অথঃ NRC সংবাদ
👉 ছফি আহমেদ 2015ইং চনৰ পৰা আৰম্ভ হোৱা NRCৰ কাম আজিলৈকে শেষ হোৱাৰ কোনো সম্ভাৱনা দেখা যোৱা নাই। উচ্চতম ন্যায়ালয়ে NRC প্ৰকাশৰ তাৰিখ সন্দৰ্ভত শেহতীয়াকৈ জাৰি কৰা অধিসূচনা অনুসৰি 2019চনৰ 31আগষ্টেই হব লাগিব চূড়ান্ত NRC প্ৰকাশৰ অন্তিমটো দিন। এই তাৰিখটোক আৰু কোনোপধ্যেই বঢ়াব নোৱাৰিব বুলিও উচ্চতম ন্যায়ালয়ে NRC সমন্বয়ক প্ৰতীক হাজেলাক সকীয়াই থৈছে। শেহতীয়া অধিসূচনাক সাঙুৰি উচ্চতম ন্যায়ালয়ে এতিয়ালৈকে 7বাৰ NRC প্ৰকাশৰ তাৰিখ সন্দৰ্ভত অধিসূচনা জাৰি কৰিলে। শেহতীয়াকৈ NRCৰ কাম কাজৰ গতিৰ পৰা এইটো স্পষ্ট হৈ পৰিছে যে NRCৰ পূৰ্ণ তালিকাখন অহা 31আগষ্টত প্ৰকাশ কৰাটোও প্ৰায় অসম্ভৱৰ দৰে। কাৰন শেহতীয়াকৈ NRCৰ নিস্পত্তিকাৰী বিষয়া আৰু চাপৰ্টিং ষ্টাফক যোৱা ফেব্ৰুৱাৰী মাহতেই হৈ যোৱা speaking order সমুহ পুনৰাই লিখিব দিছে। এই order সমূহ