Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 10:22 pm

Home » আঞ্চলিক » ফেচবুক গ্ৰুপ ‘আজৰি পৰৰ ইতিবাচক চিন্তা’ৰ প্ৰশংসনীয় পদক্ষেপ

ফেচবুক গ্ৰুপ ‘আজৰি পৰৰ ইতিবাচক চিন্তা’ৰ প্ৰশংসনীয় পদক্ষেপ

ফে’চবুকৰ জৰিয়তে একত্রিত হােৱা এচাম বন্ধুৱে যােৰহাটত আৰম্ভ কৰিলে অনাথ আশ্রম

গুৱাহাটী : ছ’চিয়েল মিডিয়া এতিয়া একমাত্র আমােদ-প্রমােদ আৰু ৰাজনৈতিক বিদ্বেষ বিয়পাবৰ বাবেই চলি থকা নাই। শেহতীয়াকৈ কংক্রিটৰ অৰণ্যত বন্দী ব্যস্ত মানুহৰ বাবে ফেচবুক বা ছ’চিয়েল মিডিয়া হৈ পৰিছে সমাজ পৰিৱর্তনৰ আহিলা। সম্প্রতি ফে’চবুকৰ জৰিয়তে একত্রিত হােৱা এচাম বন্ধুৱে যােৰহাটত আৰম্ভ কৰিলে এখন অনাথ আশ্রম।
‘আজৰি পৰৰ ইতিবাচক চিন্তা’ নামৰ ফেচবুক গ্রুপটোৰ সদস্যসকলে যোৱা ২৬ মে’ত ‘নিৰাশ্রয় ভৱন’ নামৰ এই অনাথ আশ্রমখনৰ আধাৰশিলা স্থাপন কৰি ছ’চিয়েল মিডিয়াৰ এক নতুন সম্ভাৱনাৰ ইংগিত বহন কৰাৰ লগতে ছ’চিয়েল মিডিয়াৰ জয়যাত্রাৰ অন্যতম সাক্ষী হৈ ৰ’ল। ‘নিৰাশ্রয় ভৱন’ নামৰ এই অনাথ আশ্রমখনৰ আধাৰশিলা স্থাপনৰ বাবে যােৰহাটত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাখনত গোটটোৰ প্ৰায় ডেৰ শতাধিক সদস্য-সদস্যাই উপস্থিত থাকে৷
‘আজৰি পৰৰ ইতিবাচক চিন্তা’ নামৰ গ্রুপটোৰ সম্পাদক আব্দুল ৰেকিবে জানিবলৈ দিয়া মতে, খুব কম সময়ৰ ভিতৰত যােৰহাটৰ উপকণ্ঠৰ গড়মূৰ দুলীয়াগাঁৱত এই অনাথ আশ্ৰমখনৰ নির্মাণ সম্পূর্ণ কৰি তােলা হ’ব আৰু এই অভিলাষী প্রকল্পটোৰ বাবে ফেচবুকৰ সদস্যসকলৰ পৰাই আর্থিক অনুদান লােৱা হ’ব। উল্লেখযোগ্য যে এই অনাথ আশ্ৰমখনৰ বারে ২ কঠা মাটি দান কৰিছে দুলীয়াগাঁৱৰ চাহ ব্যৱসায়ী ৰাজেন কলিতাই। তেওঁ ফে’চবুকতে এই প্রকল্পটোৰ কথা জানিব পাৰি নিজৰ ২ কঠা মাটি দান কৰাৰ সিদ্ধান্ত লয়।
‘নিৰাশ্ৰয় ভৱন’ৰ বারে ২ কঠা মাটি দান কৰিছে দুলীয়াগাঁৱৰ চাহ ব্যৱসায়ী ৰাজেন কলিতা
গুৰুত্বপূৰ্ণ কথা যে ‘আজৰি পৰৰ ইতিবাচক চিন্তা’ নামৰ গ্রুপটোৰ সদস্যসকলে নিজাববীয়াকৈ এক দলিলতাে চুক্তি কৰিছে যে ভৱিষ্যতে কোনেও অনাথ আশ্ৰমৰ বাবে দান কৰা মাটি আন উদ্দেশ্যত ব্যৱহাৰ কৰিব নােৱাৰিব। জানিব পৰা মতে, সমাজৰ অতি পিছপৰা আৰু প্ৰকৃতাৰ্থত অনাথ বিশজন ছাত্রছাত্রীয়ে প্রথম অৱস্থাত নিৰাশ্রয় ভৱন নামৰ প্রকল্পটো আৰম্ভ কৰা হব আৰু ইয়ালৈ অনা শিশুসকলক শিক্ষাদানৰ পৰা আৰম্ভ কৰি আত্মনিৰ্ভৰশীল কৰালৈকে সকলাে ব্যৱস্থা গ্ৰহণ কৰা হ’ব যাতে এইসকল শিশু শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈয়ে হেৰাই যায় বা বিপথে যাব লগা নহয়।
স্মৰ্তব্য যে ফে’চবুকৰ জৰিয়তেই একত্রিত হােৱা আজৰি পৰৰ ইতিবাচক চিন্তাৰ সদস্যসকলে দীর্ঘদিনৰ পৰাই – আর্থিকভাৱে দুর্বল মেধাৱী ছাত্র-ছাত্রী, বিশেষভাৱে সক্ষমলৈকে আৰু বানপীড়িতক আর্থিক আৰু মানসিক সহায়ৰ হাত আগবঢ়াই আহিছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি