Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 9:58 am

Home » আঞ্চলিক » যাতায়তৰ ক্ষেত্রত নৰক যন্ত্রনাত ভুগিছে সৰুক্ষেত্রী সমষ্টিৰ ৰাইজ , কান সাৰ নাই জনপ্ৰতিনিধিৰ || ৰাইজে নিৰ্মান কৰিলে পথ

যাতায়তৰ ক্ষেত্রত নৰক যন্ত্রনাত ভুগিছে সৰুক্ষেত্রী সমষ্টিৰ ৰাইজ , কান সাৰ নাই জনপ্ৰতিনিধিৰ || ৰাইজে নিৰ্মান কৰিলে পথ

হাউলী : ৰাজ্যৰ বাট পথৰ দুৰৱস্থাই ইতিমধ্যে উদঙাই দিছে পৰিবৰ্তন কামী চৰকাৰৰ উন্নয়নৰ প্ৰকৃত স্বৰূপ। যাৰ ফলত দৈনিক যাতায়তৰ ক্ষেত্রত নৰক যন্ত্রনা ভোগ কৰিব লগা হৈছে সৰ্বসাধাৰণ ৰাইজে। জনপ্ৰতিনিধিৰ চৰম অৱহেলাৰ বাবে যাতায়তৰ ক্ষেত্রত অতিষ্ঠহৈ ৰাজ্যৰ বিভিন্ন স্থানত ৰাইজে নিজৰ পথ নিজেই নিৰ্মানত ব্যস্ত হোৱা দেখা গৈছে। 
এয়া সৰুক্ষেত্রী সমষ্টিৰ অন্তৰ্গত ৩৫ নং উত্তৰ বেতবাৰী গাওঁ পঞ্চায়তৰ অধীনৰ উত্তৰ কালজাৰ গাওঁৰ দৃশ্য। গাওঁখনৰ মাজেৰে পাৰহৈ যোৱা হাউলী নগৰ সংযোগী পথছোৱা স্বাধীনতাৰ ৭২ বছৰ পিছতো আজিলৈকে পকীকৰণ নহল। আনকি মেৰামতিৰ নামতো আজিলৈকে একোই নকৰি বিধায় কিম্বা কোনো পঞ্চায়ত প্ৰতিনিধিয়ে। ফলত সামান্য বৰষুন দিলেই পথচোৱা যাতায়তৰ বাবে অসম্ভব হৈ পৰে। আনকি একাঠু বোকাৰ মাজৰে যাতায়ত কৰিব লাগে ৰাইজে। ফলত গাওঁ খনৰ ৰাইজে নিজৰ পথ নিজে নিৰ্মান কৰাত এনেদৰে নামি পৰা পৰিলক্ষিত হৈছে। লগতে নিৰ্বাচনৰ সময়ত ভোট ভিক্ষা কৰিবলৈ অহা জনপ্ৰতিনিধিক পশু খেদা দিয়াৰো হুংকাৰ দিয়ে স্থানীয় ৰাইজে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি