড আৰু মিছেছ ইণ্ডিয়া দুটা ভাগত অনুষ্ঠিত হ’ব৷ ইতিমধ্যে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ সাংবাদিকতা আৰু গণমাধ্যমৰ পাঠ্যক্রম সম্পূর্ণ কৰি কংকনাই হায়দাৰাবাদৰ এটা বহুজাতিক কোম্পানীত মানৱ সম্পদ বিষয়া হিচাপে কর্মৰত হৈ আছে৷ তেওঁ ডিব্রুগড়ৰ বাণীপুৰ অঞ্চলৰ নিৱাসী প্রণৱ বৰুৱা আৰু মৃদুলা বৰুৱাৰ দ্বিতীয় কন্যা৷ ৰাজস্থানত অনুষ্ঠিত হ’বলগীয়া প্রতিযোগিতাৰ ফাইনেলত দেশৰ বিভিন্ন ৰাজ্যৰ পৰা নির্বাচিত চূড়ান্ত ২২গৰাকী প্রতিযোগীৰ সৈতে কংকনাই প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ এই