|

কি আছে ৰাষ্ট্ৰীয় শিক্ষানীতি ২০১৯ ৰ খচৰা প্ৰতিবেদনত

দেশৰ শিক্ষাৰ আমূল সংস্কাৰৰ বাবে ইছৰোৰ পূৰ্ব মুৰব্বী প্ৰসিদ্ধ বিজ্ঞানী তথা JNU প্ৰাক্তন আচাৰ্য ড° কুমাৰস্বামীৰ কস্তুৰীৰংগণৰ অধ্যক্ষতাৰ কমিটিখনে নতুন কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়ালৰ হাতত অৰ্পণ কৰা খচৰা প্ৰতিবেদনত স্কুলীয়া শিক্ষাৰ পৰিবৰ্তনৰ বাবে কি প্ৰস্তাৱ ৰখা হৈছে— • ৩ বছৰৰ বয়সৰ পৰা স্কুলীয়া শিক্ষা আৰম্ভ হ’ব৷ • শিক্ষাৰ অধিকাৰ আইন ২০০৯ক বিস্তাৰিত কৰি পূৰ্ব ৬-১৪ বছৰৰ শিক্ষাৰ্থীৰ পৰিৱৰ্তে এতিয়া ৩ বছৰৰ পৰা ১৪ বছৰৰ শিক্ষাৰ্থীক আইনৰ অধীনত সাঙুৰি লোৱাৰ প্ৰস্তাৱ৷ • বিলুপ্তি সাধনৰ প্ৰস্তাৱ মেট্ৰীক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। • আৰম্ভ কৰা হ’ব পূৰ্ব ১০+২ ব্যৱস্থাৰ পৰিবৰ্তে ৫+৩+৩+৪ স্কুলীয়া শিক্ষাৰ নতুন ব্যৱস্থা। • নৱম , দশম , একাদশ আৰু দ্বাদশ শ্ৰেণীৰ যোগ্যতাৰ ফলাফল ষাণ্মাসিক (Semester) পদ্ধতিত নিৰূপন কৰা

| |

হিমালয় গ্ৰীন এৱাৰ্ড-২০১৯ৰ বাবে নিৰ্বাচিত নৰ্থ ইষ্ট’ৰ একমাত্ৰ হাছিনা আহমেদ

গুৱাহাটী : সম্প্ৰতি হিমালয় ৱেলফেয়াৰ অৰগেনাইজেচনৰ “হিমালয় গ্ৰীণ এৱাৰ্ড ২০১৯”ৰ বাবে নৰ্থ ইষ্টৰ পৰা “কমিউনিটি ডেভেলপমেন্ট কেটেগৰীত” নিৰ্বাচিত হৈছে নলবাৰী জিলাৰ লাৰকুচি গাঁও নিবাসী শিক্ষক ফুলচান্দ আলী আৰু মাতৃ হাজেৰা বেগমৰ কন্যা তথা প্ৰাক্তন সাংবাদিক, হিউমেনিটি কনচাৰ্ণ এন জি অ’ আৰু আমছুৰ কেন্দ্ৰীয় সাংগঠণিক সম্পাদিকা হাছিনা আহমেদে। অহা ১৬ জুনত কাশ্মীৰৰৰ পেহেলগামত প্ৰদান কৰা হ’ব এই এৱাৰ্ড।  উল্লেখ্য যে, ভাৰতবৰ্ষৰ মুঠ ৩০ গৰাকী লোকক বিভিন্ন শিতানত এই এৱাৰ্ড প্ৰদান কৰা হ’ব। ৭ জুনৰ সন্ধিয়া হাছিনাই পোৱা পত্ৰ অনুসৰি নৰ্থ ইষ্টৰ ভিতৰত একমাত্ৰ হাছিনা আহমেদেই উক্ত বঁটাৰ বাবে নিৰ্বাচিত হৈ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। যদিও দুৰ্ভাগ্যবসত বিশেষ কৰ্ম ব্যস্ততাৰ বাবে অহা ১৬ জুনত উক্ত অনুষ্ঠানটিত হাছিনাই উপস্থিত থাকিব নোৱাৰিব।