২২১ খন বিদেশী ন্যায়াধিকৰণ স্থাপনৰ প্রস্তুতি প্রায় সম্পূর্ণ

গুৱাহাটী : ৰাজ্যত নতুনকৈ স্থাপন হ’বলগীয়া ২২১খন বিদেশী ন্যায়াধিকৰণৰ প্রস্তুতি সম্পূর্ণ হৈ উঠিছে৷ উক্ত ন্যায়াধিকৰণসমূহৰ বাবে ন্যায়াধীশ কিম্বা সদস্য নিযুক্তিৰ প্রক্রিয়াও আগুৱাই নিয়া হৈছে৷ গুৱাহাটী উচচ ন্যায়ালয়ে সাক্ষাৎকাৰ পর্ব ১৬ জুলাইত আৰম্ভ কৰি প্রায় সম্পূর্ণ কৰি তুলিছে৷ গুৱাহাটী উচচ ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা, সুমন শ্যাম, মানসৰঞ্জন পাঠক, কে আৰ সুৰাণা আৰু পি ডেকাক লৈ গঠিত এখন উচচ পর্যায়ৰ সমিতিয়ে বিদেশী ন্যায়াধিকৰণৰ ন্যায়াধীশ কিম্বা সদস্য নিযুক্তিৰ হকে আৱেদন কৰা প্রার্থীসকলৰ সাক্ষাৎকাৰ গ্রহণ কৰিছে৷ উল্লেখযোগ্য যে নতুন বিদেশী ন্যায়াধিকৰণসমূহত নিযুক্তিৰ বাবে মুঠ ২,২৪৬গৰাকী প্রার্থীয়ে আৱেদন কৰিছে৷ ইয়াৰ ভিতৰত ২,১৩৭গৰাকী প্রার্থীক গুৱাহাটী উচচ ন্যায়ালয়ে সাক্ষাৎকাৰৰ বাবে আমন্ত্রণ জনাইছে৷ জানিব পৰা মতে, আৱেদন কৰা প্রার্থীসকলৰ মাজত আছে ১৬জন অৱসৰপ্রাপ্ত ন্যায়াধীশ, ১৮জন অৱসৰপ্রাপ্ত আই এ

২০২১ত মাজুলীত অনুষ্ঠিত হ’ব সম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক অধিৱেশন

অসম সাহিত্য সভাৰ ষষ্ঠ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক নাৰায়ণপুৰ অধিৱেশনৰ সিদ্ধান্ত গুৱাহাটী : অসম সাহিত্য সভাৰ ষষ্ঠ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক অধিৱেশনখন দুদিনীয়া কাৰ্যসূচীৰে নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়ত অনুস্থিত হয় | উক্ত কাৰ্যনিৰ্বাহক অধিৱেশনখনিত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ লগতে ২০২০ চনত অনুষ্ঠিত হ’ব লগা অসম সাহিত্য সভাৰ দ্বিবাৰ্ষিক শুৱালকুছি অধিৱেশনৰ আনুষ্ঠানিক নিমন্ত্ৰণৰ পিছতে ২০২১ চনত হ’ব লগা অসম সাহিত্য সভাৰ বিশেষ বাৰ্ষিক অধিৱেশনখন মাজুলীত অনুস্থিত কৰা সৰ্বসন্মত প্ৰস্তাৱ গ্ৰহণ কৰা হয় | ইয়াৰ লগে লগেই মাজুলী জিলা সাহিত্য সভাৰ সভাপতি-সম্পাদক, প্ৰতিনিধিবৰ্গ ক্ৰমে প্ৰভাত বৰা বুঢ়াভকত, ৰমেশ চন্দ্ৰ শইকীয়া, ৰামেশ্বৰ শইকীয়া,প্ৰফুল্ল বৰুৱা, মহিম চন্দ্ৰ নাথ, শংকুসিদ্ধ নাথ, উৎপল বৰা, ৰুণমণি শইকীয়া প্ৰমুখ্যে এটা সজাঁতি দ’লে অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীদেৱৰ যোগেদি সুধী সাহিত্য সমাজক ৪১যোৰা

অভিনৱ প্ৰতিবাদ : লামডিং ৰাজপথত আৱতৰীয়া পৰিবেশ দিৱস

স্বপন দাস, লামডিং : এয়া বিশ্ব পৰিবেশ দিৱস উদযাপন কৰা ফটো বুলি ভুল নকৰিব৷ আগষ্ট মাহৰ প্ৰখৰ ৰ’দত  লামডিং ৰাজপথত এয়া আৱতৰীয়া পৰিবেশ দিৱস৷ বিদ্যালয়ৰ সলনি এতিয়া কন কন ছাত্ৰ ছাত্ৰীয়ে ৰাজপথতেই কৰিলে বৃক্ষ ৰোপন৷ হয় এয়া হ’ল পূৱ লামডিং গাওঁ পঞ্চায়তৰ অধীনত থকা নতুন বস্তিৰ দৃশ্য৷ ডিজিটেল ইণ্ডিয়াৰ স্বপ্ন দেখা মোদী চৰকাৰৰ আঁচনিয়ে ঢুকি নোপোৱা নাই লামডিঙৰ এইখন নতুন বস্তিত ৷  ভাৰত স্বাধীন হোৱা ৭৩ বছৰেই হল , কিন্তু ৭৩ বছৰে কোনো চৰকাৰৰ দিনত মেৰামতি নহল এই পথচোৱা ৷ চৰকাৰ আহিছে আৰু সলনি হৈছে, গঠন হৈছে নতুনকৈ পঞ্চায়ত কিন্তু এই পথচোৱাত চকু পৰা নাই এটা বিভাগৰো৷ নতুন বস্তিৰ ৰাইজৰ অভিযোগ নতুনকৈ গঠন হোৱা পঞ্চায়তৰ সদস্যৰটো খৱৰ নায়ে আনফালে লামডিং

|

সঁচাকৈ চূড়ান্ত এন আৰ চিৰ পৰা কর্তন হ’ব ১৬ লাখ লোকৰ নাম

গুৱাহাটী : চূড়ান্ত ৰাষ্ট্রীয় নাগৰিকপঞ্জীত অন্তর্ভুক্ত নহ’ব প্রায় ১৬ লাখ লোকৰ নাম৷ চূড়ান্ত নাগৰিকপঞ্জী প্রকাশ পাবলৈ মাত্র ১৫ দিন বাকী থকাৰ সময়তে এই চাঞ্চল্যকৰ তথ্য প্রকাশ পাইছে ৰাষ্ট্রীয় সংবাদ মাধ্যমত৷ বিশিষ্ট বুদ্ধিজীৱী উদয়ন মিশ্রই ‘দ্য হিন্দু’ কাকতত প্রকাশ কৰা অনুসৰি চূড়ান্ত নাগৰিকপঞ্জীৰ পৰা কর্তন হ’ব ৰাজ্যৰ প্রায় ১৬ লাখ লোকৰ নাম৷ এই ১৬ লাখ লোকৰ ভিতৰত অন্তর্ভুক্ত হৈ আছে প্রায় এক লাখ ‘ডি’ ভোটাৰ আৰু চূড়ান্ত খচৰাৰ পৰা বাদ পৰাৰ পাছত পুনৰ আৱেদন নকৰা চাৰি লাখ লোকৰ নাম৷ প্রণিধানযোগ্য যে চূড়ান্ত ৰাষ্ট্রীয় নাগৰিকপঞ্জীত কিমানসংখ্যক লোকৰ নাম অন্তর্ভুক্ত নহ’ব তাক লৈ ইতিমধ্যে দেশজুৰি বিভিন্ন জল্পনা-কল্পনাৰ আৰম্ভ হৈছে৷ এনে জল্পনা-কল্পনাৰ মাজতে দেশৰ ভিতৰতে বিশিষ্ট বুদ্ধিজীৱী হিচাপে পৰিচিত উদয়ন মিশ্রই চূড়ান্ত নাগৰিকপঞ্জীত ৰাজ্যৰ প্রায়

| |

ইমৰাণ খানক কিয় ভিখাৰী হিচাপে দেখুৱাইছে গুগলে:

ইমৰাণ খানৰ ভিখাৰীৰ ৰূপত দেখুওৱা এই ফটো ভাইৰেল ছচিয়েল মিডিয়াত Googleত ‘ভিখাৰী’ টাইপ কৰি ছাৰ্চ কৰিলে ওলায় পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ ফটো ৱেব সংবাদ : Googleত ‘ভিখাৰী’ (Bhikhari) শব্দ ছাৰ্চ কৰিলে এতিয়া দেখা যায় পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ ফটো। গুগল ইমেজত দেখা যোৱা ফটোত ইমৰাণ খানক ভিক্ষাৰ পাত্ৰ লৈ থকা দেখা গৈছে। এডিট কৰা এই ফটোত ইমৰাণ খানে হাতত এটা ভিক্ষাৰ পাত্ৰ লৈ থকা দেখা গৈছে। এডিটড ফটোখনত ইমৰাণ খানক পথত বহি থকা ভিক্ষাৰীৰ ৰূপত দেখুওৱা হৈছে। আচলতে বৰ্তমান তীব্ৰ বিত্তীয় সংকটৰ সৈতে যুঁজিছে পাকিস্তানে। ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ বাবে প্ৰধানমন্ত্ৰী ইমৰাণ খানে ঋণ লোৱাৰ বাবে কেইবাখনো দেশ ভ্ৰমণ কৰাৰ খবৰ প্ৰকাশ পাইছে। ইমৰাণ খানৰ ভিখাৰীৰ ৰূপত দেখুওৱা এই ফটো

|

নৰেন্দ্র মোদীৰ দ্বিতীয়টো কার্যকালৰ আৰম্ভণিতে দেশৰ অর্থনীতিলৈ আহিছে মহাসংকট

নতুন দিল্লী : দ্রুতগতিত নিম্নগামী হৈছে দেশৰ অর্থনীতি৷ ভাৰতক বিশ্বগুৰু হিচাপে প্রতিষ্ঠাৰ পণ হাতত লোৱা প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ দ্বিতীয়টো কার্যকালৰ আৰম্ভণিতে দেশৰ অর্থনীতিলৈ অহা মহাসংকটে বিপদ কঢ়িয়াই আনিছে৷ সম্পূর্ণ ১৯ বছৰৰ মূৰত নির্মাণ খণ্ডত দেখা দিয়া অর্থনৈতিক বিপর্যয়ে দেশৰ অর্থ ব্যৱস্থাৰ ওপৰতে মাধমাৰ শোধাইছে৷ একে সময়তে বিদেশী বিনিয়োগ হ্রাস পোৱাত দেশৰ অর্থনীতিত বিৰূপ প্রভাৱ স্পষ্ট হৈছে৷ ক’বলৈ গ’লে বৃহৎ অর্থনৈতিক মন্দাৱস্থাৰ দিশে গতি কৰিছে দেশ৷ গাড়ী নির্মাণ কোম্পানীকে ধৰি নির্মাণ খণ্ডত নিয়োজিত হাজাৰ হাজাৰ কর্মচাৰীয়ে চাকৰি হেৰুৱাইছে৷ আনকি অসমতে বহু আগশাৰীৰ গাড়ী কোম্পানীৰ ডীলাৰৰ কর্মচাৰীয়ে পোৱা নাই দৰমহা৷ উল্লেখযোগ্য যে অলপতে এখন আগশাৰীৰ ইংৰাজী দৈনিক কাকত ‘দ্য ইক’নমিক টাইম৲ছ’ত দিয়া এক সাক্ষাৎকাৰত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কৈছে যে আগন্তুক ৫ বছৰত

জনীয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ জৰিয়তে বানাক্ৰান্তলৈ হাইজিন কিটচ বিতৰণ

সাহায্য আগবঢ়ালে আমেৰিকেয়াৰচ ইণ্ডিয়া ফাউণ্ডেচনে জনীয়া : আন্তৰ্জাতিক পৰ্যায়ৰ এন জি অ আমেৰিকেয়াৰচ ইণ্ডিয়া ফাউণ্ডেচনৰ উদ্যোগত আৰু জনীয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ সহযোগত শুক্ৰবাৰে জনীয়াত বনপীড়িতৰ মাজত ১০ টা গা ধোৱা চাবোন, ৩ টা লনৰ্ড্ৰি চাবোন,৪ টা ছেনিটাৰী পেড, ৫ টা টায়েল,৭ টা টুটপেষ্ট,৫ টা মমবাতি, ৫ ৰেজৰ, ১ টা নেইল কাটাৰ,২ টা ফণী,এটা প্লাষ্টিকৰ বাল্টিকে ধৰি বিভিন্ন সামগ্ৰী বিতৰণ কৰে। তদুলক্ষে জনীয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ সম্পদক আব্দুল মালিকৰ তত্বাৱধানত অনুষ্ঠানৰ কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত সাহাৰ্য বিতৰণী সভাত আমেৰিকেয়াৰচ ইণ্ডিয়া ফাউন্ডেচনৰ নিধি বানছাল,শংকৰ পাণ্ডে,,জনীয়া গাও পঞ্চায়তৰ সভাপতি ছাবেদ আলী,,উপ সভাপতি ছফিকুল ইছলাম, বৰপেটা চাইল্ড লাইনৰ জিলা সমন্বয়ক ৰফিকুল ইছলাম আদি কৰি বহু কেইগৰাকী গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

বৰপেটাত নেহেৰু যুৱ কেন্দ্ৰৰ অধীনত এছিয়ান মিছন ইনষ্টিটিউটৰ শ্ৰমদান শিৱিৰ সম্পন্ন

প্ৰদীপ কুমাৰ সৰকাৰ, বৰপেটা :  আন্তৰ্জাতিক যুৱ দিৱস উপলক্ষে ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰালয়ৰ অধীনত থকা নেহেৰু যুৱ কেন্দ্ৰ সংগঠণ বৰপেটাৰ সৌজন্যত উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম আগশাৰীৰ বেচৰকাৰী সংস্থা এছিয়ান মিছন ইনষ্টিটিউটৰ উদ্যোগত ১২ আগষ্টৰ পৰা ১৪ আগষ্টলৈকে তিনিদিনীয়া কাৰ্য্যসূচীৰে শ্ৰমদান শিৱিৰ সম্পন্ন হয়।  ১২ আগষ্টত লৱাৰ আসাম একাডেমি কয়াকুছিৰ প্ৰেক্ষাগৃহত আবেলি তিনি বজাত আৰম্ভ হোৱা শিবিৰৰ শুভ উদ্বোধন কৰে এছিয়ান মিছন ইনষ্টিটিউটৰ পৰিচালন সঞ্চালক ডাঃ আব্দুল কদ্দুছ শিকদাৰে। বৃহত্তৰ কয়াকুছি অঞ্চলৰ চাৰিওফালৰ বিভিন্ন গাওঁৰ পৰা মুঠ চল্লিশ গৰাকী স্বেচ্ছাসেৱী যুুুৱকে অংশ গ্ৰহণ কৰি তেলেৰীয়া গাওঁ, জালকাৰা, কয়াকুছি পাথাৰ, কুৰিহা আদি গ্ৰাম্যাঞ্চলত যুুুৱকসকল লোকৰ ঘৰে ঘৰে গৈ “পানীৰ বিশুদ্ধিকৰণ আৰু সংৰক্ষণ” সন্দৰ্ভত জনসাধাৰণক সজাগ কৰি বিনামূলীয়া শ্ৰম দানেৰে হাতে-কামে