Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 1:42 pm

Home » অন্যান্য » ডিলিট হোৱা মেচেজ কেনেকৈ পঢ়িব…?

ডিলিট হোৱা মেচেজ কেনেকৈ পঢ়িব…?

আপুনি যদি ৱাটচআপত ভুলতে কোনো আন লোকক মেছেজ প্ৰেৰণ কৰে তেন্তে আপুনি Delete for Everyone ফিচাৰ ব্যৱহাৰ কৰি এই মেছেজ দিলিট কৰি দিয়ে। কিন্তু এই ফিচাৰ ব্যৱহাৰ কৰি যদি কোনো লোকে মেছেজ প্ৰেৰণ কৰাৰ পিছত ডিলিট কৰি দিয়ে তেন্তে মনত প্ৰশ্ন হয় যে আপোনালৈনো কি মেছেজ প্ৰেৰণ কৰিছিল। ৱাটচআপত এই ফিচাৰ ২০১৭ চনৰ শেষত আহিছে।
মেছেজ ডিলিট কৰাৰ বাবে ব্যৱহাৰকাৰীয়ে মেছেজটো ছিলেক্ট কৰাৰ পিছত ডিলিট আইকন ক্লিক কৰিলে দুটা অপচন দেখা যায়।ইয়াৰ পৰা আপুনি Delete for Everyone অপচন ছিলেক্ট কৰি মেছেজটো কৰা হয়। কেতিয়াবা আমাৰ বন্ধুসকলে ধেমালিতেও মেছেজ প্ৰেৰণ কৰি ডিলিট কৰি দিয়ে। যদি এনেকুৱা হয় তেন্তে ডিলিট কৰা মেছেজটো কি আছিল সেয়া কেনেকৈ চাব? যেতিয়া মেছেজ ডিলিট কৰা হয়, সেই স্থানত মেছেজ ডিলিট হোৱা বুলি লিখা দেখা যায় (This message was deleted), এয়া মেছেজ পঠিওৱা আৰু গ্ৰহণ কৰাজনৰ ম’বাইলত দেখা যায়।
কিন্তু তাৰ পিছতো মেছেজ ৰিচিভ কৰা লোকজনে এই মেছেজ পঢ়িব পাৰে। ইয়াৰ বাবে তেওঁ কোনো থাৰ্ড পাৰ্টী এপ ব্যৱহাৰ কৰিব লাগিব যিটোত ফোনৰ ন’টিফিকেচন উপলব্ধ হয় আৰু ন’টিফিকেচনৰ ৰূপত থকা ডিলিট হোৱা মেছেজটো চাব পাৰিব। ৱাটচআপ বৰ্ধিত জনপ্ৰিয়তাৰ বাবে ইয়াত নতুন নতুন ফিচাৰ আগবঢ়োৱা হৈছে। ৰিপ’ৰ্ট অনুসৰি শীঘ্ৰে ৱাটচআপে ছটা নতুন আৰু গুৰুত্বপূৰ্ণ ফিচাৰ সংলগ্ন কৰিব। শীঘ্ৰে ৱাটচআপত উপলব্ধ হ’ব Dark Mode ফিচাৰ।
যেতিয়া আপুনি নিশা ৱাটচআপত কাৰোবাৰ সৈতে মেছেজ কৰে তেতিয়া ফোনৰ ৰশ্মিয়ে চকুত প্ৰভাৱ পেলায়। সেইবাবেই ৱাটচআপে ইয়াৰ বাবে লৈ আহিব Dark Mode ফিচাৰ। এই ফিচাৰ ব্যৱহাৰ কৰিলে ৱাটচআপত বেকগ্ৰাউণ্ড ৰং ক’লা হৈ যাব। যাৰ ফলত ব্যৱহাৰকাৰীৰ চকুত কোনো প্ৰভাৱ নপৰিব।
ৱাটচআপে এনড্ৰইড ব্যৱহাৰকাৰীসকলৰ বাবে আন এক ফিচাৰৰো পৰীক্ষা চলাই আছে। এই ফিচাৰৰ জৰিয়তে অধিক সুৰক্ষিত হ’ব আপোনাৰ ফোনটো। এই নতুন ফিচাৰৰ জৰিয়তে আপুনি ৱাটচআপত ফিংগাৰপ্ৰিণ্টৰ মাধ্যমক খুলিব পাৰিব।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি