Weather Data Source: wetter Bangalore 14 tage

June 25, 2025 12:47 pm

Home » আঞ্চলিক » সত্যতাত প্ৰমাণিত সংবাদ প্ৰহৰীৰ বাতৰি : গৃহৰক্ষী জোৱান নিযুক্তিত ভুৱা প্রমাণপত্ৰ যোগান ধৰা অচ্যুত পাঠকক গ্রেপ্তাৰ

সত্যতাত প্ৰমাণিত সংবাদ প্ৰহৰীৰ বাতৰি : গৃহৰক্ষী জোৱান নিযুক্তিত ভুৱা প্রমাণপত্ৰ যোগান ধৰা অচ্যুত পাঠকক গ্রেপ্তাৰ

গুৱাহাটী : গৃহৰক্ষী জোৱান নিযুক্তিৰ নামত খেলিমেলি সংঘটিত কৰাৰ অভিযােগত বৰপেটা জিলা গৃহৰক্ষী বাহিনীৰ প্রাক্তন সভাপতিক আৰক্ষীয়ে গ্রেপ্তাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰামতে আৰক্ষীৰ হাতত গ্রেপ্তাৰ হােৱা সন্থাৰ প্ৰাক্তন সভাপতিগৰাকী হৈছে অচ্যুত পাঠক।
আৰক্ষী সূত্রই জানিবলৈ দিয়া অনুসৰি গৃহৰক্ষী বাহিনীত নিযুক্তি দিয়াৰ নামত সন্থাৰ প্রাক্তন সভাপতিগৰাকী তথা গৃহৰক্ষী জোৱানগৰাকীয়ে একাংশক ভুৱা প্রমাণপত্র প্রস্তুত কৰি দিয়াৰ ক্ষেত্ৰত সহায় কৰিছিল। ইয়াৰ বিনিময়ত অচ্যুত পাঠকে ধন সংগ্রহ কৰা বুলিও অভিযােগ উত্থাপন হৈছে। এই অভিযােগৰ ভিত্তিতে আৰক্ষীয়ে অদ্ভুত পাঠকক গ্রেপ্তাৰ কৰে।
জানিব পৰা মতে ২০০৯ চনত বৰপেটা জিলা প্রশিক্ষণপ্রাপ্ত গৃহৰক্ষী সন্থাৰ সভাপতি হৈ থকা সময়তে বৰপেটা সত্ৰৰ বাৰাদী গাঁৱৰ অচ্যুত পাঠক নামৰ গৃহৰক্ষী বাহিনীৰ জোৱানজনে কেইবাজনাে যুৱকক বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত কিছুদিন প্রশিক্ষণ প্রদান কৰিছিল। পৰৱৰ্তী সময়ত ২৫-৩০ হেজাৰ টকাৰ বিনিময়ত গৃহৰক্ষী জোৱানৰ প্রশিক্ষণ সম্পূর্ণ কৰা বুলি প্রমাণপত্র প্রদান কৰে বুলিও অভিযােগ উত্থাপন হয়।
পাঠকে প্রদান কৰা প্রমাণপত্ৰৰ ভিত্তিতে বৰপেটা জিলাৰ বিভিন্ন প্রান্তৰ কেইবাজনাে যুৱকে গৃহক্ষী বাহিনীৰ জোৱান হিচাপে নিযুক্তি লাভ কৰে বুলিও আৰক্ষী সূত্রই জানিবলৈ দিয়ে। নিযুক্তি লাভ কৰা জোৱানকেইজনে বিভিন্ন স্থানত নিয়ােজিত হয়। নিয়ম অনুসৰি কিছুদিন পূর্বে এই জোৱানকেইজনৰ পুনৰ নিযুক্তি প্রক্রিয়া আৰম্ভ হয় আৰু জোৱানকেইজনৰ প্রমাণপত্র পুনৰীক্ষণ কৰা হয়। জোৱানকেইজনৰ প্রমাণপত্ৰৰ পুনৰীক্ষণৰ সময়ছােৱাত প্রমাণপত্রসমূহ ভুৱা বুলি প্রতিপন্ন হয়। এই প্রমাণপত্ৰসমূহত বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত, বৰপেটা জিলাৰ গৃহৰক্ষী বাহিনীৰ হাবিলদাৰ, মেজৰ আৰু ট্রেইনিং ইনচার্জৰ চহীও আছে বুলিও জানিব পৰা গৈছে। অৱশ্যে এই চহীসমূহ জাল নে প্রকৃত সেয়া এতিয়াও নিশ্চিত হ’ব পৰা নাই আৰক্ষী। এইক্ষেত্ৰত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
বিষয়টো সন্দৰ্ভত সােধা-পােছাৰ বাবে আৰক্ষীয়ে আটক কৰা অচ্যুত পাঠকক পিচত গ্রেপ্তাৰ কৰি আজি আদালতত হাজিৰ কৰায়। আদালতত হাজিৰ কৰাৰ পিচত গ্রেপ্তাৰ কৰা জোৱানজনক আদালতে দুদিনৰ বাবে আৰক্ষীৰ জিম্মাত দিয়ে। ইপিনে গৃহৰক্ষী বাহিনীৰ জোৱান নিযুক্তিৰ নামত হােৱা কেলেংকাৰী পােহৰলৈ অহাৰ পিচতে বৰপেটাৰ আৰক্ষী মহলত ব্যাপক চর্চা লাভ কৰিছে বিষয়টোৱে। ঘটনা সন্দৰ্ভত অধিক তথ্য লাভৰ উদ্দেশ্যে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। আৰক্ষীৰ তদন্ত সম্পন্ন হােৱাৰ পিচতহে বহু তথ্য পােহৰলৈ আহিব বুলি বিভিন্ন মহলে মত পােষণ কৰিছে।

উল্লেখ্য যে সন্থাৰ প্ৰাক্তন সভাপতি অচ্যুত পাঠকৰ এনে কু-কৰ্ম সৰ্বপ্ৰথমে সংবাদ প্ৰহৰীত সবিস্তাৰে প্ৰকাশ কৰা হৈছিল৷ তাৰ পিছতো দুৰ্নীতিৰ ক্ষেত্ৰত শূণ্য সহনশীলতা দেখুওৱা বুলি দম্ভালি মৰা ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে সংশ্লিষ্ট বিভাগে চকু মুদা কুলিৰ ভাও জুৰি আছিল৷ অৱশ্যে পলমকৈ হলেও ‘সংবাদ প্ৰহৰী’ৰ বাতৰি সত্যতাত প্ৰমাণিত হ’ল৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি