সত্যতাত প্ৰমাণিত সংবাদ প্ৰহৰীৰ বাতৰি : গৃহৰক্ষী জোৱান নিযুক্তিত ভুৱা প্রমাণপত্ৰ যোগান ধৰা অচ্যুত পাঠকক গ্রেপ্তাৰ
গুৱাহাটী : গৃহৰক্ষী জোৱান নিযুক্তিৰ নামত খেলিমেলি সংঘটিত কৰাৰ অভিযােগত বৰপেটা জিলা গৃহৰক্ষী বাহিনীৰ প্রাক্তন সভাপতিক আৰক্ষীয়ে গ্রেপ্তাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰামতে আৰক্ষীৰ হাতত গ্রেপ্তাৰ হােৱা সন্থাৰ প্ৰাক্তন সভাপতিগৰাকী হৈছে অচ্যুত পাঠক। আৰক্ষী সূত্রই জানিবলৈ দিয়া অনুসৰি গৃহৰক্ষী বাহিনীত নিযুক্তি দিয়াৰ নামত সন্থাৰ প্রাক্তন সভাপতিগৰাকী তথা গৃহৰক্ষী জোৱানগৰাকীয়ে একাংশক ভুৱা প্রমাণপত্র প্রস্তুত কৰি দিয়াৰ ক্ষেত্ৰত সহায় কৰিছিল। ইয়াৰ বিনিময়ত অচ্যুত পাঠকে ধন সংগ্রহ কৰা বুলিও অভিযােগ উত্থাপন হৈছে। এই অভিযােগৰ ভিত্তিতে আৰক্ষীয়ে অদ্ভুত পাঠকক গ্রেপ্তাৰ কৰে। জানিব পৰা মতে ২০০৯ চনত বৰপেটা জিলা প্রশিক্ষণপ্রাপ্ত গৃহৰক্ষী সন্থাৰ সভাপতি হৈ থকা সময়তে বৰপেটা সত্ৰৰ বাৰাদী গাঁৱৰ অচ্যুত পাঠক নামৰ গৃহৰক্ষী বাহিনীৰ জোৱানজনে কেইবাজনাে যুৱকক বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ