Weather Data Source: wetter Bangalore 14 tage

June 25, 2025 2:22 pm

Home » আঞ্চলিক » বাক্সা জিলাৰ কালপানী অঞ্চলত NRCৰ নামত নতুনকৈ অহা জাননীক লৈ ক্ষুব্ধ ৰাইজ

বাক্সা জিলাৰ কালপানী অঞ্চলত NRCৰ নামত নতুনকৈ অহা জাননীক লৈ ক্ষুব্ধ ৰাইজ

মহামান্য উচ্চতম ন্যায়ালয়ৰ মতে হ’ব লাগিব NRC ৰ কামঃ সাজাহান আলী আহমেদ

গোৱৰ্ধানা¸ ৪ আগষ্ট¸ বাক্সা জিলা অন্তৰ্গত চুনবাৰী, বিশপানী, কালপানী আদি গাওঁবোৰত হঠাৎ কৈ এন.আৰ.চিৰ জাননী অহাত আতংকিত হৈ পৰিছে প্ৰায় শতাধিক পৰিয়ালে। যোৱা ২৬ জুনত প্ৰকাশ পোৱা কৰ্তন তালিতাতো নাম নথকা লোকে নিজৰ নাম হঠাৎ কৰ্তন হোৱাত মানসিক ভাবে ভাগি পৰিছে। লক্ষণীয় ভাবে যোৱা ৩০ জুলাইৰ পৰা এন.আৰ.চি কৰ্তৃপক্ষই শুনানীৰ  ২৪ ঘন্টা পূৰ্ব বি.এল.অ’ৰ জৰিয়তে দিয়া জাননী পাই হতাশাত ভূগিছে ৰাইজে । উল্লেখ্য যে পৰিয়ালবোৰৰ কোনো সদস্যৰ নামত ডি চিহ্ন নাই অথবা নথি পত্ৰতো কোনোধৰণৰ বিসংগতি নাই। তৎসত্ত্বেওঁ এন আৰ চি কৰ্তৃপক্ষই এশ, ডেৰশ কিলমিটাৰ দূৰত্বত শুনানীৰ বাবে দিয়া জাননী পাই ক্ষুব্ধ হৈ পৰিছে পৰিয়ালবোৰে। উক্ত ঘটনা সংক্ৰান্তত স্থানীয় যুৱ সমাজ কৰ্মী, সাংবাদিক¸ লেখক সাজাহান আলী আহমেদে উক্ত দুৰ্গত পৰিয়ালবোৰৰ খবৰ লোৱাৰ লগতে যাৱতীয় নথিপত্ৰ পৰীক্ষা কৰি পৰামৰ্শ প্ৰদান কৰে। তেওঁ সংবাদিকক কয় যে এন আৰ চিৰ অন্তিম মূহুৰ্তত কেৱল সংখ্যালঘু ৰাইজক হাৰাশাস্তি কৰাৰ উদ্দেশ্যে এনে কম সময়ত জাননী প্ৰেৰণ কৰি অযথা হাৰাশাস্তি কৰি আছে। যুৱ নেতাগৰাকীয়ে কয় যে যদিহে জাননী প্ৰেৰণ কৰিবলগীয়া আছে তেন্তে মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মতে  নিৰ্ধাৰিত সময়তকৈ ১৫ দিন পূৰ্বে জাননী দিব লাগিব। আহমেদে লগতে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অৱমাননা কৰিলে ৰাইজে মানি নলয়। কালপানী অঞ্চলখনত বেঁকীৰ গড়াখহনীয়াই ঘৰ বাড়ি ভাঙি লৈ যোৱাৰ ফলত পৰিয়ালৰ বহুতো সদস্যই উপাৰ্জন কৰাৰ উদ্দেশ্যে বহিঃৰাজ্যত কাম কৰিবলৈ গৈছে। হিয়াৰিংৰ আগ দিনা জাননী প্ৰেৰণ কৰাত সেই সদস্যসকলে শুনানী কেন্দ্ৰত গৈ উপস্থিত হ’ব নোৱাৰিব। যিসকল সদস্যই সময়ৰ অভাৱত হিয়াৰিত উপস্থিত থাকিবপৰা নাই সেই সদস্যবোৰৰ নাগৰিকত্বৰ প্ৰতি দৃষ্টি ৰাখি পুনৰবাৰ নিময় অনুসৰি সুযোগ দিবলৈ এন আৰ চিৰ সমন্বয়ক আহব্বান জনায় আহমেদে। আজিৰ ভূক্তভোগী ৰাইজৰ সমস্যাসমূহৰ বুজ লবলৈ লগতে বাক্সা জিলা আমছুৰ সাধাৰণ সম্পাদক সাহাদত হুছেইন, বৰপেটা জিলা আমছুৰ সহঃ সাধাৰণ সম্পাদক নজৰুল আলী আহমেদ, গোৱৰ্ধনা আঞ্চলিক আমছুৰ সভাপতি আছোৰ উদ্দিন, সাধাৰণ সম্পাদক নশ্বাদ আলী, বৰপেটাৰোড আঞ্চলিক আমছুৰ সভাপতি আমিৰ হুছেইন, উপ সভাপতি ইমদাদুল ইছলম, স্থানীয় সচেতন যুৱক, ৰাহুল হুছেইন, আমিনুল ইছলাম, শুকুৰ আলী¸ আব্দুছ ছাত্তাৰকে আদি কৰি বহু সংখ্যক সচেতন যুৱকে উপস্থিত থাকে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি