Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 10:35 pm

Home » আঞ্চলিক » ৰংবং তেৰাঙলৈ অসম সাহিত্য সভাৰ লুম্মেৰ দাই সাহিত্য বঁটা

ৰংবং তেৰাঙলৈ অসম সাহিত্য সভাৰ লুম্মেৰ দাই সাহিত্য বঁটা

অসম-অৰুণাচলবাসীৰ মাজৰ সমন্বয়ৰ প্রতীক, নমস্য সাহিত্যিক, ‘পাহাৰৰ শিলে শিলে’, ‘পৃথিৱীৰ হাঁহি’, ‘মন আৰু মন ’,‘ওপৰ মহল’, ‘কন্যা মূল্য’ আদি গ্রন্থৰ স্ৰষ্টা লুম্মেৰ দাইৰ সোঁৱৰণত অসম সাহিত্য সভাই ২০০৯ বৰ্ষৰ পৰা প্ৰতি দুবছৰৰ মূৰে মূৰে প্ৰদান কৰি আহিছে ‘লুম্মেৰ দাই সাহিত্য বঁটা’। 
অসম সাহিত্য সভাৰ এই বিশেষ বটা এইবাৰ আগবঢ়োৱা হৈছে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, ‘ৰংমিলিৰ হাঁহিৰ; স্ৰষ্টা তথা পদ্মশ্রী ৰংবং তেৰাঙলৈ। ১ জুনত অসম সাহিত্য সভাৰ সাহিত্যসূর্য উপাধিৰে বিভূষিত লুম্মেৰ দাইৰ ৮০ সংখ্যক জন্মদিৱসৰ লগত সংগতি ৰাখি এই বঁটা আনুষ্ঠানিকভাৱে তেজপুৰব লুম্মেৰ দাই ভৱনত প্রদান কৰা হ’ব। অসম সাহিত্য সভাৰ উদ্যোগত আৰু শােণিতপুৰ জিলা সাহিত্য সভাৰ লগতে তেজপুৰ সাহিত্য সভাৰ যৌথ সহযােগত 
এই উদ্দেশ্যে আয়ােজন কৰা লুম্মেৰ দাই সাহিত্য বঁটা প্রদান অনুষ্ঠানৰ বাবে আয়ােজক সমিতিয়ে ব্যাপক তৎপৰতা গ্রহণ কৰিছে। উক্ত দিনা পুৱা অসম সাহিত্য সভাৰ পতাকা উত্তোলনৰ পাছত সাহিত্যসূর্য লুম্মেৰ দাইলৈ শ্রদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰিব লুম্মেৰ দাইৰ পুত্র ইটানগৰস্থিত মিনাং দায়ে। আনহাতে, মুখ্য তর্পক হিচাপে অংশগ্রহণ কৰিব তেজপুৰ সাহিত্য সভাৰ সভাপতি ড° ভূপেন শইকীয়াই। ইয়াৰ পাছতে দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হ’বলগা মুকলি সভা আৰু বঁটা প্রদান অনুষ্ঠানত পৌৰােহিত্য কৰিব অসম সাহিত্য সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশীয়ে। 
তেজপুৰৰ বিধায়ক তথা প্রাক্তন শিক্ষামন্ত্রী বৃন্দাবন গোস্বামীয়ে উদ্বোধন কৰিবলগা এই মুকলি সভা আৰু বঁটা প্রদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰিব অৰুণাচল প্রদেশব লিটাৰেৰী হ’চাইটিৰ উপ-সভাপতি টুকং পার্টিনে। আনহাতে, শােণিতপুৰৰ উপায়ুক্ত নৰসিং পৱাৰে সন্মানীয় অতিথি হিচাপে অংশগ্রহণ কৰিবলগা এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰিব অৰুণাচল প্রদেশৰ আদি বানে কেবাংৰ সভাপতি অবাং দাই আৰু আমন্ত্রিত অতিথি হিচাপে অংশগ্ৰহণ কৰিব প্ৰচাৰ ভাৰতীৰ উপদেষ্টা তথা আকাশবাণী আৰু দূৰদৰ্শন কেন্দ্র প্রাক্তন অতিৰিক্ত সঞ্চালক প্রধান দেবেন্দ্র নাথ বসুমতাৰীয়ে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি