Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 9:55 pm

Home » আঞ্চলিক » অভিনৱ প্ৰতিবাদ : লামডিং ৰাজপথত আৱতৰীয়া পৰিবেশ দিৱস

অভিনৱ প্ৰতিবাদ : লামডিং ৰাজপথত আৱতৰীয়া পৰিবেশ দিৱস

স্বপন দাস, লামডিং :
এয়া বিশ্ব পৰিবেশ দিৱস উদযাপন কৰা ফটো বুলি ভুল নকৰিব৷ আগষ্ট মাহৰ প্ৰখৰ ৰ’দত  লামডিং ৰাজপথত এয়া আৱতৰীয়া পৰিবেশ দিৱস৷ বিদ্যালয়ৰ সলনি এতিয়া কন কন ছাত্ৰ ছাত্ৰীয়ে ৰাজপথতেই কৰিলে বৃক্ষ ৰোপন৷ হয় এয়া হ’ল পূৱ লামডিং গাওঁ পঞ্চায়তৰ অধীনত থকা নতুন বস্তিৰ দৃশ্য৷ ডিজিটেল ইণ্ডিয়াৰ স্বপ্ন দেখা মোদী চৰকাৰৰ আঁচনিয়ে ঢুকি নোপোৱা নাই লামডিঙৰ এইখন নতুন বস্তিত ৷ 
ভাৰত স্বাধীন হোৱা ৭৩ বছৰেই হল , কিন্তু ৭৩ বছৰে কোনো চৰকাৰৰ দিনত মেৰামতি নহল এই পথচোৱা ৷ চৰকাৰ আহিছে আৰু সলনি হৈছে, গঠন হৈছে নতুনকৈ পঞ্চায়ত কিন্তু এই পথচোৱাত চকু পৰা নাই এটা বিভাগৰো৷ নতুন বস্তিৰ ৰাইজৰ অভিযোগ নতুনকৈ গঠন হোৱা পঞ্চায়তৰ সদস্যৰটো খৱৰ নায়ে আনফালে লামডিং বিধায়ক শিবু মিশ্ৰও লামডিঙৰ এই পথচোৱাৰ ফালে নামাৰে এপাক৷ 
আনফালে গাওঁ পঞ্চায়তৰ অধীনত থকা লামডিঙ বহু গ্রাম্য এলেকাৰ পথ বিধায়কজনে নিৰ্মান কৰোৱাইছে যদিও এই পথচোৱা আজিলৈকে মেৰামতি নকৰাক লৈ এতিয়া ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী ৷ অলপ বৰষুণ আহিলেই পথচোৱা হৈ পৰে বোকা পানীৰে ভৰা পথাৰ সদৃশ৷ আনফালে পথচোৱাৰে প্ৰতিদিনে যাতায়ত কৰা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীও অতিষ্ঠ হৈ পৰিছে পথচোৱাৰ বাবে৷ সেয়হে উপায়হীন হৈ আজি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ লগতে গাৱৰ ৰাইজে প্ৰতিবাদত নামিছে৷ লগতে তেওঁলোকে লামডিঙৰ বিধায়ক গৰাকীক অনুৰুধ জনাইছে যে অতি সোনকালে তেওঁলোকৰ পথটো মেৰামতি কৰিবলৈ।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি