ডি ভোটাৰঃ বাক্সাৰ চূণবাৰীৰ আমবৰ আলীৰ আত্মহত্যা

৫০ লাখৰ ক্ষতিপূৰণ দাবী,তদন্তৰ বাবে ২৪ ঘণ্টাৰ চৰম সীমা দল-সংগঠনৰ সাজাহান আলী আহমেদ, বৰপেটাৰোড, ৯ জুলাইঃ উপযুক্ত নথি-পত্ৰ থকাৰ পিছতো ১৯৯৭ চনৰ পৰা ডি ভোটাৰ হিচাপে চিহ্নিত হোৱাৰ লগতে এন আৰ চিৰ জটিলতাৰ বাবে  কালি আত্মহত্যাৰ দৰে চৰম পথ বাছি লয় বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত গোৱৰ্ধনা আৰক্ষী থানাৰ অধিনস্থ চূণবাৰী গাওঁৰ আমবৰ আলী নামৰ ৫৯ বছৰীয়া লোকজনে৷ ১৯৫১, ১৯৭১ৰ পৰা আৰম্ভ কৰি সকলো প্ৰয়োজনীয় বৈধ তথা শুদ্ধ নথি-পত্ৰ মজুত থকা স্বত্বেও তেওঁক ১৯৯৭ চনত ডি ভোটাৰ সজাই মানসিকভাবে হাৰাশাস্তি কৰি আহিছিল৷ ইফালে বাক্সা জিলাৰ সদৰ মুছলপুৰলৈ এন আৰ চিৰ শুনানিৰ বাবে বহুকেইদিন অহা-যোৱা কৰাৰ পিছতো কোনো ধৰণৰ সদুত্তৰ নোপোৱাত শেষত উপায়ন্তৰ হৈ লোকজনে বৰপেটাৰোডৰ সমীপৰ গুৱাগাছাত ৰেলৰ আগত পৰি

সাংবাদিক ছৈয়দ বুলবুল জামানুৰ হকৰ আইতাৰ বিয়োগ, অঞ্চল জুৰি শোকৰ ছাঁ

আনন্দ বজাৰ, ৯ জুলাই, বৰপেটা জিলাৰ চেংলীমাৰি গাওঁৰ ৯২ বছৰীয়া ধৰ্মপ্ৰাণ মহিলা, সাংবাদিক তথা সংবাদ প্ৰহৰীৰ মুখ্য সম্পাদক ছৈয়দ বুলবুল জামানুৰ হকৰ আইতা সহৰ ভানুয়ে তিনি পুত্ৰ, তিনি কন্যাসহ পৰিয়ালৰ সকলোকে কন্দুৱাই চিৰদিনৰ বাবে জীৱন যুঁজত হাৰ মানি আজি দিনৰ প্ৰায় ১-৩০ বজাত নিজ বাসভৱনত ইহ সংহাৰ ত্যাগ কৰে৷ বাৰ্ধক্যজনিত কাৰণত মৃত্যুবৰণ কৰা মহিলা গৰাকীৰ জানাজা আজি আবেলিৰ ভাগত সমাপন হয় বুলি জানিব পৰা গৈছে৷ অঞ্চলটোৰ সহস্ৰ লোকে মহিলাগৰাকীৰ জানাজাত অংশ গ্ৰহণ কৰাৰ লগতে অশ্ৰু-অঞ্জলিৰে শেষ বিদায় জনায়৷ উল্লেখ্য যে বিগত কিছু দিনৰ পৰা শয্যাগত অৱস্থাত থকা সহৰ ভানুৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে৷ ইফালে বিভিন্ন দল-সংগঠনে মহিলাগৰাকীৰ শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে৷