Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 1:45 pm

Home » আঞ্চলিক » ‘মই ভাৰতীয় আৰু মোৰ কোষৰ পৰা জন্ম দিয়া পুত্ৰ বাংলাদেশী কেনেকৈ হ’ল ?’- মাতৃ

‘মই ভাৰতীয় আৰু মোৰ কোষৰ পৰা জন্ম দিয়া পুত্ৰ বাংলাদেশী কেনেকৈ হ’ল ?’- মাতৃ

ডিটেনশ্বনত বন্দী কদম আলীৰ পৰিয়ালৰ কাষত মানৱধিকাৰ কৰ্মী,
আৰ্থিক সাহায্য প্ৰদান।

২৭ মে’ বৰপেটাৰোডঃ
বাক্সা জিলাৰ গোৱৰ্দ্ধনা আৰক্ষী থানাৰ নিচেই কাষৰ ডিটেনশ্বনত বন্দী কদম আলীৰ পৰিয়ালৰ ওচৰত থিয় হ’ল এপিআইচিআৰৰ সাধাৰণ সম্পাদক সাজাহান আলী আহমেদ৷ ঘটনাৰ বিবৰণী মতে যোৱা প্ৰায় আঢ়ৈ বছৰে গোৱালপাৰা ডিটেনশ্বন কেম্পত বন্দী হৈ আছে দৰিদ্ৰ কদম আলী৷ ফলত তেওঁৰ বৃদ্ধ পিতৃ-মাতৃ, পত্নী আৰু কণ কণ চাৰি সন্তানৰে মুঠ ৭ জনীয়া পৰিয়াল সৰ্বহাৰা হৈ পৰিছে৷
 একমাত্ৰ উপাৰ্জনকাৰী কদম আলী ডিটেনশ্বন কেম্পত বন্দী হোৱাৰ বাবে সমগ্ৰ পৰিয়ালটো বিধ্বস্ত হৈ পৰিছে৷ পিতৃ-মাতৃৰ একমাত্ৰ পুত্ৰ কদম আলীয়ে কঠোৰ পৰিশ্ৰমৰ বলত প্ৰায় ১০ বিঘা মাটি বন্দকত লৈ খেতি কৰি সুখী পৰিয়ালৰ মাজত আনন্দেৰে জীৱন-যাপন কৰি আছিল যদিও বিদেশী ন্যায়াধীকৰণৰ জাননী লাভ কৰি হতভম্ব হৈ পৰে তেওঁ৷ ৩৪৪/২০১৫ নম্বৰৰ গোচৰত ১-০৮-২০১৬ তাৰিখে অধিবক্তা জাকিৰ হোছেইন শিকদাৰৰ সহযোগত বৰপেটাৰ বিদেশী ন্যায়াধীকৰণ ৯ ত উপস্থিত হৈ ভাৰতীয় হোৱাৰ সকলো প্ৰমাণ লিখিত ৰূপত জমা দিছিল যদিও তেওঁক বিদেশী হিচাপে ঘোষণা কৰি বন্দী কৰি ৰখা হয়৷ সৰ্বহাৰা পৰিয়ালৰ বেদনা ভৰা কাহিনী জানিব পাৰি মানৱধিকাৰ কৰ্মী, ইউটিউবাৰ তথা ডি ভোটাৰসকলৰ দ্বাৰা গঠন কৰা APICR ৰ সাধাৰণ সম্পাদক সাজাহান আলী আহমেদে ১৯ মে’ তাৰিখে ইউটিব আৰু ফেচবুকত থকা VOICE Riser ত উক্ত পৰিয়ালৰ এটা ভিডিঅ বনাই প্ৰচাৰ কৰে আৰু পৰিয়ালটোক সহায় কৰাৰ বাবে ৰাইজৰ ওচৰত আহ্বান জনায়৷ অতি কম সময়ত কোলাত কেচুৱালৈ মৰ্মান্তিক কাহিনী বৰ্ণাই থকা মহিলা আনোৱাৰা খাতুনৰ ভিডিঅ ভাইৰেল হৈ পৰে। ভিডিঅত দিয়া আহ্বান মৰ্মে প্ৰায় ১০ হাজাৰ টকা সংগ্ৰহ হয়৷ 
আজি সাজাহান আলী আহমেদৰ নেতৃত্বত আমছু, এবিএমছুৰ কৰ্মী আৰু ৰাইজৰ উপস্থিতিত উক্ত পৰিয়ালটোক উক্ত আৰ্থিক সাহায্য প্ৰদান কৰা হয়৷ আৰ্থিক অনুদান প্ৰদান কৰি আহমেদে সাংবাদিকক জানিবলৈ দিয়ে যে কদম আলীৰ গোচৰ প্ৰয়োজন সাপেক্ষে উচ্চতম ন্যায়ালয়লৈ লৈ যোৱাৰ বাবে APICR য়ে সমস্ত দায়িত্ব গ্ৰহণ কৰিব৷ ইফালে মাতৃয়ে তেওঁলোকৰ পৰিয়ালৰ প্ৰতি চৰকাৰে কৰা চৰম অন্যায়ৰ কথা ব্যক্ত কৰি কয় যে ‘মই ভাৰতীয় আৰু মোৰ কোষৰ পৰা জন্ম দিয়া পুত্ৰ বাংলাদেশী কেনেকৈ হ’ল ? চৰকাৰে আমাৰ লগত চৰম অন্যায় কৰিছে।’

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি