Weather Data Source: wetter Bangalore 14 tage

June 24, 2025 6:32 pm

Home » আঞ্চলিক » ২২১ খন বিদেশী ন্যায়াধিকৰণ স্থাপনৰ প্রস্তুতি প্রায় সম্পূর্ণ

২২১ খন বিদেশী ন্যায়াধিকৰণ স্থাপনৰ প্রস্তুতি প্রায় সম্পূর্ণ

গুৱাহাটী : ৰাজ্যত নতুনকৈ স্থাপন হ’বলগীয়া ২২১খন বিদেশী ন্যায়াধিকৰণৰ প্রস্তুতি সম্পূর্ণ হৈ উঠিছে৷ উক্ত ন্যায়াধিকৰণসমূহৰ বাবে ন্যায়াধীশ কিম্বা সদস্য নিযুক্তিৰ প্রক্রিয়াও আগুৱাই নিয়া হৈছে৷ গুৱাহাটী উচচ ন্যায়ালয়ে সাক্ষাৎকাৰ পর্ব ১৬ জুলাইত আৰম্ভ কৰি প্রায় সম্পূর্ণ কৰি তুলিছে৷
গুৱাহাটী উচচ ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা, সুমন শ্যাম, মানসৰঞ্জন পাঠক, কে আৰ সুৰাণা আৰু পি ডেকাক লৈ গঠিত এখন উচচ পর্যায়ৰ সমিতিয়ে বিদেশী ন্যায়াধিকৰণৰ ন্যায়াধীশ কিম্বা সদস্য নিযুক্তিৰ হকে আৱেদন কৰা প্রার্থীসকলৰ সাক্ষাৎকাৰ গ্রহণ কৰিছে৷ উল্লেখযোগ্য যে নতুন বিদেশী ন্যায়াধিকৰণসমূহত নিযুক্তিৰ বাবে মুঠ ২,২৪৬গৰাকী প্রার্থীয়ে আৱেদন কৰিছে৷
ইয়াৰ ভিতৰত ২,১৩৭গৰাকী প্রার্থীক গুৱাহাটী উচচ ন্যায়ালয়ে সাক্ষাৎকাৰৰ বাবে আমন্ত্রণ জনাইছে৷ জানিব পৰা মতে, আৱেদন কৰা প্রার্থীসকলৰ মাজত আছে ১৬জন অৱসৰপ্রাপ্ত ন্যায়াধীশ, ১৮জন অৱসৰপ্রাপ্ত আই এ এছ বিষয়া আৰু ২,১০৩জন অভিজ্ঞতাপুষ্ট অধিবক্তা৷ প্রণিধানযোগ্য যে বিদেশী ন্যায়াধিকৰণৰ সদস্য নিযুক্তিৰ ক্ষেত্রত কেইটামান চর্ত বান্ধি দিয়া হৈছে৷
অৱসৰপ্রাপ্ত ন্যায়াধীশ, আইনৰ অভিজ্ঞতা থকা অৱসৰপ্রাপ্ত আই এ এছ বিষয়া আৰু কমেও ৭ বছৰৰ ওকালতিৰ অভিজ্ঞতা থকা অধিবক্তাই আৱেদন কৰিব পাৰিব বুলি প্রকাশিত বিজ্ঞাপনত উল্লেখ কৰা হৈছিল৷ প্রণিধানযোগ্য যে এন আৰ চি উন্নীতকৰণৰ সমান্তৰালভাৱে ঘোষিত বিদেশী আৰু ডি ভোটাৰ সম্পর্কীয় গোচৰসমূহ নিষ্পত্তিৰ বাবে প্রস্তাৱিত ২২১খন নতুন বিদেশী ন্যায়াধিকৰণ স্থাপন কৰা হ’ব৷
ছেপ্টেম্বৰৰ প্রথম সপ্তাহতেই এই নতুন ন্যায়াধিকৰণসমূহ স্থাপনৰ যো-জা চলোৱা হৈছে৷ ইতিমধ্যে ৰাজ্য চৰকাৰে নতুন বিদেশী ন্যায়াধিকৰণসমূহৰ বাবে ৭টা মণ্ডল চিনাক্ত কৰিছে৷ অহা ৩১ আগষ্টত এন আৰ চিৰ চূড়ান্ত তালিকা প্রকাশৰ লগে লগে বিদেশী সম্পর্কীয় গোচৰ নিষ্পত্তিৰ বাবে অধিকসংখ্যক বিদেশী ন্যায়াধিকৰণৰ প্রয়োজনীয়তা বৃদ্ধি পাব৷ কেন্দ্রীয় চৰকাৰে অসমত নতুনকৈ এহাজাৰমান বিদেশী ন্যায়াধিকৰণ স্থাপনত অনুমোদন জনাইছে৷
প্রাৰম্ভিক অৱস্থাত ২২১খন ন্যায়াধিকৰণৰ বাবে পুঁজিও নির্ধাৰণ কৰা হৈছে৷ জানিব পৰা মতে, নতুনকৈ নিযুক্তি পাবলগীয়া ন্যায়াধীশ কিম্বা সদস্যৰ মাহিলি দৰমহা হ’ব ৮৫ হাজাৰ টকা৷ চলিত মাহতেই সাক্ষাৎকাৰত অৱতীর্ণ ২,৩৩৭গৰাকী প্রার্থীৰ মাজৰ পৰা উচচ ন্যায়ালয়ে যোগ্যসকলক বাছনি কৰি নিযুক্তিৰ ব্যৱস্থা কৰিব৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি