হাউলী চহৰত উচ্ছেদ অভিযান
হাউলী : বৰপেটা জিলাৰ হাউলীত আজি বৰপেটা জিলা প্ৰশাসনৰ সহযোগত হাউলী নগৰ সমিতিয়ে এক উচ্ছেদ অভিযন চলায়৷ হাউলী চহৰৰ মুল পথৰ দুয়োকাষে একাংশ ব্যৱসায়ীয়ে পদপথ দখল কৰি ব্যসায়িক গৃহ গঢ়ি তোলা সকলৰ বিৰুদ্ধে চলায় এই অভিযান৷ আনহাতে চহৰখনৰ বজাৰতো একাংশ ব্যৱসায়ীয়ে গঢ়ি তোলা দোকানঘৰ বাৰাণ্ডা আদি ভাঙি পেলোৱা হয়৷ বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত পুলক পাটগিৰি আৰু উপ আৰক্ষী অধীক্ষক সমিৰন বৈশ্যৰ নেতৃত্বত আৰু আৰক্ষী, চিআৰপিএফ বাহিনীৰ জোৱানসকলৰ সহযেগত চহৰখনত চলোৱা হয় এই উচ্ছেদ অভিযান। হাউলী চহৰৰ পদপথ আৰু বজাৰৰ চৰকাৰী ভূমি বেদখল কৰি অবৈধভাবে গঢি় তোলা প্ৰায় শতাধিক ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলায় জিলা প্ৰশাসনে৷ উল্লেখ্য দীৰ্ঘদিন ধৰি এনেধৰে চলি থকা অবৈধ ব্যৱসাযযিক প্ৰতিষ্ঠানৰ বাবেই হাউলী চহৰত সকলো সময়তে