Weather Data Source: wetter Bangalore 14 tage

June 17, 2025 9:33 am

Home » আঞ্চলিক » ঈদৰ আনন্দই চুব পৰা নাই ডিটেনশ্বন কেম্পত বন্দী হৈ থকা লোকৰ পৰিয়ালক…

ঈদৰ আনন্দই চুব পৰা নাই ডিটেনশ্বন কেম্পত বন্দী হৈ থকা লোকৰ পৰিয়ালক…

হায়াত ফাউণ্ডেচন আৰু সাহজাহান আলী ফেন ক্লাবৰ ঈদৰ সামগ্ৰী বিতৰণ
@ ছৈয়দ বুলবুল জামানুৰ হক
চকুলো! যি চকুলোত মাথো নিজৰ আপোনজন জীয়াই থাকিও কাষত নোপোৱাৰ বিষাদৰ গান৷ যি চকুলোত মাথো স্বাধীন দেশৰ নাগৰিক হৈয়ো বিদেশীৰ কলংক কঢ়িয়াই লৈ ফুৰা বিষাদৰ গান৷ হয়, কাইলৈ সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যজুৰি অতি উলহ-মালহেৰে উদযাপন কৰা হ’ব ইছলাম ধৰ্মাৱলম্বী লোকৰ অতি আনন্দৰ উৎসৱ ঈদ-উদ-জোহা৷ এই বিশেষ দিনটোতেই পৰিয়ালৰ মূৰব্বীগৰাকী জীয়াই থকাৰ পিছতো আজি এই আনন্দৰ সহভাগী হ’ব নোৱাৰাৰ শোকত ভাগি পৰিছে মোকাদ্দেছ আলীৰ পৰিয়াল৷ টুকিছে মাথো চুকুলো আৰু চকুলো৷ এই চকুলো যে কেৱল আপোনজন কাষত নথকাৰ বেদনা সেয়া নহয়, স্বাধীন দেশৰ নাগৰিক হোৱাৰ পিছতো বিদেশীৰ কলংকত কলংকিত মোকাদ্দেছ আলী৷
বিদেশী ন্যায়াধীধকৰণৰ একপক্ষীয় ৰায়ৰ ফলত দীৰ্ঘ ৩ বছৰে ডিটেনশ্বত কেম্পত বন্দী হৈ থকা ঠাণ্ডু মিয়াৰ পুত্ৰ মোকাদ্দেছ আলীৰ ঘৰ বাক্সা জিলাৰ গোৱাৰ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত এলেংগাবাৰী গাঁৱত৷ ১৯৭১ চমৰ ভোটাৰ তালিকাত শুদ্ধকৈ নিজৰ নাম থকাৰ উপৰি তাৰ পূৰ্বৰো বিভিন্ন নথি পত্ৰ থকাৰ পিছতো ১৯৯৭ চনৰ ভোটাৰ তালিকাত তেওক সন্দেহজনক তথা ডি ভোটাৰ হিচাপে চিহ্নিত কৰা হয় যদিও কোনো দিনেই তেওঁলৈ অহা নাছিল বিদেশীৰ নামত গোচৰ চলি থকাৰ কোনো জাননী৷ কোনো ধৰণৰ জাননী নিদিয়াকৈ বিদেশী ন্যায়াধীকৰণে একপক্ষীয় ৰায় প্ৰদান কৰি মোকাদ্দেছ আলীক বিদেশী বুলি ঘোষণা কৰি ২০১৬ চনৰ ২৮ নৱেম্বৰত ডিটেনশ্বন কেম্পত বন্দী কৰে৷ তেতিয়াৰ পৰাই পৰিয়াললৈ নামি কাল অমানিশা৷ উল্লেখ কৰা বাহুল্য যে ১৯৯৪ চনত বড়ো উগ্ৰপন্থী সংগঠনে চলোৱা গণহত্যাৰো বলি হৈছিল পৰিয়ালটো৷ জ্বলাই দিয়া হৈছিল তেওঁলোকৰ ঘৰ-বাৰী৷ তাৰ পিছতেই পেটৰ তাড়নাত জীৱিকা বিচাৰি উপস্থিত হৈছিল উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত৷ প্ৰায় তিনি বছৰে লক্ষ্ণোত দিন হাজিৰা কৰা পৰিয়ালটো পুনৰ নিজৰ বাসগৃহলৈ উপস্থিত হৈ কিছু পোন হোৱাৰ চেষ্টা কৰিছিল যদিও ২০১৬ চনৰ ২৮ নৱেম্বৰত একমাত্ৰ উপাৰ্জনকাৰী মোকাদ্দেছ আলীক ডিটেনশ্বন কেম্পত বন্দী কৰাৰ পিছৰ পৰা ৮ জনীয়া পৰিয়ালটোত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়৷ মোকাদ্দেছৰ পত্নীয়ে সম্প্ৰতি শিল-বালিৰ মহলত দৈনিক ১৫০ টকা হাজিৰা কৰি পৰিয়ালটো পোহপাল দি আহিছে৷ ইয়াৰে ভিতৰত দুগৰাকী পুত্ৰ আৰু এগৰাকী কন্যাক শিক্ষাৰ পোহৰেৰে উজলাই তোলাৰ প্ৰয়াস অব্যাহত ৰাখিছে৷
ইপিনে বিদেশীৰ অভিযোগত বন্দী হৈ থকা মোকাদ্দেছ আলীক ডিটেশ্বন কেম্পৰ পৰা মোকলাই আনিবলৈ ন্যায়ালয়ৰ দুৱাৰ, অধিবক্তাৰ কাষ চাপি সম্পূৰ্ণ জুৰুলা হৈ পৰিছে৷ এক কথাত ক’বলৈ সম্প্ৰতি পৰিয়ালটোত সম্পূৰ্ণ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে৷ ইমানৰ পিছতো সহায়ৰ হাত আগবঢ়োৱা দূৰৈৰ কথা, পৰিয়ালটোৰ দুখ-দুৰ্দশাৰ বুজ ল’বলৈ উপস্থিত হোৱা নাই কোনো দল-সংগঠনৰ লোক৷ আনহাতে পৰিয়ালৰ সূত্ৰে জানিব পৰা মতে ডিটেনশ্বন কেম্পত বন্দী হৈ থকা মোকাদ্দেছ আলী সম্প্ৰতি শাৰিৰীকভাৱে অসুস্থ৷ এই ক্ষেত্ৰতো সংশ্লিষ্ট কৰ্তৃপক্ষই কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে৷
এয়া মাথো এগৰাকী মোকাদ্দেছ আলীৰ কাহিনী৷ মোকাদ্দেছ আলীৰ দৰে এনে সহশ্ৰাধিক ভাৰতীয় নাগৰিক বিদেশীৰ নামত কলংকিত হৈ আজি ডিটেশ্বন কেম্পত বন্দী হৈ আছে৷ ফলত কাইলৈ উদযাপন হ’বলগীয়া ত্যাগৰ উৎসৱ এই ঈদৰ আনন্দই চুব পৰা নাই ডিটেনশ্বন বন্দী লোকৰ এনে পৰিয়ালক। জীৱীত থাকিও মৃত্যু উপত্যকাত জীৱনৰ কঠোৰ সংগ্ৰাম চলাই যাব লগা হৈছে কেইবাটাও ভাৰতীয় পৰিয়াল¸ যিসকলৰ মাজৰ পৰাই ৰাজ্যৰ বিদেশী ন্যায়াধিকৰণে বাংলাদেশীৰ অপবাদ দি আবদ্ধ কৰিছে পৰিয়ালৰ উপাৰ্জনকাৰী লোকক। মোকাদ্দেছ আলীৰ পৰিয়ালৰ লগতে গামাৰীগুৰীৰ সাহা আলী, আতাব আলী, হবিবৰ ৰহমান, বিল্লাল আলী আৰু বাক্সাৰ গোৱৰ্ধনা গাঁৱৰ কদম আলী বিদেশী ন্যায়ধিকৰণৰ গোচৰত একপক্ষীয় ৰায়দানৰ বলি হৈ গোৱালপাৰা ডিটেনশন কেম্পত বন্দী জীৱন কটোৱা পৰিয়ালৰ নাই উপাৰ্জন কৰা বিকল্প মানুহ। প্ৰতিটো পৰিয়ালৰ মুখ্য ব্যক্তিজন আজি বন্দী হৈ থকাত পৰিয়ালকেইটাৰ আৰ্থিক অনাটনত ভূগিছে। যিহেতু এই পৰিয়ালকেইটাক সহায়ৰ হাত আগবঢ়াবলৈ আজিকোপতি কোনো এটা দল সংগনঠে আগবাঢ়ি অহা নাছিল। তেনে সময়ত বৰপেটা আৰু বাক্সা জিলাৰ অন্তৰ্গত গামাৰীগুৰী, গোৱৰ্ধনা¸ কালপানী আদি গাঁৱৰ পৰা ডিটেনশন কেম্পত বন্দী হৈ থকা লোকৰ পৰিয়ালৰ বুজ ল’বলৈ আগবাঢ়ি আহে হায়াত ফাউণ্ডেচন আৰু সাহজাহান আলী আহমেদ ফেন ক্লাৱে। 
স্বেচ্ছাসেৱী সংস্থা দুটিৰ হৈ মামৱধিকাৰ কৰ্মী শাকিল আহমেদ আৰু ২০ নং মথনগুৰী পৰিষদীয় সমষ্টিৰ যুৱ নেতা আমছুৰ প্ৰাক্তন শিক্ষা ও আলোচনী সম্পাদক সাহজাহান আলী আহমেদে পৰিয়ালকেইটাক সাক্ষাৎ কৰি ঈদ উপলক্ষে খাদ্য সামগ্ৰী বিতৰণ কৰে। এই কাৰ্যসূচীত সহযোগ কৰে সংবাদ প্ৰহৰীৰ সম্পাদক ছৈয়দ বুলবুল জামানুৰ হক, আমছুৰ বাক্সা জিলা সমিতিৰ মুখ্য উপদেষ্টা মইনুল হক খান¸ সাধাৰণ সম্পাদকদ্বয় সাহাদত হুছেইন আৰু ছাইফুল ইছলাম খান¸ বৰপেটা জিলা সমিতিৰ সম্পাদক সম্পাদক নজৰুল আলী আহমেদ¸ গোৱৰ্ধনা আঞ্চলিক সমিতিৰ সভাপতি আছোৰ উদ্দিন¸ কৰ্মকৰ্তা মহিদুল আলী¸ বৰপেটাৰোড আঞ্চলিক সমিতিৰ সভাপতি আমিৰ আলী¸ উপসভাপতি ইমদাদুল ইছলাম আৰু সচেতন যুৱক আলিমুল ইছলামে। হায়াত ফাউণ্ডেশ্বনৰ এই পদক্ষেপক আদৰণি জনাই ভূক্তভোগীসকলে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে এই কঠিন সময়ৰ মাজতো আশাৰ ৰেঙণী লাভ কৰিছে বুলি জনায়। উল্লেখ্য যে তিনি বছৰ পাৰ হোৱালৈ প্ৰায়কেইটা পৰিয়ালৰ সময় চমু চাপি অহালৈ লক্ষ্য কৰি আহিব লগীয়া প্ৰক্ৰিয়া সম্পৰ্কে মত বিমিময় কৰে সংস্থাটোৰ কৰ্মকৰ্তাসকলে আৰু আহিব লগীয়া প্ৰতিটো কামত হায়াত ফাউণ্ডেচনে সহযোগিতা আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি