Weather Data Source: wetter Bangalore 14 tage

July 2, 2025 8:36 am

Home » দেশ-বিদেশ » ৰবীশ কুমাৰলৈ ৰমন মেগছেছে বঁটা

ৰবীশ কুমাৰলৈ ৰমন মেগছেছে বঁটা

২০১৯ বৰ্ষৰ প্ৰসিদ্ধ ৰমন মেগেছেছে বঁটা লাভ কৰিছে দেশৰ প্ৰতিষ্ঠিত টিভি সাংবাদিক ৰবীশ কুমাৰে ৷ যোৱা ১ আগষ্টত ৰমন মেগছেছে বঁটা বিজয়ীৰ নাম ঘোষণা কৰে ৰমন মেগছেছে ফাউণ্ডেছনে ৷ ৰবীশ কুমাৰ সহ বিভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠিত এছিয়া মহাদেশৰ পাঁচ গৰাকী ব্যক্তিয়ে চলিত বৰ্ষত লাভ কৰিব এই বঁটা ৷ অহা ৩১ আগষ্টত ফিলিপাইনৰ ৰাজধানী মেনিলাত অনুষ্ঠিত এখন সভাত এই বঁটাটি প্ৰদান কৰা হ’ব ৷ ৰবীশ কুমাৰ সম্প্ৰতি এনডিটিভিৰ জ্যেষ্ঠ পৰিচালন সম্পাদক ৰূপে কৰ্মৰত ৷ ১৯৯৬ চনৰ পৰা ৰবীশ কুমাৰে এনডিটিভিত কাম কৰি আহিছে ৷ নিউজ ডেস্কৰ পৰা কাম আৰম্ভ কৰা ৰবীশ কুমাৰে পিছলৈ তেওঁৰ জনপ্ৰিয় অনুষ্ঠান “ৰবীশ কি ৰিপৰ্ট”, “হাম লোগ” আৰু প্ৰাইম টাইমৰ জৰিয়তে খ্যাতি লাভ কৰে ৷ তেওঁৰ সাংবাদিকতাৰ এই ধাৰাক স্বীকৃতি স্বৰূপে মেগছেছে বঁটা ফাউণ্ডেছনে এই বঁটা প্ৰদান কৰে ৷ ৰবীশ কুমাৰক নিৰ্বাক মানুহৰ কণ্ঠ ৰূপেও অভিহিত কৰা হৈছে ৷ ৰবীশ কুমাৰৰ লগতে এই বঁটাটি আগবঢ়োৱা হৈছে ম্যানমাৰৰ ক্য চ্যুই উইন, থাইলেণ্ডৰ আংখানা নীলাপাইজিত, ফিলিপাইনছৰ ৰাইমুণ্ডু পুজান্তি চায়াবয়াব আৰু দক্ষিণ কোৰিয়াৰ কিম জং কিলৈ ৷
      ৰমন মেগছেছে বঁটা ফিলিপাইনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰমন মেগছেছেৰ সোঁৱৰণত প্ৰতি বছৰে আগবঢ়োৱা আন্তৰ্জাতিক বঁটা ৷ এই বঁটা আন্তৰ্জাতিক বুজাপৰা, সাংবাদিকতা, সাহিত্য আৰু সৃষ্টিশীল কৰ্মৰাজি, সমাজ সেৱা, উজ্জীৱিত নেতৃত্ব, চৰকাৰী সেৱা আৰু ৰাজহুৱা নেতৃত্বৰ বিষয়ত বিশিষ্ট সেৱা আগবঢ়োৱা ব্যক্তিক প্ৰদান কৰা হয় ৷ এই বঁটা ১৯৫৮ চনৰ পৰা প্ৰদান কৰি অহা হৈছে ৷ ১৯৫৭ চনৰ এপ্ৰিল মাহত নিউয়ৰ্ক চিটিৰ ৰকফেলাৰ ব্ৰাদাৰ ফাণ্ডৰ ট্ৰাষ্টিসকলে ফিলিপাইন চৰকাৰৰ লগত মিলি এই বঁটা প্ৰদান কৰিছিল ৷ এই বঁটাক এছিয়াৰ নোবেল বঁটা হিচাপেও অভিহিত কৰা হয় ৷ এছিয়া মহাদেশৰ দেশ সমূহৰ ব্যক্তি বা সংস্থাকহে এই বঁটা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ৷ ১৯৫৭ চনৰ পৰা প্ৰদান কৰি অহা এই বঁটাটি ইতিমধ্যে কেবাগৰাকী বিশিষ্ট ভাৰতীয়ই লাভ কৰিছে ৷ সাংবাদিকতাৰ ক্ষেত্ৰখনত উৎকৃষ্ট সেৱা আগবঢ়োৱাৰ বাবে ১৯৬১ চনত অমিতাভ চৌধুৰী, ১৯৭৫ চনত বি জৰ্জ ভাৰ্গিচ, ১৯৮২ চনত অৰুণ শ্বোৰী, ২০০৭ চনত পি চাইনাথে ৰমন মেগছেছে বঁটা লাভ কৰিছে ৷ অন্যান্য সেৱাত ভাৰতীয় মাজত আছে মাদাৰ টেৰেছা, চুনম ৱাংচুক, ভাৰত বাটৱানী, কীৰণ বেদী, টিএন চেচান, জে এম লিংডু, জয়প্ৰকাশ নাৰায়ন, অৰবিন্দ কেজৰিৱাল, এম এছ চুব্বালক্ষ্মী, মানিভাঈ দেছাই, বাবা আমটে, ভিনোবা ভাবে, এম এছ স্বামীনাথান, বিজৱাড়া ৱিলচন, সত্যজিত ৰায়, সম্ভূ মিত্ৰা, মহাশ্বেতা দেবী অন্যতম ৷ ২০১৯ চনত সাংবাদিকতাৰ ক্ষেত্ৰখনত আগবঢ়োৱা অৱদানৰ বাবে ভাৰতীয় সাংবাদিক ৰবীশ কুমাৰলৈ ৰমন মেগছেছে বঁটা আগবঢ়োৱা হয় ৷ সাম্প্ৰতিক সংবাদ মাধ্যম বিভিন্ন দিশৰ পৰা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ৷ পুঁজিবাদী তন্ত্ৰই সংবাদ মাধ্যমক নিজৰ কব্জাত বন্দী কৰি ৰখাৰ সময়ত এগৰাকী সাংবাদিকে নিজৰ নিষ্টা, সততা আৰু সাংবাদিকতাৰ নীতি-আদৰ্শক বজাই ৰাখি “নিপীড়িত মানুহ”ৰ কণ্ঠ হোৱাটো মুঠেই সহজ কথা নহয় ৷ বহু প্ৰত্যাহ্বান আৰু ঘাত-প্ৰতিঘাতৰ ধুমুহাই কোবাই যোৱাৰ সময়তো নিজৰ স্থিতিত অটল থাকি ৰবীশ কুমাৰ মানুহৰ কণ্ঠ হৈ পৰিছে ৷ তাৰ স্বীকৃতি স্বৰূপে এছিয়া মহাদেশৰ সৰ্বোচ্চ সন্মানীয় ৰমন মেগছেছে বঁটাৰ বাবে নিৰ্বাচিত হৈছে ৷ ৰবীশ কুমাৰে ২০১০ বৰ্ষত হিন্দী ভাষাৰ সাংবাদিকতা আৰু সৃষ্টিশীল সাহিত্যৰ বাবে গণেশ শংকৰ বিদ্যাৰ্থী বঁটা লাভ কৰিছিল ৷ ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে ২০১৪ চনত তেওঁক এই বঁটা প্ৰদান কৰিছিল ৷ তেওঁ ২০১৩ চনত বৰ্ষশ্ৰেষ্ঠ সাংবাদিক আৰু ২০১৭ চনত শ্ৰেষ্ঠ হিন্দী সম্প্ৰসাৰণৰ শাখাত দুবাৰকৈ ৰামনাথ গোয়েংকা উৎকৃষ্ট সাংবাদিকতা বঁটা লাভ কৰিছে ৷ ইংৰাজী সংবাদ পত্ৰ “ইণ্ডিয়ান এক্সপ্ৰেছ”ৰ ২০১৬ চনৰ আটাইতকৈ প্ৰভাৱশালী ১০০ জন ভাৰতীয়ৰ তালিকাত ৰবীশ কুমাৰ অন্তৰ্ভুক্ত হৈছিল ৷ ২০১৬ চনত তেওঁ মুম্বাই প্ৰেছ ক্লাৱৰ শ্ৰেষ্ঠ সাংবাদিকতাৰ ৰেড ইংক বঁটা লাভ কৰিছিল ৷ ২০১৭ চনৰ মাৰ্চ মাহত সাংবাদিকতাৰ জগতত আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে প্ৰথম কুলদ্বীপ নায়াৰ সাংবাদিকতা বঁটা লাভ কৰিছিল ৷ শেহতীয়াকৈ ৰমন মেগছেছে বঁটা লাভ কৰি ৰবীশ কুমাৰে ভাৰতীয় সাংবাদিকতাক এক নতুন মাত্ৰা প্ৰদান কৰিছে ৷ অকল সাংবাদিক হিচাপে নহয়, এগৰাকী লেখক হিচাপেও ৰবীশ কুমাৰ সমানে জনপ্ৰিয় ৷ তেওঁৰ ই‌ষ্ক মে চহৰ হনা, দেখতে ৰহীয়ে, ৰবীশপন্থী, দা ফ্ৰী ভয়চ–অন ডেম’ক্ৰেছী, কালচাৰ এণ্ড দা নেচন” গ্ৰন্থসমূহ পাঠকে আদৰি লৈছিল ৷ ৰমন মেগছেছে বঁটাৰ বাবে নিৰ্বাচিত হোৱা ৰবীশ কুমাৰলৈ অভিনন্দন ৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি