Weather Data Source: wetter Bangalore 14 tage

June 12, 2025 5:35 pm

Home » আঞ্চলিক » বৰপেটাত নেহেৰু যুৱ কেন্দ্ৰৰ অধীনত এছিয়ান মিছন ইনষ্টিটিউটৰ শ্ৰমদান শিৱিৰ সম্পন্ন

বৰপেটাত নেহেৰু যুৱ কেন্দ্ৰৰ অধীনত এছিয়ান মিছন ইনষ্টিটিউটৰ শ্ৰমদান শিৱিৰ সম্পন্ন

প্ৰদীপ কুমাৰ সৰকাৰ, বৰপেটা : 
আন্তৰ্জাতিক যুৱ দিৱস উপলক্ষে ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰালয়ৰ অধীনত থকা নেহেৰু যুৱ কেন্দ্ৰ সংগঠণ বৰপেটাৰ সৌজন্যত উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম আগশাৰীৰ বেচৰকাৰী সংস্থা এছিয়ান মিছন ইনষ্টিটিউটৰ উদ্যোগত ১২ আগষ্টৰ পৰা ১৪ আগষ্টলৈকে তিনিদিনীয়া কাৰ্য্যসূচীৰে শ্ৰমদান শিৱিৰ সম্পন্ন হয়। 
১২ আগষ্টত লৱাৰ আসাম একাডেমি কয়াকুছিৰ প্ৰেক্ষাগৃহত আবেলি তিনি বজাত আৰম্ভ হোৱা শিবিৰৰ শুভ উদ্বোধন কৰে এছিয়ান মিছন ইনষ্টিটিউটৰ পৰিচালন সঞ্চালক ডাঃ আব্দুল কদ্দুছ শিকদাৰে। বৃহত্তৰ কয়াকুছি অঞ্চলৰ চাৰিওফালৰ বিভিন্ন গাওঁৰ পৰা মুঠ চল্লিশ গৰাকী স্বেচ্ছাসেৱী যুুুৱকে অংশ গ্ৰহণ কৰি তেলেৰীয়া গাওঁ, জালকাৰা, কয়াকুছি পাথাৰ, কুৰিহা আদি গ্ৰাম্যাঞ্চলত যুুুৱকসকল লোকৰ ঘৰে ঘৰে গৈ “পানীৰ বিশুদ্ধিকৰণ আৰু সংৰক্ষণ” সন্দৰ্ভত জনসাধাৰণক সজাগ কৰি বিনামূলীয়া শ্ৰম দানেৰে হাতে-কামে লাগি পানীৰ ফিল্টাৰ সজোৱাৰ ব্যৱস্থা কৰে। স্বেচ্ছাসেৱক সকলৰ এনেধৰণৰ সৌহাৰ্দপূৰ্ণ কাৰ্য্যক ৰাইজে ভূয়ঁসী প্ৰশংসা কৰাৰ লগতে উদ্যোক্তা সকলৰ শলাগ লয়। অৰু তিনিদিনীয়া কাৰ্য্যসূচীৰ অন্তিম দিনা অৰ্থাৎ ১৪ আগষ্টৰ আবেলি ৩ বজাত অনুষ্ঠিত সামৰণি সভাত সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ছোহৰাব আলী আহমেদে। 
স্বেচ্ছাসেৱী অগ্ৰণী অনুষ্ঠান এছিয়ানৰ সভাপতি ছানিদুল ইছলাম শিকদাৰে উদ্দেশ্য বাখ্যা কৰা সভাত আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰি স্বেচ্ছাসেৱক সকলক উদ্দেশ্যি বক্তব্য আগবঢ়ায় ক্ৰমে ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যাপক-শ্বাহ আলম হুছেইন, লৱাৰ আসাম একাডেমি কয়াকুছিৰ উপাধ্যক্ষ-ছিৰাজুল হক, প্ৰৱক্তা – মহছিন আলী খান, জনকল্যাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক- আব্দুল হালিম, ও এন জি চি’ৰ কণিষ্ঠ অভিযন্তা-জেহেৰুল ইছলাম আৰু এছিয়ানৰ সঞ্চালক ডাঃ আব্দুল কদ্দুছ শিকদাৰে। সভাৰ অন্তত শলাগৰ শৰাই আগবঢ়ায় এছিয়ান মিচন ইনষ্টিটিউটৰ সম্পাদক জব্বৰ আলীয়ে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি